নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

নাছাৰ তৃতীয়জন ভাৰতীয় মূলৰ মহাকাশচাৰী ৰাজা চেৰী

Friday June 09, 2017,

2 min Read

আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছা যোৱা বিশ বছৰৰ সৰ্ববৃহৎ মহাকাশচাৰীৰ দল পঠিয়াবলৈ সাজু হৈছে । এই দলটোৰ ১২ জন মহাকাশচাৰীৰ ৭ জন পুৰুষ আৰু ৫ গৰাকী মহিলা । এওঁলোকক নিৰ্বাচন কাৰ হৈছে ১৮০০০ আবেদনকাৰীৰ মাজৰপৰা । এই দলটোৰ অন্যতম সদস্য হৈছে লেফটেনেন্ট কৰ্ণেল ৰাজা চেৰী । 

Image source: Huffington Post

Image source: Huffington Post


মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আইঅ'ৱা অঞ্চলৰ বাসিন্দা ৰাজাই ১৯৯৯ চনত ইউ এছ এয়াৰ ফৰ্চ একাডেমীৰ পৰা এষ্ট্ৰ'নটিকেল ইঞ্জিনীয়াৰিং এণ্ড ইঞ্জিনীয়াৰিং চায়েন্স বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। ইায়ৰ পাছত তেওঁ মাছাচুছেট ইনষ্টিটিউট অৱ টেকনলজীৰপৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু ইউ এছ নেভেল টেষ্ট পাইলট স্কুলৰপৰা উচ্চ প্ৰশিক্ষণ লাভ কৰে । 

৩৯ বছৰীয়া চাৰী হৈছে কেলিফ'ৰ্নিয়াৰ এডৱাৰ্ডছ বায়ু সেনা শিবিৰৰ এফ-৩৫ ইন্টিগ্ৰেটেড টেষ্ট ফৰ্চৰ সঞ্চালক আৰু ফ্লাইট টেষ্ট স্কোৱাড্ৰনৰ কমাণ্ডাৰ । এই মহাকাশচাৰীসকলক বাচি উলিয়াওতে কেইবাটাও কথাৰ এপৰত গুৰুত্ব দিয়া হৈছিল । তাৰে ভিতৰত আছিল ১০০০ ঘন্টা উৰণৰ অভিজ্ঞতা । এই ১২ জনীয়া দলটোত আছে ছজন সশস্ত্ৰ বাহিনীৰ বিষয়া, তিনিজন বিজ্ঞানী, দুজন চিকিৎসক, এজন অভিযন্তা আৰু এজন নাছাৰ পাইলট ।

মাৰ্কিন উপৰাষ্ট্ৰপতি মাইক পেন্সে কয়, 

"এই ১২ গৰাকী পুৰুষ-মহিলাই আমাৰ ভৱিষ্যৎ প্ৰজন্মক অনুপ্ৰাণিত কৰিব । এওঁলোকৰ সাহস আৰু ব্যক্তিগত উপলব্ধিয়ে আমাৰ দেশখনক আৱিষ্কাৰৰ অধিক উচ্চতালৈ লৈ যাব ।"

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

সৰ্থেবাৰীৰ কাঁহ-পিতলক দেশজোৰা বজাৰ দিয়াৰ চেষ্টা কাহী-বাটি ডট কমৰ

ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী

হাইস্কুল শিক্ষাও সমাপ্ত নকৰা উনৈশ বছৰীয়া এজন সফল উদ্যোগী

আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক