ড'নাৰ মন্ত্ৰালয়ৰ বাবে পুঁজিৰ যোগান

ড'নাৰ মন্ত্ৰালয়ৰ বাবে পুঁজিৰ যোগান

Friday March 24, 2017,

2 min Read

২০০৪-০৫ বৰ্ষত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয় গঠনৰ সময়ত প্ৰথম বছৰত ইয়াৰ বাবে নিৰ্দ্ধাৰিত কৰা পুঁজিৰ পৰিমাণ আৰু বৰ্তমানৰ ২০১৬-১৭ বৰ্ষৰ বাবে নিৰ্দ্ধাৰিত কৰা পুঁজিৰ পৰিমাণ (সামাজিক আৰু আন্তঃগাঁথনিমূলক উন্নয়নৰ বাবে অনুমোদিত পুঁজিৰে সৈতে) যথাক্ৰমে ১১৯৪.৭০ কোটি টকা আৰু ২৬০০.০১ কোটি টকা।

image


"উত্তৰ পূৰ্বাঞ্চলৰ মানুহৰ জীৱিকা, উদ্যোগ আৰু আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা দুৰ্বলতা নোহোৱা কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰসমূহৰ মনোযোগ আকৰ্ষণ কৰাই মন্ত্ৰালয়ৰ প্ৰথম আৰু প্ৰধান লক্ষ্য। মন্ত্ৰীপৰ্যায়ত সহযোগিতা স্থাপন কৰি এই অঞ্চলত লুকাই থকা বিভিন্ন সম্ভাৱনীয়তা, যেনে শাক-পাচলি আৰু ফুলৰ খেতি, হস্তশিল্প, পৰ্যটন, জৈৱিক কৃষি আদি ক্ষেত্ৰত উন্নয়নৰ নীতি প্ৰস্তুত কৰাই ইয়াৰ মূখ্য উদ্দেশ্য। এই মন্ত্ৰালয়ৰ পদক্ষেপ আৰু আঁচনিসমূহৰ যোগেদি মন্ত্ৰালয়ে বাট-পথ, দলং আদি নিৰ্মাণৰ কৰি উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা দুৰ্বলতা নোহোৱা কৰিবলৈ প্ৰভূত অৰিহণা যোগাইছে। ৰাজ্য চৰকাৰসমূহেও ৰাজ্যিক পৰ্যায়ত শক্তি আৰু প্ৰসাৰৰ ক্ষেত্ৰত আন্তঃগাঁথনিৰ উন্নয়নত গুৰুত্ব দিছে।"

লোকসভাত ড০ স্বামী সাক্ষী মহাৰাজে সোধা এটা প্ৰশ্নৰ লিখিত উত্তৰত উত্তৰ পূৰ্বাঞ্চল উন্নয়ন মন্ত্ৰালয়ৰ ৰাজ্য মন্ত্ৰী (স্বাধীন দপ্তৰ), প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়, কৰ্মচাৰী, ৰাজহুৱা অভিযোগ, পেন্সন, আণৱিক শক্তি আৰু মহাকাশ দপ্তৰৰ ৰাজ্য মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙে এইদৰে কয়। 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

পাঁচ লাখ কৃষকে বিনিয়োগ কৰা এখন ছুপাৰহিট ছবি : শ্যাম বেনেগালৰ ‘মন্থন’

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ