এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

Friday November 25, 2016,

2 min Read

কাশ্মীৰৰ পুলৱামা জিলাৰ ডাডোৰা গাৱঁৰ বাস কৰে ৩৮ বছৰীয়া নুছৰত জহান আৰাই । ২০১০ চনত এই কম্পিউটাৰ স্নাতকগৰাকীয়ে নিজৰ চৰকাৰী চাকৰিটো বাদ দি তেওঁৰ নিজা ব্যৱসায় আৰম্ভ কৰে । নিজৰ পৈতৃক ঘৰৰ পিছ চোতালত তেওঁ ফুলৰ খেতি কৰি বিক্ৰী কৰিবলৈ ধৰে । আজি তেওঁ কেৱল নিজা কোম্পানী চলোৱাই নহয় কাশ্মীৰৰ ফুলৰ ব্যৱসায়ক পুনৰুজ্জীৱিত কৰাতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । 

Image : Outlook India

Image : Outlook India


আৰম্ভণী সহজ নাছিল । কোনো ধৰণৰ বিনিয়োগকাৰী অথবা সহায় নোহোৱাকৈ নুছৰতে ব্যৱসায় আৰম্ভ কৰিছিল । নিজৰ সমস্ত সঞ্চিত ধন খৰচ কৰি তেওঁ সৰুকৈ ব্যৱসায়টো আৰম্ভ কৰিছিল । "কাশ্মীৰত পাৰ্লাৰ বা বুটিকৰ বাহিৰে মহিলাই আন ব্যৱসায় আৰম্ভ কৰাটো ভাল চকুৰে চোৱা নহয় । আনকি চৰকাৰেও মোক সহায় কৰিবলৈ ইচ্ছা কৰা নাছিল ।" তেওঁ কয় ।

অৱশ্যে এবাৰ আৰম্ভ কৰাৰ পাছত পাছলৈ ঘুৰি চোৱা নাই নুছৰতে । প্ৰথমতে ক্ষুদ্ৰ ব্যৱসায়ী সকলক বাকীত বস্তু দিয়াৰপৰা বেংকৰ ঋণ লোৱালৈকে নুছৰতে নিজৰ ব্যৱসায় বহলোৱাৰ কোনো চেষ্টাত ত্ৰুটি কৰা নাই । বৰ্তমান তেওঁ তিনিখন ফুলৰ বাগিচা আৰু এটা খুচুৰা বিক্ৰী কেন্দ্ৰৰ মালিক । তেওঁৰ কোম্পানী পেটেলছ এণ্ড ফাৰ্ণছত ২০ গৰাকী কৰ্মচাৰী আছে আৰু তেওঁৰ প্ৰতিষ্ঠানৰ বাৰ্ষিক আয় ২ কোটি টকা ।

আনহেত হিমালয়ান এগ্ৰ' ফাৰ্ম নামৰ এটা কোম্পানীৰ নামত নুছৰতে কাশ্মীৰ এছেঞ্চ নামৰ এটা হ'ম কেয়াৰ আৰু পাৰ্ছনেল কেয়াৰ ব্ৰেণ্ডৰো ব্যৱসায় কৰে । পাৰম্পৰিক কাশ্মীৰী সুগন্ধিক জনপ্ৰিয় কৰাৰ লক্ষ্যৰে তেওঁ এই ব্যৱসায় কৰে । 

"আমাৰ বস্তনিৰ্মিত হ'ম কেয়াৰ আৰু পাৰ্ছনেল কেয়াৰ সামগ্ৰীবোৰে প্ৰসাধনৰপৰা ভেষজ চাহলৈকে বিভিন্ন সামগ্ৰী উৎপাদন কৰে । শ শ বছৰ পুৰণি আয়ুৰ্বেদিক আৰু ভেষজ পদ্ধতিৰে আমি এই সামগ্ৰী সমূহ প্ৰস্তুত কৰোঁ । এইবোৰ ৯০ শতাংশ ভেষজ।" নুছৰতে কয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আনক সহায় কৰাটো মোৰ অধিকাৰঃ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক ড° উদ্ধৱ ভৰালী

'ভাল' যেন লগা 'বেয়া' ষ্টাৰ্ট-আপ পৰিকল্পনাৰ পৰা কেনেকৈ বাচিব পাৰি

মানৱ সৰবৰাহৰ চিকাৰ হোৱা আনোয়াৰা আজি আন্তঃৰাষ্ট্ৰীয় শিশু অধিকাৰ কৰ্মী

ছত্তিছগড়ৰ ভিতৰুৱা অঞ্চলত অজয়ৰ বাইক এম্বুলেন্সেই সাৰথি