ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

Saturday March 18, 2017,

1 min Read

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগৰ দ্বাৰা আয়োজিত সম্পৰ্ক-২০১৭ অনুস্থানত যোগদান কৰি নাছকমৰ ৰৱি ৰঞ্জনে এইদৰে কয় । 

image


ৰৱি ৰঞ্জনে নাছকম '১০,০০০ ষ্টাৰ্টআপছ' পদক্ষেপৰ ওপৰত আলোকপাত কৰে । ২০২৩ চনৰ ভিতৰত ভাৰতৰ ১০,০০০ ষ্টাৰ্টআপক পুঁজিৰ লগতে অন্যান্য সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে ইনকিউবেছনৰ সহায়ো আগবঢ়োৱাৰ লক্ষ্য লৈছে নাছকমে । এজন উদ্যমী হিচাপে নিজে সন্মূখিন হোৱা বিভিন্ন সমস্যা আৰু বাধাৰ বিষয়েও কয় ৰঞ্জনে । এজন উদ্যমীয়ে তিনিটা কথাৰ ওপৰত গুৰুত্ব দিব লাগে বুলি তেওঁ কয়- প্ৰথম, নিজৰ চৌপাশে ঘটি থকা ঘটনাৱলী আৰু পৰিবেশলৈ অহা পৰিৱৰ্তন সমূহৰ বিষয়ে সজাগ হৈ থকা । ইয়াৰ ফলত যিকোনো নতুন ব্যৱসায়ৰ সম্ভাৱনা আৱিষ্কাৰ কৰাটো সহজ হৈ পৰে । দ্বিতীয়তে, এটা সঠিক কৰ্মীগোট নিৰ্বাচন কৰা কিয়নো এই গোটতোৰ ওপৰতে সমগ্ৰ ব্যৱসায়টোৰ সফলতা নিৰ্ভৰ কৰিব । তৃতীয়তে, পুঁজিৰ চিন্তা উদ্যমীজনৰ বাবে শেষ কথা হোৱা উচুত কিয়নো পৰিকল্পনাটো ভাল আৰু অৰ্থনৈতিকভাৱে লাভজনক হ'লে পুঁজিৰ অভাৱ কেতিয়াও নহয় । পুঁজিৰ যোগানৰ বাবে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানৰ লগতে অন্যান্য বিনিয়োগকাৰীৰ অভাৱ নাই ।


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ 

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭