ঘৰত চাহপাতৰ অভাৱ পূৰাবলৈ চাহবাগান খোলাৰ সপোন দেখা ছোৱালীজনী

1

যি সময়ত শিশুসকলে সাধাৰণতে সকলোৰে আদৰ-সাদৰেৰে এটা ৰঙীন শৈশৱ যাপন কৰে, সেই সময়ত এটা অভাৱী কৃষক পৰিয়ালত জন্ম গ্ৰহণ কৰা ছোৱালী জনীয়ে বাৰীৰ জেওৰা দিয়া,খৰি ফলা, ঘাঁহ কটা,গৰুৰ দানা সিজোৱা আদি ঘৰৰ সকলো কাম কৰি ভাগৰুৱা দেহাৰে পঢ়া টেবুলত বহিছিল।শৈশৱতেই জীৱনৰ জটিলতা বোৰৰ সৈতে মুখামুখি হৈছিল।যাতায়তৰ কোনো সুবিধা নোহোৱা ৩২ কিলোমিটাৰ বাট চাইকেল চলাই খৰস্ৰোতা দুখন নদী পাৰ হৈ স্কুল আৰু কলেজীয়া শিক্ষা সমাপ্ত কৰিছিল।কেৱল সেয়ে নহয়, জাকৰুৱা পৰিয়ালটোত পিতৃয়ে পঢ়াৰ খৰচ বহন কৰিব নোৱাৰা বাবে কলেজত পঢ়ি থাকোতে আনৰ ঘৰত ৰোঁৱনীৰ কাম কৰি পঢ়াৰ খৰচ উলিয়াইছিল।জটিল শৈশৱ পাৰ কৰা এই গৰাকী দৃঢ়মনা যুৱতীয়ে স্নাতক ডিগ্ৰীয়েই নহয়, পৰৱৰ্তী সময়ত আইনৰ ডিগ্ৰী, তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা প'ষ্ট গ্ৰেজুৱেট ডিপ্লমা ইন হিউমেন ৰিছৰ্ছ মেনেজমেন্ট, মাষ্টাৰ অৱ ছচিয়েল চাইন্স আদি ডিগ্ৰীও গ্ৰহণ কৰিছে।

জীৱনৰ কঠিন পৰিস্থিতিত হাৰ নামানি জীৱন যুঁজত জয়ী হৈ অহা এই গৰাকী উদ্যমী যুৱতী ৰেখামনি হাজৰিকা বৰ্তমান নিজাকৈ স্থাপন কৰা আঠ বিঘা মাটিৰ এখন চাহ বাগানৰ স্বতাধিকাৰী।লগতে ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠান চমুকৈ 'আই.আই.ই.' ৰ এগৰাকী কৰ্মচাৰী।

এগৰাকী ছোৱালী হৈ চাহ বাগানৰ কথা কিয় ভাবিলে ৰেখামনি হাজৰিকাই

ৰেখামনি হাজৰিকাৰ ঘৰ লখিমপুৰৰ এখন ভিতৰুৱা গাঁও লালুকত।আশে পাশে দৈনিক বজাৰ তেতিয়া নাছিল।দেওবাৰে এখন সাপ্তাহিক বজাৰ বহে।'আমাৰ ঘৰত আলহী বেছি।গাঁৱৰ মানুহবোৰ আহে।দেউতাই এসপ্তাহৰ কাৰণে এপোৱা চাহপাত আনে।শনিবাৰলৈ চাহপাত নাটিলে দেউতাই মাক গালি পাৰিছিল।মাই কান্দি থকা দৃশ্য মই দেখিছিলো।আৰু দিনটোত চাৰিকাপ চাহ খাবলৈ নাপালে মাৰো মূৰ কামোৰণি হয়।শনিবাৰলৈ চাহপাত নাটিলে ঘৰখনত শনি লাগি যোৱা যেন হয়।সেই কথাই মোৰ শিশু মনত প্ৰভাৱ পেলাইছিল।সেয়ে মই তেতিয়াই সংকল্প লৈছিলো যে ঘৰখনত চাহপাতৰ অভাৱ মাক মই অনুভৱ কৰিবলৈ নিদিও।একপ্ৰকাৰৰ জেদ বুলিও কব পাৰি।তাৰপাছত মই চাকৰি কৰি নিজে উপাৰ্জন কৰোঁতে প্ৰথমে ঘৰত এখন চাহ বাগান পতাৰ কথা ভাবিলো।'

কষ্টৰ ধনেৰে শৈশৱৰ সপোন বাস্তৱত পৰিণত কৰাৰ প্ৰতিজ্ঞা

'ডিগ্ৰী লোৱাৰ পিছত 'নৰ্থ ইষ্ট ছছিয়েল ট্ৰাষ্ট' চমুকৈ 'নেষ্ট' নামৰ এটা সংগঠনত যোগদান কৰিলো।তেতিয়া দৰমহাৰ চাৰিহাজাৰ টকাৰে দুহেজাৰ পুলি আনি এবিঘা মাটিত চাহ পুলি ৰোপন কৰিছিলো।বন্ধত ঘৰলৈ গৈ ভাইটি আৰু ভন্টিৰ সহযোগত নিজে পুলি ৰুইছিলো।কিন্তু দেউতাই ইয়াৰ বিৰোধিতা কৰিছিল।দুবছৰমান হোৱাৰ পিছত যেতিয়া বিশ কেজি, চল্লিশ কেজিকৈ পাত উলাইছিল তেতিয়া বাগানখন বিস্তাৰ কৰাৰ কথা ভাবিলো।দুবিঘা মাটি মই ক্ৰয় কৰি দেউতাক দিয়াত দেউতাই মোক বাম মাটিত চাহ পুলি ৰুবলৈ সমৰ্থন দিলে।ম্যাদী মাটিত চাহ খেতি কৰাৰ বাবে চৰকাৰৰ ফালৰ পৰা ৩৫ হাজাৰ টকাৰ সাহাৰ্য পোৱাত মানুহ লগাই ঘৰতে নাৰ্ছাৰী কৰিলো।চাৰি হাজাৰ মান পুলি কিনি বাগানখন প্ৰসাৰিত কৰিলো।প্ৰথম অৱস্থাত প্ৰতি মাহে ঘৰলৈ দুদিনৰ কাৰণে গৈ ৰাতিপুৱা পাঁচ বজাৰ পৰা সন্ধিয়া পাঁচ বজালৈ পাত নিজে ছিঙিছিলো।বৰ্তমান আঠ বিঘা মাটিত চাহ খেতি হয়।সপ্তাহত এক কুইন্টল বা এমাহত চাৰি কুইন্টলকৈ পাত উৎপাদন হয়।আনহাতে,পাত ছিঙা,ঔষধ প্ৰয়োগ কৰা আদি কামৰ কাৰণে ছজন লোক নিয়োগ কৰা হৈছে।বাকী খিনি ভাইটিয়ে সহযোগ কৰে। বৰ্তমান বাগানখনৰ পৰা ছজন মানুহে কৰ্ম সংস্থাপন পোৱাৰ লগতে পাঁচজনীয়া পৰিয়াল এটা সুন্দৰকৈ চলি আছে। ঘৰতে চাহপাত ছিঙি ঢেঁকীত খুন্দি শুকুৱাই এবিধ চাহপাত ঘৰতে খাবৰ কাৰণে তৈয়াৰ কৰা হয়।এতিয়া ঘৰত আৰু চাহ পাতৰ অভাৱ নহয়।শৈশৱতে মাৰ চকুত চকুপানীৰ কাৰণ হোৱা চাহ পাতৰ অভাৱটো মৰিল।'

পিতৃয়ে পঢ়ুৱাবলৈ ইচ্ছা নকৰা ছোৱালী জনীয়ে আজি প্ৰশিক্ষণ প্ৰদান কৰিছে হাজাৰ হাজাৰ লোকক

ৰেখামনি হাজৰিকাই কৰ্মজীৱন আৰম্ভ কৰিছিল 'নেষ্ট' নামৰ এটা সংগঠনত।নেষ্টত জড়িত হৈ মহিলা সবলীকৰণ,পঞ্চায়তী ৰাজ ব্যৱস্থা,তথ্য জনাৰ অধিকাৰ আইন আদি বিষয়ত বহু মহিলাক তেওঁ প্ৰশিক্ষণ প্ৰদান কৰিছে।ছবছৰ সেই সংগঠনৰ লগত জড়িত হৈ বিভিন্ন প্ৰশিক্ষণ কাৰ্যসূচী, প্ৰশিক্ষণ শিবিৰ আদিৰে মহিলা সকলক তেওঁলোকৰ অধিকাৰ, শিক্ষা আদিৰ বিষয়ে সজাগ কৰাৰ লগতে তথ্য জনাৰ অধিকাৰ আইন,ঘৰুৱা হিংসা আইন আদিৰ বিষয়ে সজাগ কৰিছিল।তেওঁৰ কথা কোৱাৰ কলা আৰু বাক পটুটাই সকলোকে সন্মোহিত কৰিব পাৰিছিল।এই সন্দৰ্ভত ৰেখামনি হাজৰিকাই কয়-'ডিষ্ট্ৰিক্ট কমিউনিটি ডেভলপমেন্ট প্ৰজেক্ট ( DCDP) ত কাম কৰোঁতে আৰ.টি.আই. আৰু এম.জি.এনৰেগা বিষয়ৰ বক্তৃতা শুনি সভাত উপস্থিত সকলো মানুহে মোক আগত ৰাখি সেৱা কৰি গৈছিল।সেই অনুভৱ অবৰ্ণনীয়।কেইগৰাকীমান মহিলাই মোৰ মূৰত ধৰি আশীৰ্বাদ দি কৈছিল যে এনেকুৱাকৈ আমাক কোনেও শিকোৱা নাই।তোমাৰ মূৰৰ চুলিৰ সমান আয়ুস হওঁক।'

পৰৱৰ্তী সময়ত ৰেখামনি হাজৰিকাই এল.ছি.এইচ.আৰ.নামৰ সংগঠনত যোগদান কৰিছিল।সেই চাকৰিৰ বাবে আইনৰ ডিগ্ৰী জৰুৰী আছিল।তথাপি তেওঁৰ কামৰ অভিজ্ঞতা আৰু দক্ষতাৰ বাবেই চাকৰি পাইছিল।সেই সংগঠনৰ লগত জড়িত হৈ তেওঁ 'পেৰা লিগেল পাৰ্চনেল' বিষয়ৰ ট্ৰেইনিঙ কন্ডাক্ট কৰিছিল।গুৱাহাটী উচ্চ ন্যায়ালয় ন্যায় সেৱা সমিতি ৰ অধীনত ছখন মান জিলা যেনে বৰপেটা, কাৰ্বি আংলং, শোণিতপুৰ, নগাঁও, মৰিগাঁও আদিত শনিবাৰ আৰু দেওবাৰে দুখনকৈ মিটিং কৰি হাজাৰ হাজাৰ মানুহক বিভিন্ন বিষয় আৰু আইনৰ সজাগতাৰ প্ৰশিক্ষণ দিছিল।এল.ছি.এইচ.আৰ.ত এমাহ কাম কৰাৰ পাছত তেওঁৰ কামৰ দক্ষতা দেখি তেজপুৰত নতুনকৈ স্থাপন হোৱা এটা শাখা পৰিচালনা কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল।ৰেখামনি হাজৰিকা আৰু 'Eveready' যেন একেই।সকলো কামতে আত্মবিশ্বাস।'মই নিজে খুব পজিটিভ।কেতিয়াও 'না' নকওঁ।'

তাৰপাছত তেজপুৰত থাকি তেওঁ চাহ জনজাতিৰ লোককে ধৰি বহু ভিতৰুৱা অঞ্চলৰ মানুহক সজাগতাৰ প্ৰশিক্ষন দিছিল।তেজপুৰত থকা সময়তে তেওঁ আইন মহাবিদ্যালয়ত নামভৰ্তি কৰি আইনৰ ডিগ্ৰী ল'লে।

পৰৱৰ্তী সময়ত ভাৰত চৰকাৰৰ 'ইণ্ডিয়ান ইনষ্টিটিউট অৱ এন্টাৰপ্ৰেণাৰশ্বিপত' যোগদান কৰে। 'আই.আই.ই.ত বহু কথা শিকিব লগীয়া হৈছিল।বিশেষকৈ চৰকাৰী প্ৰচিডিঅ'ৰটো ফ'ল' কৰা মোৰ কাৰণে প্ৰথম অলপ জটিল আছিল।কিয়নো বাকী সংগঠনত মই একেবাৰে স্বাধীনচিতীয়াকৈ কাম কৰিছিলো।বহু সময়ত মই নিজে ডিচিচন মেকাৰ আছিলো।কিন্তু আই.আই.ই.ত দেখিলো এটা টুৰ এপ্ৰ'ভেল লবলৈ এদিন বা দুদিন সময় লাগে।কিন্তু মই জইন কৰাৰ তৃতীয় দিনা কলেজৰ অধ্যাপক তথা প্ৰগ্ৰাম অফিচাৰ সকলক নেশ্যনেল ছচিচেয়ল ছাৰ্ভিছ বিষয়ত দুঘন্টাৰ ছেছন লৈছিলো।মোৰ ছেছন শুনি সকলোৱে বহু কথা জানিব পৰা বুলি মন্তব্য কৰিছিল।'

ডিগ্ৰী পাছ কৰালৈকে লখিমপুৰ চহৰখনকে দেখি নোপোৱা ছোৱালী জনীয়ে আই.আই.ই.ত জইন কৰাৰ পাছত পাঁচমাহত সাতখন ৰাজ্য ভ্ৰমণ কৰিছিল।নেষ্ট,এল.ছি.এইচ.আৰ.,আই.আই.ই.ৰ লগতে বিভিন্ন সময়ত WWF, ডিষ্ট্ৰিক কমিউনিটি ডেভলপমেন্ট প্ৰজেক্ট, টি এছ.এছ.এছ আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যন আদি সংগঠনৰ লগত জড়িত হৈ বহু লোকক লিগেল এৱাৰনেছ, উদ্যমিতাৰ প্ৰশিক্ষন প্ৰদান কৰিছে।

এগৰাকী কৰ্মচাৰী হিচাপে ব্যতিক্ৰমিতা আৰু নিষ্ঠাৰ বিৰল নিদৰ্শন

নিজৰ পেছাক সমাজ সেৱাৰ মনোভাৱেৰে গ্ৰহণ কৰা ৰেখামনি হাজৰিকাই জীৱনত সকলো কাম সততা আৰু নিষ্ঠাৰে কৰি আহিছে।সেয়ে হয়তো সাফল্যৰ জখলা ডালত আগুৱাই যাবলৈ তেওঁক বেছি সময় নালাগিল।'কামত ইমান ইনভল্ভ হৈ যাওঁ, নিজৰ কাম বুলি ভাবি কৰোঁ।আনহাতে, মানুহক কিবা এটা দিব পৰা সন্তুষ্টি ডাঙৰ কথা।নেষ্টত কাম কৰোতে সাত দিন ধৰি দিনে-ৰাতিয়ে ডাটা এন্ট্ৰি কৰি সময়ত জমা দিয়াৰ পিছদিনা মোক জি.এন.আৰ.চি. চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছিল।কামত আপডেট হৈ থাকি ভালপাওঁ আৰু কামৰ নিচাৰ বাবে অফিচ সাধাৰণতে ক্ষতি নকৰোঁ।'

ইয়াৰোপৰি অসম বন্ধৰ দিনা ২৩ কিলোমিটাৰ স্কুটি চলাই আৰ.টি.আই.ৰ সভা আয়োজন কৰি কৰ্মস্পৃহাৰ বিৰল নিদৰ্শন দাঙি ধৰিছিল ৰোখামনিয়ে ।

জীৱনটো গঢ় দিয়াত মইনা পাৰিজাতৰ অৱদান

মোৰ জীৱনত বহু বৰঙণি যোগাইছে মইনা পাৰিজাতে।মইনা পাৰিজাতৰ গান,নাচ,কবিতা আবৃত্তি,তৰ্ক,আকস্মিক বক্তৃতা,খেল-ধেমালি আদিত জড়িত আছিলো।মই সকলোতে পাৰদৰ্শী আছিলো।মইনা পাৰিজাতৰ হৈ বিভিন্ন প্ৰতিযোগিতাত যোগদান কৰি পুৰস্কৃত হৈছো।পৰৱৰ্তী সময়ত পৰিচালিকা হিচাপে মইনা পাৰিজাতৰ লগত জড়িত আছিলো।জীৱনত শৃংখলাবদ্ধতাৰ শিক্ষা পোৱাৰ লগতে, কথা কোৱাৰ সাহস, আত্মবিশ্বাস মইনা পাৰিজাতৰ পৰা পাইছিলো।

নাৰী এগৰাকী কিয় স্বাৱলম্বী হব লাগে এই প্ৰশ্নৰ উত্তৰত ৰেখামনি হাজৰিকাই কয়-'নাৰী এগৰাকীৰ নিজা পৰিচয় থাকিব লাগে।আমুকৰ জীয়েক,আমুকৰ পত্নী।তাতকৈ মই ৰেখামনি, ৰেখামনি হিচাপে পৰিচয় দিবলৈ হলে অৰ্থনৈতিক শক্তিটো লাগিব।সেইটো নাথাকিলে আইডেনটিটি ক্ৰাইছিছ হয় বুলি মোৰ বিশ্বাস।'

With over 8 years experience in print and electronics I am doing freelance as a feature writer. I believe in humanity and love people. I like to do story about people. I believe learning is a never ending process.

Related Stories