ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত

ধুমুহাৰ ধ্বংসাত্মক শক্তিক সৃষ্টিৰ কামত লগোৱা হৈছে জাপানত

Thursday November 24, 2016,

2 min Read

ধুমুহা আৰু ঘূৰ্ণীবতাহ মূলতঃ ধ্বংসৰ প্ৰতীক । ধল-জনৰ ব্যাপক ক্ষতি কৰে ধুমুহা আৰু ঘূৰ্ণীয়ে । কিন্তু জাপানৰ এজন অভিযন্তা উদ্যমীয়ে বিশ্বৰ প্ৰথমটো ঘূৰ্ণী টাৰ্বাই সাজি উলিয়াইছে এই ধ্বংসাত্মক শক্তিক ব্যৱহাৰৰ বাবে আহৰণ কৰিবলৈ । আতুশ্বি শ্বিমিজু নামৰ এই অভইযল্তাজনৰ মতে মাত্ৰ এটা ঘূৰ্ণীৰপৰাই এই টাৰ্বাইনে সমগ্ৰ জাপান ৫০ বছৰ চলিবপৰাকৈ শক্তি আহৰম কৰিব পাৰিব ।

Image : Challenergy

Image : Challenergy


পাৰমাণবিক শক্তিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল জাপাানে লাহে লাহে পাৰমাণবিক শক্তিক বিদায় দিয়াৰ পৰিকল্পনা কৰিছে । বিশেষকৈ ২০১১ চনৰ বিধ্বংসী চুনামী আৰু ভুমিকম্পই ইতিমধ্যে কেইবাটাও পাৰমাণবিক প্ৰকল্পক ক্ষতিগ্ৰস্ত কৰি দেশবাসীক বিপদত পেলাইছে । বৰ্তমান জাপানে ৮৪ শতাংশ শক্তি বিদেশৰপৰা কিনি লয় ।

"দশক দশক জুৰি জাপানে ইউৰোপীয় আৰ্হিৰ উইণ্ডমিল ব্যৱহাৰ কৰি আহিছে যিবোৰ জাপানৰ জলবায়ুৰ সৈতে খাপ নাখায় আৰু এইবোৰ প্ৰায়ভাগেি আজি বিকল ।" আতুশ্বিয়ে কয় ।

২০১৩ চনত চাকৰি বাদ দি আতুশ্বিয়ে এটা টাৰ্বাইন নিৰ্মাণৰ কাম আৰম্ভ কৰে যিটো ঘূৰ্ণীবতাহতো ক্ষতিগ্ৰস্ত নহয় । কেইবাবাৰে পৰীক্ষা নিৰীক্ষা কৰাৰ পাছত তেওঁ আৰু তেওঁৰ অভিযন্তাসকল এটা সঠিক টাৰ্বাইন বনোৱাত সফল হয় । জাপানত প্ৰতিবছৰে এক উৎসৱৰ ৰূপ লোৱা টাইফুন বা ঘূৰ্ণীবতাহৰপৰা শক্তি আহৰণ কৰাত সমৰ্থ এই টাৰ্বাইন । 

টাইফুনক মূলতঃ ধ্বংসৰ বাহক হিচাপে চোৱা হয় যদিও বিজ্ঞানীসকলৰ মতে এটা এটা টাইফুনৰ সময়ত সৃষ্টি হোৱা শক্তি বিশ্বত এদিনত প্ৰস্তুত হোৱা আধাখিনি বিদ্যুৎ শক্তিৰ সমান ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

অলিম্পিক মেডেল, গোলগপ্পাৰ ব্যৱসায়: সীতা ছাহুৱে দেখিছে বহু উত্থান পতন

ষ্টাৰ্ট-আপ ছ’চিয়েল মিডিয়া মাৰ্কেটিঙৰ ৭ টা বেয়া লক্ষণ

এটা ব্যৱসায় আৰম্ভ কৰাৰ আগত কাৰ পৰামৰ্শ ল'ব আৰু কাৰ নল'ব

ৰেষ্টোৰাঁৰ পাকঘৰৰ মজিয়াত শোৱা শিশুটি আজি 'ইডলী কিং' : পি.ৰাজাগোপালৰ ছাৰাৱানা ভৱন