হাইস্কুল শিক্ষাও সমাপ্ত নকৰা উনৈশ বছৰীয়া এজন সফল উদ্যোগী

হাইস্কুল শিক্ষাও সমাপ্ত নকৰা উনৈশ বছৰীয়া এজন সফল উদ্যোগী

Saturday November 21, 2015,

4 min Read

সফলতাৰ বাবে স্কুলীয়া পাঠ্যক্ৰম জৰুৰী নহয়। এই কথা প্ৰমাণ কৰিলে উনৈশ বছৰীয়া এজন কিশোৰে। টেড এস্কৰ বক্তা হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাৰ দ্বাৰা আমন্ত্ৰিত হোৱা ১৯ বছৰীয়া সিদ্ধান্ত ৱটছ বিশ্বৰ প্ৰথমটো এন্ড্ৰইড স্মাৰ্ট ৱাচ কম্পেনীৰ প্ৰতিষ্ঠাতা।এই কথাষাৰ পঢ়াৰ পাছত যিকোনো পাঠকৰ মনলৈ নিশ্চয় ভাব আহিব যে শৈক্ষিক ক্ষেত্ৰত সিদ্ধান্ত অতি মেধাসম্পন্ন লৰা। কিন্তু আচল সত্যতো হল যে সিদ্ধান্তই হাইস্কুল শিক্ষাও সমাপ্ত নকৰিলে।

বিহাৰৰ পাটনাত জন্ম গ্ৰহণ কৰা এই ল'ৰাজনে সৰুৰে পৰাই সপোন খেদি ফুৰিছিল।তেওঁৰ চিন্তা, আকাংক্ষাবোৰ আছিল ব্যতিক্ৰম।আৰু এই সপোনবোৰক সফল ৰূপ দিবলৈকে তেওঁ স্কুলীয়া শিক্ষা ত্যাগ কৰিছিল।"স্কুল এৰাৰ সিদ্ধান্তই মোৰ পিতৃ-মাতৃক আচৰিত তথা চিন্তিত কৰিছিল।যি কথা তেওঁলোকে মোক এতিয়াও কয়।"

image


সিদ্ধান্ত ভাটৰ অনুপ্ৰেৰণাদায়ক সফলতাৰ যাত্ৰাৰ আঁৰৰ কথা-

'মই সপোনবিলাসী'

সিদ্ধান্ত ৱটছৰ কি বিশেষ গুণ আছে যাৰ বাবে তেওঁ আনতকৈ ব্যতিক্ৰম।

১)তেওঁ সপোনবিলাসী।এইটো এটা বিশেষ গুণ যি তেওঁক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছিল।ইয়াৰোপৰি তেওঁ প্ৰত্যাহ্বান লবলৈ ভয় নকৰে।প্ৰত্যাহ্বানক প্ৰত্যাহ্বান বুলি গন্য নকৰে।

২)তেওঁ বিশ্বাস কৰে যে বলীউদ চিনেমাৰ দৰে সকলো কামৰ সমাপ্তি ভাল হয়; যদি ভাল নহয় তেন্তে সেয়া সমাপ্তিয়ে নহয়।

৩)অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই তেওঁ এটা স্বেচ্ছাসেৱী অনুষ্ঠান আৰম্ভ কৰিছিল।

৪)তেওঁ নিজকে কেতিয়াও কোনো নিয়মৰ মাজত সীমাবদ্ধ কৰি নাৰাখিছিল।তেওঁৰ মনেৰে যি শুদ্ধ বুলি বিবেচনা কৰিছিল সেয়াই কৰিছিল।

মনৰ দূৰন্ত গতি

মাত্ৰ সোতৰ বছৰ বয়সতে অপূৰ্ব সুকান্ত আৰু দুজন বন্ধুৰ সহযোগত এন্ড্ৰইডলী চিষ্টেমটো নিৰ্মাণ কৰিছিল। "আমি বিশ্বৰ প্ৰথমটো এন্ড্ৰইড স্মাৰ্ট ৱাচ নিৰ্মাণ কৰিছিলো আৰু ইয়াৰ নাম দিছিলোঁ এন্ড্ৰইডলী( Androidly)।এই ঘড়ীৰ জৰিয়তে ফোন কৰা, ইন্টাৰনেট ব্ৰাউজ কৰা,হোৱাটছ এপ কৰা, গান শুনা,ছবি চোৱা আদি বিভিন্ন সুবিধা লাভ কৰিব পাৰে।সঁচা অৰ্থত এটা ফনত কৰিব পৰা সকলো কাম ইয়াত কৰিব পাৰি।"

image


এই আবিষ্কাৰৰ বাবে তেওঁ হাইস্কুল শিক্ষা দুবছৰ স্থগিত ৰাখিলে।২০১৩ চনৰ মধ্য ভাগৰ পৰা বিশ্বৰ ১১০ খন দেশত এন্ড্ৰইডলী স্মাৰ্ট ৱাচ ২২০ ডলাৰত উপলব্ধ হোৱা বুলি সিদ্ধান্তই জানিবলৈ দিয়ে।অনাগত সময়ত এন্ড্ৰইডলী স্মাৰ্ট ৱাচ শেহতীয়া এন্ড্ৰইড ভাৰছন প্ৰয়োগেৰে আৰু উন্নত কৰাৰ চেষ্টা কৰা হৈছে।যিকোনো লোকে আকৰ্ষণীয় অলংকাৰ হিচাপে ব্যৱহাৰ কৰিব পৰাকৈ ইয়াৰ আকৃতি সৰু কৰিবলৈ চেষ্টা কৰা হৈছে বুলি সিদ্ধান্তই মন্তব্য কৰে।

ফলক ফাউন্ডেশ্যনৰ বিষয়ে

সিদ্ধান্তৰ মাতৃয়ে আৰম্ভ কৰা স্বেচ্ছাসেৱী অনুষ্ঠান ফলক ফাউন্ডেশ্যনে শিক্ষা, স্বাস্থ্য আৰু সামাজিক সচেতনতাৰ দিশত কাম কৰি আছে।সপ্তম শ্ৰেণীত থাকোঁতেই এই অনুষ্ঠানৰ অধীনত সিদ্ধান্তই শিশুসকলক কম্পিউটাৰৰ প্ৰাথমিক জ্ঞান,ইংৰাজী আৰু গণিত পঢ়ুৱাইছিল।পৰৱৰ্তী সময়ত এই অনুষ্ঠান সিদ্ধান্তই নিজে পৰিচালনা কৰি সমাজৰ হিতৰ বাবে ৰক্তদান, বিনামুলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিল।

স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ আদৰণীয় পদক্ষেপ সন্দৰ্ভত সিদ্ধান্তই কয় "অনুষ্ঠানটোৰ জৰিয়তে বুদ্ধগয়াত এটা বৌদ্ধসংঘ নিৰ্মাণ কৰাতো মোৰ বাবে এক ডাঙৰ সফলতা।এই বৌদ্ধসংঘটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰ্জিনিয়াস্থিত এটা বৌদ্ধসংঘৰ সহযোগিতাত নিৰ্মাণ কৰা হৈছে।সৰহ বিদেশী বিনিয়োগেৰে নিৰ্মাণ কৰা সংঘটোৰ উদ্বোধনী অনুষ্ঠানত এহেজাৰতকৈ অধিক সন্মানীয় ব্যক্তি উপস্থিত আছিল।" উল্লেখ্য যে এই সংঘই সম্প্ৰতি বিহাৰৰ অৰ্থনীতি আৰু পৰ্যটন ক্ষেত্ৰত যথেষ্ট ধনাত্মক প্ৰভাৱ পেলাইছে।

বিশ্বৰ এশ জন উদ্যমী ব্যৱসায়ীৰ এজন হিচাপে নিমন্ত্ৰিত হৈ সিদ্ধান্তে এতিয়ালৈকে টেড এক্স,হৰাছিছ বিছনেছকে ধৰি এশ খনতকৈ অধিক কনফাৰেন্সত বক্তৃতা প্ৰদান কৰাৰ উপৰি বিল গেটছৰ সৈতে BIG IF তো নিমন্ত্ৰিত অতিথি হিচাপে যোগদান কৰিছে।

image


আগশাৰীৰ উদ্যোগপতি হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰীৰ পৰা বিশেষ বঁটা লাভ কৰাৰ লগতে সিদ্ধান্ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি বৰাক ওবামাৰ দ্বাৰা হুৱাইট হাউচলৈও নিমন্ত্ৰিত হৈছে।

সফলতাৰ যাত্ৰা আৰু অনুপ্ৰেৰণা

"মই কেতিয়াও একেটা কামকে বহু সময় ধৰি কৰি থাকি ভাল নাপাইছিলো।এই অভ্যাসে মোক আগুৱাই যোৱাত সহায় কৰিছিল।মই সপোন খেদি ফুৰিছিলো।মোৰ মনলৈ যি আহিছিল মই তাকেই কৰিছিলো। অনুপ্ৰেৰণাৰ কথা ভবা নাছিলো।মই যিটো কাম কৰিম বুলি ভাবিছিলো সেই কাম আৰম্ভ কৰিছিলো এই কথা ভাবি যে এটা কাম কৰিবলৈ মোৰ যথেষ্ট সময় আছে।"সিদ্ধান্তে নিজৰ সফলতাৰ বিষয়ে এইদৰে কয়।

সফলতাৰ বাটত প্ৰত্যাহ্বান

সিদ্ধান্তৰ মতে ভাৰতৰ দৰে দেশত কাম এটা কৰাৰ ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বান হল পৰিয়ালৰ লোক আৰু বন্ধুবৰ্গ।"তেওঁলোকে এই কথা বুজাবলৈ চেষ্টা কৰিব যে আপুনি কৰিবলৈ লোৱা কামটো সময়ৰ অপচয়ৰ বাহিৰে আন একো নহয়।মাত্ৰ সেয়াই নহয়, আপুনি কৰিব খোজা কামটো কিয় শুদ্ধ নহয় সেই কথা বহু যুক্তিৰে বুজাবলৈ চেষ্টা কৰিব।কিন্তু কোনেও আপোনাক কবলৈ নাহে যে কামটো হৈ উঠাৰ উপায় কি।"

লিডাৰশ্বিপ ছামিট: পৰিকল্পনাৰ আঁচনিত

ভৱিষ্যতে সিদ্ধান্তে লিডাৰশ্বিপ ছামিট নামেৰে এখন আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ মঞ্চ আৰম্ভ কৰাৰ কথা চিন্তা কৰিছে যত বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়ে ইজনে সিজনক অনুপ্ৰেৰণা যোগাব পাৰিব।টেড ৰ অনুপ্ৰেৰণাৰে গঠন কৰিব খোজা এই মঞ্চত বিভিন্ন লোকে তেওঁলোকৰ মনৰ কথা ব্যক্ত কৰিব পাৰিব।ইয়াৰোপৰি এই মঞ্চখনে স্কুল, কলেজৰ ছাত্ৰ-ছাত্ৰীকো সামৰি লব।

"ইয়াৰউপৰিও মোৰ মনলৈ হঠাতে কিবা পৰিকল্পনা আহিলে মই ইয়াক ৰূপায়ণৰ চেষ্টা কৰিম।"হৃদয়ৰ আহ্বান আৰু সপোনক সমল হিচাপে লৈ সফলতাৰ শিখৰত আৰোহণ কৰা সিদ্ধান্ত ভাটে গভীৰ আত্মপ্ৰত্যয়েৰে এই মন্তব্য কৰে।

লেখক: আলোক চনী

অনুবাদ:পূবালী ভাগৱতী