এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ

Thursday March 16, 2017,

2 min Read

এক্ট ইষ্ট নীতি উত্তৰ পূবৰ বাবে কিমান লাভজনক ? তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আয়োজিত সম্পৰ্ক-২০১৭ অনুস্থানত কেইবাটাও বিষয়ত আলোচনা চক্ৰ অনুস্থিত হয় । তাৰে অন্যতম আছিল এক্ট ইষ্ট নীতিৰ ওপৰত হোৱা আলোচনা । এই আলোচনাৰ এজন অন্যতম বক্তা, মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ই বিজয়কুমাৰ সিঙে বিষয়টোৰ ওপৰত বহু গুৰুত্বপূৰ্ণ বিশ্লেষণ দাঙি ধৰে । 

ই বিজয় কুমাৰ সিং

ই বিজয় কুমাৰ সিং


তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত আয়োজিত সম্পৰ্ক-২০১৭ত অনুস্থিত 'উদ্যমিতা আৰু এক্ট ইষ্ট পলিচী' আলোচনা চক্ৰত অংশগ্ৰহণ কৰি মণিপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক ই বিজয়কুমাৰ সিঙে কয় যে এক্ট ইষ্ট পলিচীয়ে উত্তৰ পূৰ্বাঞ্চলৰ ছবি সলনি কৰি দিব পাৰে । এক্ট ইষ্ট পলিচীৰ বিষয়ে সবিশেষ ব্যখ্যা কৰি তেওঁ কয় যে আগৰ লুক ইষ্ট নীতিৰ তুলনাত ই অধিক পৰিপক্ক আৰু সুদূৰপ্ৰসাৰী । অঞ্চলটোৰ পৰিবৰ্তিত ৰাজনৈতিক সমীকৰণ সমূহৰ বাবে লুক ইষ্ট নীতি বহুবোৰ বাধাৰ সন্মূখিন হোৱাৰ বিপৰীতে এক্ট ইষ্ট নীতি সেই আসোঁৱাহবোৰৰ পৰা মুক্ত বুলি তেওঁ কয় । শেহতীয়াকৈ বিশ্ব অৰ্থনীতিৰ ভাৰকেন্দ্ৰ পশ্চিমৰ পৰা পূবলৈ বিশেষকৈ ভাৰত আৰু চীনলৈ স্থানান্তৰিত হৈছে বুলি মন্তব্য কৰি তেওঁ কয় যে এই দুইখন দেশৰ ভবিষ্যৎ সম্ভাৱনা অতি উজ্বল । "অতীজতে যিহেতু আমি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ সুযোগ হেৰুৱাইছো সেয়েহে এই ক্ষেত্ৰত এক্ট ইষ্ট নীতিৰ গুৰুত্ব অপৰিসীম ।" তেওঁ কয় । তেওঁ লগতে কয় যে উত্তৰ পূব এতিয়া এক আওহতীয়া অঞ্চল নহয় বৰঞ্চ আৰ্থনৈতিক কাৰ্যকলাপৰ এক প্ৰাণকেন্দ্ৰ হিচাপে পৰিগণিত হৈছে । অৱশ্যে এই ক্ষেত্ৰত বহুদূৰ আগুৱাবলৈ এতিয়াও বাকী । এই অঞ্চলটোৰ দ্ৰুত উন্নয়নৰ বাবে চৰকাৰে নিৰ্মাণ খণ্ডটোত অধিক গুৰুত্ব দিব লাগে । "আমি কেঁচা মালৰ বজাৰৰ সলনি উৎপাদিত সামগ্ৰী বিক্ৰতা হোৱাত অধিক গুৰুত্ব প্ৰদান কৰিব লাগে ।" তেওঁ কয় । 

তেজপুৰ বিশ্ববিদ্যালয়ৰ অধ্যাপক মৃণ্ময় কুমাৰ শৰ্মাই আঁত ধৰা এই আলোচনাত অধ্যাপক বিজয় কুমাৰে উপস্থিত শ্ৰোতাৰ প্ৰশ্নৰো উত্তৰ দিয়ে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

উদ্যমিতা সময়ৰ আহ্বান: বি পল মুক্তি, নেডফি অধ্যক্ষ তথা পৰিচালন সঞ্চালক