মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

Thursday September 15, 2016,

4 min Read

পাঁচ ফুট তিনি ইঞ্চি উচ্চতাৰ শক্তিশালী সুঠাম শৰীৰ, সুন্দৰ ব্যক্তিত্ব আৰু যোগাত্মত চিন্তাধাৰা এই মহিলাগৰাকীৰ অন্যতম বিশেষত্ব । তেওঁ নিজৰ স্বাস্থ্য আৰু শাৰীৰিক সৌন্দৰ্যৰ কিমান যত্ন লয় এই কথা তেওঁক দেখিলেই গম পোৱা যায় । নিলপৰ্ণা সেন কিন্তু সদায় এনেকুৱা নাছিল । এটা দিন আছিল যেতিয়া মদ, চিগাৰেট আৰু ড্ৰাগছৰ মাজত ডুবি থাকিছিল নিলপৰ্ণা । ভয়ানক ড্ৰাগছৰ কবলৰপৰা ওলাই আহি নিলপৰ্ণা আজি বহুতৰে বাবে এক প্ৰেৰণাৰ উৎস । 

image


নিলপৰ্ণাৰ অতীত

২৩ বছৰীয়া নিলপৰ্ণাই কয়, "মই চুৰাটত ডাঙৰ-দীঘল হৈছিলো । কিন্তু সকলোৱে কৈছিল যে হয় মই মুম্বাইলৈ যোৱা উচিত নহলে এমবিএ কৰা উচিত । তেতিয়া মই চুৰাটৰ এটা জুৱেলাৰী ব্ৰেণ্ডৰ বাবে মাৰ্কেটিঙৰ কাম কৰিছিলো । গাধৰ দৰে কাম কৰি বিৰক্ত হৈ পৰিছিলো । কামটোৰ প্ৰতি আগ্ৰহৰ অভাৱে মোক অসুস্থ কৰি তুলিছিল । সেয়েহে মই সুখৰ সন্ধানত চিগাৰেট, মদ আৰু ড্ৰাগছৰ শৰণাপন্ন হ'লো ।"

প্ৰকৃততে সুখৰ সন্ধানত বিচাৰি লোৱা এই পথ আছিল আত্মহত্যাৰ পথ । লাহে লাহে ড্ৰাগছ আসক্ত হৈ পৰিল নিলপৰ্ণা । তেওঁৰ নিজৰ ভাষাত, "মই নিচাসক্তিৰ বাবেই কেতিয়াবা কেইবাদিনো ধৰি অফিচ যাব নোৱাৰিছিলো আৰু গ'লেও সময়ত গৈ নেপাইছিলোগৈ । নিচাসক্তি বাঢ়ি যোৱাৰ লগে লগে মোৰ চিন্তাশক্তিও কমি গৈ থাকিল । মই যেন কি হৈছে একো বুজিব নোৱাৰা হৈ আহিছিলো ।"

image


নিজৰ প্ৰিয় কামটো বিচাৰি উলিওৱা

এনেতে এটা পৰিৱৰ্তন আহিল । পৰিৱৰ্তন অহা দিনটো অৱশ্যে সাধাৰণ এটা দিনৰ দৰেই আছিল । কেৱল চখৰ বাবেই এটা ব্যায়ামাগাৰত নাম লগাইছিল নিলপৰ্ণাই । তেওঁ কয়, "মোক যিধৰণে যি কৰিবলৈ কোৱা হৈছিল মই সেইমতে কৰি গৈছিলো । লাহে লাহে মই দেখিলো যে মোৰ শৰীৰটোৱে সুন্দৰ আকাৰ লৈছে যিটো মই কল্পনাও কৰা নাছিলো ।" শৰীৰচৰ্চাৰ মাজেৰে যেন নতুন জীৱন পালে নিলপৰ্ণাই । "লাহে লাহে মোৰ বদ-অভ্যাসবোৰ আঁতৰিবলৈ ধৰিলে । জাংক ফুড, মদ, চিগাৰেট আৰু কোকেইনৰপৰা মই আঁতৰি আহিলো আৰু জীৱনৰ যোগাত্মক দিশবোৰত মই সুখ পাবলৈ ধৰিলো । চাকৰি বাদ দি মই CAT পৰীক্ষাৰ প্ৰস্তুতি আৰম্ভ কৰিলো ।" নিলপৰ্ণাই কয় ।

নিজৰ নৰক সদৃশ জীৱনৰপৰা আঁতৰি আহি তেওঁ ফিটনেছৰ ওপৰত মনোযোগ দিবলৈ ধৰিলে । ইয়াৰ ফলত তেওঁৰ শৰীৰটোৱে এটা সুন্দৰ সুঠাম ৰূপ লবলৈ ধৰিলে । "মই সিদ্ধান্ত ল'লো যে এই পৰিৱৰ্তনক মই কেৱল আধিক প্ৰভাৱশালী বনোৱাই নহয় ইয়াক অব্যাহতও ৰাখিম । মই এইবাৰ পেশী গঠনৰ ওপৰত জোৰ দিলো । লাহে লাহে মোৰ শৰীৰত নতুন শক্তিৰ সঞ্চাৰ হ'ল । মই ৰোমাঞ্চিত হৈ পৰিলো এই ভাবি যে মই মোৰ শাৰীৰিক শক্তিৰ বলত আৰু বহুদূৰ আগুৱাই যাব পাৰিম ।" তেওঁ কয় । 

image


নিলপৰ্ণাই সপ্তাহত ছদিন প্ৰশিক্ষণ ল'বলৈ ধৰিলে আৰু নিজৰ খোৱা-বোৱাত গুৰুত্ব দিবলৈ ধৰিলে । ইয়াৰ পাছত তেওঁ পাৱাৰ লিফ্টিং আৰু বডি বিল্ডিঙত গুৰুত্ব দিবলৈ ধৰিলে । বৰ্তমান তেওঁ বডিবিল্ডিঙত মনোযোগ দি আছে ।

সঠিক পথৰ নিৰ্বাচন

যেতিয়া কেট পৰীক্ষাৰ ফলাফল ওলাল সেয়া তেওঁ আশা কৰাতকৈ বেছি ভাল আছিল । কিন্তু তেওঁ এইবাৰ এক উভয় সংকটত পৰিল যে তেওঁ কোনটো পথ লোৱা উচিত হ'ব । "তেতিয়া মই এমবিএ কৰাৰ কথা বাদ দিলো আৰু শৰীৰচৰ্চাতে মনোনিবাশ কৰিলো । এয়া আছিল বিশ্বাসৰ এটা ডাঙৰ খোজ ।" নিলপৰ্ণাই কয় । এইদৰে দৃঢ় নিশ্চয় কৰাৰ পাছত তেওঁ ফিটনেছ উদ্যোগৰ অংশ হোৱাৰ সিদ্ধান্ত ললে আৰু চুৰাটৰ কেজি ফিটনেছ চেন্টাৰত ফিটনেছ প্ৰশিক্ষকৰ কাম আৰম্ভ কৰিলে। "মই বুজিছিলো যে ইয়াৰ ফলত মহিলাসকলৰ মাজত এটা ভাল উদাহৰণ দাঙি ধৰা হ'ব ।"  

কেৱল মহিলা কিয় ? "পুৰুষে সদায় শক্তিশালী হ'বলৈ ইচ্ছা কৰে আৰু ইয়াক লৈ ৰোমাঞ্চিত অনুভৱ কৰে । আনহাতে মহিলাসকল স্বভাৱতে লাজকুৰীয়া হয় আৰু তেওঁলোকৰ বাবে ই ইমান গুৰুত্বপূ্ৰ্ণও নহয় । যেতিয়া তেওঁলোকে সৰু সৰু কথাত নিজৰ স্বামীৰ ওপৰত আশ্ৰিত হ'বলৈ এৰি দিয়ে তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস বহুগুণে বাঢ়ি যায় ।"

নিলপৰ্ণাৰ প্ৰয়াস এতিয়া মহিলাসকলক শক্তিশালী কৰা । তেওঁ বৰ্তমান জিমৰ মূখ্য প্ৰশিক্ষকৰ দায়িত্ব অতি নিষ্ঠাৰে পালন কৰি গৈছে। তেওঁৰ দিনটো আৰম্ভ হয় পুৱা ৪.৩০ বজাত । "মই দিনটোৰ বাবে আহাৰ প্ৰস্তুত কৰোঁ । লগতে কিছু অনুপ্ৰেৰণামূলক কথা শুনো । ৬ বজাৰপৰা ৩ বজালৈ প্ৰশিক্ষণ দিও আৰু ৫ বজালৈ ব্যায়াম কৰোঁ । ৫ বজাৰপৰা ৮ বজালৈ পুনৰ প্ৰশিক্ষণ দিও । কামৰপৰা উভতি অহাৰ পাছত আৰু শোৱাৰ আগতে ব্যায়াম আৰু খাদ্যনীতি সম্পৰ্কীয় কিতাপ পঢ়োঁ ।" 

আজি নিলপৰ্ণাৰ ইনষ্টাগ্ৰামত ৪ হাজাৰ অনুৰাগী । তেওঁৰ নিজৰ স্বাস্থ্যৰ বাবে কৰা কষ্টৰ আভাষ তেওঁ আপলোড কৰা ফটোবোৰত দেখা যায় । "এইবোৰ মই মোৰ প্ৰচাৰৰ বাবে আৰম্ভ কৰা নাছিলো । মই মাত্ৰ মানুহক কিছু প্ৰেৰণা দিব বিচাৰিছিলো । সময় বচাবৰ বাে মই ইনষ্টাগ্ৰাম বাচি লৈছিলো যাতে কম সময়ত বহু মানুহৰ ওচৰ চাপিব পাৰোঁ ।"

আগলৈ কি হ'ব?

যেতিয়া মহিলাসকলৰ শাৰীৰিক শক্তিৰ কথা আহে তেতিয়া নিলপৰ্ণা যিকোনো প্ৰত্যাহ্বানৰ মূখামূখি হ'বলৈ সাজু । "বডি বিল্ডিঙৰ ক্ষেত্ৰত পেশীৰ লগতে চৰ্বিৰ শতকৰা হাৰৰ ওপৰতো চকু দিবলগীয়া হয় । মহিলাসকলৰ বাবে ই সহজ নহয় । ই এক ধৰণৰ এস্থেটিকছৰ খেল য'ত নিয়ন্ত্ৰণৰ লগতে শৰীৰৰ আকাৰৰ ওপৰতো দৃষ্টি দিবলগীয়া হয় । মই এই ক্ষেত্ৰত এক উদাহৰণ দাঙি ধৰিব খোজোঁ ।" আনহাতে পাৱাৰ লিফ্টিঙৰ ওপৰতো কাম কৰিবলৈ ইচ্ছুক তেওঁ । তেওঁ কয়, "মই মহিলাসকলৰ এক গোট গঠন কৰিবলৈ ইচ্ছুক যত বডি বিল্ডিং, লিফ্টিং আৰু ৰানাৰ আনৰ বাবে এক উদাহৰণ হব পাৰে যে সুন্দৰ শৰীৰৰ লগতে ফিটনেছো দৰকাৰী ।"

মূল- বিঞ্জল শ্বাহ

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ভৰি নোহোৱাকৈয়ে ফুটবল খেলে আব্দুল্লাই

এজন কুখ্যাত ড্ৰাগ মাফিয়াৰ জীৱনৰপৰা দুটামান শিক্ষা

পেৰালিম্পিকত পদক জয় কৰা প্ৰথম ভাৰতীয় মহিলা দীপা মালিক

বাট পথ নথকা এখন গাৱঁত কিয় বাস কৰে আইআইটিৰ প্ৰাক্তন অধ্যাপক আলোক সাগৰে