শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

Sunday March 26, 2017,

2 min Read

প্ৰধানমন্ত্ৰীৰ পৌৰোহিত্বত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ‘২০০৯ চনৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন’ৰ ৰূপায়ণৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। ইয়াৰদ্বাৰা ২০১৫ চনৰ ৩১ মাৰ্চলৈকে শিক্ষকৰ পদত কাম কৰি থকা সকলোকে শৈক্ষিক প্ৰশাসনে নিৰ্দ্ধাৰণ কৰা নিম্নতম অৰ্হতা থকাতো নিশ্চিত কৰাৰ লগতে প্ৰয়োজনসাপেক্ষে তেনে প্ৰশিক্ষণ লাভ কৰাৰ সময়সীমা চাৰিবছৰলৈ বঢ়াই দি ২০১৯ চনৰ ৩১ মাৰ্চলৈকে কৰা হৈছে।

ইয়াৰদ্বাৰা চাকৰি কৰি থকা প্ৰশিক্ষণবিহীন শিক্ষকক প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ সুবিধা দিয়াৰ লগতে দেশৰ প্ৰাথমিক পৰ্যায়ৰ সকলো শিক্ষকৰ এক নিম্নতম অৰ্হতা থকাতো নিশ্চিত কৰিবলৈ প্ৰয়াস কৰা হৈছে।ইয়াৰ ফলত শিক্ষকৰ শিকণ পদ্ধতিৰো এক নিম্নতম মান ৰক্ষা কৰা সুনিশ্চিত হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত সামগ্ৰীকভাৱে শিক্ষকসকলৰ মান উন্নত হোৱাৰ লগতে শিকণ পদ্ধতি তথা ছাত্ৰ-ছাত্ৰীৰ শিকাৰ মান উন্নত হ’ব। ইয়াৰ ফলত প্ৰাথমিক পৰ্যায়ৰ শিক্ষাৰ মান উন্নত কৰাৰ বাবে চৰকাৰৰ যি প্ৰচেষ্টা, সি এক নতুন গতি পাব।

Image credits : <a href=

Image credits :

Pixabaya12bc34de56fgmedium"/>

পটভূমিঃ

২০১০ চনৰ ১ এপ্ৰিলৰ পৰাই ‘২০০৯ চনৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন’ বলবৎ হৈ আছে। ইয়াৰদ্বাৰা ৬-১৪ বছৰীয়া সকলো শিশুৰ বাবে প্ৰাথমিক পৰ্যায়ৰ শিক্ষা বিনামূলীয়া আৰু বাধ্যতামূলক কৰিব বিচৰা হৈছে। এই আইনৰ ২৩(খ) ধাৰা অনুযায়ী নিম্নতম অৰ্হতা নথকা সকলো শিক্ষকক সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইনৰ অধীনত ২০১৫ চনৰ ৩১ মাৰ্চ, অৰ্থাৎ পাঁচবছৰৰ ভিতৰত উপযুক্ত প্ৰশিক্ষণ সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল। যদিও বহু ৰাজ্য চৰকাৰে জনেৱামতে প্ৰাথমিক পৰ্যায়ৰ মুঠ ৬৬.৪১ লাখ শিক্ষকৰ ১১ লাখে (ইয়াৰে ৫.১২ লাখ চৰকাৰী আৰু ৫.৯৮ লাখ ব্যক্তিগত খণ্ডৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক) এতিয়াও প্ৰশিক্ষণ সম্পূৰ্ণ কৰা নাই। ২০১৫ চনৰ ৩১ মাৰ্চলৈকে শিক্ষকৰ পদত কাম কৰি থকা সকলোকে শৈক্ষিক প্ৰশাসনে নিৰ্দ্ধাৰণ কৰা নিম্নতম অৰ্হতা থকাতো নিশ্চিত কৰি ২০০৯ চনৰ সকলো শিশুৰ বাবে বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন সঠিকভাৱে ৰূপায়ণ সম্ভৱ কৰি তুলিবৰ বাবে এই প্ৰশিক্ষণ লাভ কৰাৰ সময়সীমা আৰু চাৰিবছৰলৈ বঢ়াই দি ২০১৯ চনৰ ৩১ মাৰ্চলৈকে কৰা হৈছে।

 এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ 

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ 

ড'নাৰ মন্ত্ৰালয়ৰ বাবে পুঁজিৰ যোগান

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান