আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক

আজন্ম হাত নথকা বাসন্তীয়ে ভৰিৰেই ব্লেকবৰ্ডত লিখি শিক্ষা দান কৰে ছাত্ৰ ছাত্ৰীক

Sunday January 17, 2016,

3 min Read

সকলো সমস্যাতেই লুকাই থাকে সমাধান সুত্ৰও। প্ৰয়োজন মাথো সমাধান বিচাৰি উলিওৱাৰ সাহস। বহু সময়ত মানুহে ভাৰাক্ৰান্ত হৈ সমাধান বিচাৰি উলিয়াব নোৱাৰে আৰু গোটেই জীৱন সমস্যাৰ সৈতে সহাৱস্থান কৰে। কিন্তু সাহসী মানুহে সমস্যাৰ সমাধান বিচাৰি উলিয়াব জানে, আৰু তেওঁলোকেই জীৱন যুঁজত বিজয়ী পৰিগণিত হয়। এনে এগৰাকী মহিলা ঝাৰখণ্ডৰ বাসন্তী। যি সকলো প্ৰতিকূল পৰিস্থিতিকো নেওচি নিজৰ ভৰিৰ ওপৰত থিয় দিয়াই নহয়, উপনীত হ’ল নিজৰ লক্ষতো।

জন্মৰে পৰা দুয়োখন হাত নাছিল বাসন্তীৰ। শিশুকালৰে পৰাই বাসন্তীৰ বহু আকাংক্ষা পুৰণ নোহোৱাকৈয়ে দিন বাগৰিছিল। ডাঙৰ হৈ অহাৰ লগে লগে আন ল’ৰা ছোৱালীৰ দৰে বাসন্তীয়েও বিদ্যালয়লৈ যাবলৈ বিচাৰিছিল, কিন্তু হাত নথকাৰ বাবে বাসন্তীৰ পিতৃ মাতৃয়ে বিদ্যালয়লৈ বাসন্তীক যাবলৈ দিয়া নাছিল। কিন্তু বাসন্তী আকোৰগোঁজ। তাই বিদ্যালয়লৈ যাবই। অৱশেষত উপায়ন্তৰ হৈ মাক প্ৰভাৱতীয়ে বাসন্তীক বিদ্যালয়লৈ যাবলৈ অনুমতি দিলে। বাসন্তীৰ বিদ্যালয়লৈ যোৱা হ’ল ঠিকেই, কিন্তু দুয়োখন হাত নথকাৰ বাবে পঢ়া শুনা কৰিব নোৱাৰি বিদ্যালয়ত বহি বহিয়েই সময় কটাবলৈ বাধ্য হ’ল। বিদ্যালয়ৰ শিক্ষকৰো কৰিব পৰা একো নাছিল। নিজৰ অসহায় অৱস্থাটোক লৈ মৌন হৈ ৰ’ল বাসন্তী। এদিন বাসন্তীয়ে হাতৰ কাম ভৰিৰেই কৰি চোৱাৰ কথা ভাবিলে। বহু সময় আৰু সাহসৰ প্ৰয়োজন হ’ল, কিন্তু বাসন্তীয়ে হাৰ নামানিলে। শিশু অৱস্থাতেই আত্মনিৰ্ভৰশীল হোৱাৰ বাসনাই বহু আগলৈ লৈ গ’ল বাসন্তীক। অক্লান্ত পৰিশ্ৰম আৰু অদম্য সাহসৰ বলত বাসন্তীয়ে পঢ়া শুনা ভালদৰেই কৰি গ’ল। পঢ়া শুনাত আগবাঢ়ি যোৱাৰ ফলত বাসন্তীৰ আত্মবিশ্বাসো বাঢ়ি গৈ থাকিল।

image


“১৯৯৩ চনত মেট্ৰিক পাছ কৰাৰ পিছত মই টিউছন পঢ়াবলৈ আৰম্ভ কৰিলো। সেই সময়তে মোৰ পিতৃয়ে চাকৰিৰ পৰা অৱসৰ ল’লে। ঘৰ চলোৱাৰ দ্বায়িত্বও মোৰ ওপৰতে পৰিল। টিউছন পঢ়োৱাৰ লগতে নিজৰো পঢ়া শুনা আগবঢ়াই নিলো। এনেদৰেই টিউছনৰ পইছাৰে ঘৰ চলোৱাৰ লগতে পঢ়া শুনা কৰি ভাল ফলাফলেৰেই বিএ পাছ কৰিলোগৈ। তেতিয়াই মই শিক্ষক হোৱাৰ কথা ভাবিলো। অবিশ্ৰান্ত চেষ্টাৰ ফলত ২০০৫ চনত ঝাৰখণ্ডৰ সিঁন্দৰীত ৰোড়াবান্ধ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰাৰ সুবিধা পালো।”- বাসন্তীয়ে ক’লে এনেদৰে।

বাসন্তীয়ে ভৰিৰে কেৱল বহীতেই নহয় ব্লেকবৰ্ডতো লিখিব পাৰে। ইয়াপ উপৰিও ছাত্ৰ ছাত্ৰীৰ বহী পৰীক্ষা কৰা বা হ’মৱৰ্ক দিয়াৰ কামো বাসন্তীয়ে ভৰিৰেই কৰে। বাসন্তীয়ে নিজৰ শৰীৰৰ এনেদৰে ভাৰসাম্য ৰক্ষা কৰিব পৰা হ’ল যে ভৰিৰে ব্লেকবৰ্ডত লিখোতেও কোনো অসুবিধা নহয়। এই সন্দৰ্ভত বাসন্তীয়ে য়ৰ ষ্ট'ৰীক এনেদৰে ক’লে-“সৰুতে পঢ়া শুনা কৰাৰ সময়ত ভৰিৰে বহীত লিখাটো মোৰ অভ্যাস হৈ পৰিছিল। কিন্তু ২০০৫ চনত বিদ্যালয়ত যোগদান কৰাৰ পাছত ব্লেকবৰ্ডত লিখাটো মোৰ বাবে প্ৰত্যাহ্বান হৈ উঠিল। বহু চেষ্টাৰ অন্তত এটা ভৰিৰে শৰীৰৰ ভাৰসাম্য ৰাখি ব্লেকবৰ্ডত লিখিব পৰা হ’লো।

বাসন্তী পাঁচজনী ভগ্নীৰ মাজত আটাইতকৈ ডাঙৰ। বাকী আটাইকেইজনী ভগ্নী শাৰিৰীক ভাবে সক্ষম। বৰ জয়ৰীৰ সম্পৰ্কত মাতৃ প্ৰভাৱতী দেৱীৰ ভাষ্য এনেধৰণৰ- “বাসন্তীৰ হাত দুটা নাই বুলি আমাৰ কোনোদিন ভাবেই নহয়। ঘৰতো তাই ভনীয়েকহঁতৰ দৰেই সকলো কাম কৰে। কেৱল লিখা পঢ়াই নহয় ঘৰতো সৰু ডাঙৰ সকলো কামেই বাসন্তীয়ে নিজেই কৰে। এতিয়ালৈকে বাসন্তীয়ে কাৰো ওপৰত নিৰ্ভৰ কৰি পোৱা নাই। বিপৰীতে গোটেই ঘৰ চলোৱাৰ দ্বায়িত্বও নিজেই কান্ধ পাতি লৈছে।”

image


ঠিকা ভিত্তিক শিক্ষকৰ পৰা পূৰ্ণকালীন চৰকাৰী শিক্ষক হোৱাই এতিয়া বাসন্তীৰ লক্ষ্য। তাৰ বাবে বাসন্তীয়ে ৰাজ্য চৰকাৰৰ ওচৰত আবেদনো জনাইছে। ঝাৰখণ্ড চৰকাৰে বাসন্তীৰ সাহস তথা সংগ্ৰামক সন্মান জনাওক, য়ৰষ্টৰীৰো এয়ে আশা।

মূলঃ ৰুবী সিং

অনুবাদঃ মুকুন্দ মাধৱ নেওগ