৯৪ বছৰ বয়সত গ্ৰামপ্ৰধান হিচাপে নিৰ্বাচিত গঙ্গুবাই ভাম্বুৰে

৯৪ বছৰ বয়সত গ্ৰামপ্ৰধান হিচাপে নিৰ্বাচিত গঙ্গুবাই ভাম্বুৰে

Friday September 09, 2016,

2 min Read

পুণেৰ ভাম্বুৰৱাড়ি গাঁৱৰ নতুন গ্ৰামপ্ৰধান হৈছে গঙ্গুবাই নিভ্ৰুতি ভাম্বুৰে। তেওঁৰ বয়স ৯৪ বছৰ । কিন্তু এই বয়সতো তেওঁৰ উৎসাহ কোনোগুণে কম নহয় । "মই ডেকা মানুহৰ দৰে খোজ কাঢ়ো আৰু শিক্ষকৰ দৰে কথা কওঁ । মোক ৰ'দ বৰষুণ একোৱে বাধা দিব নোৱাৰে । মই কাম কৰিবলৈ বিচাৰোঁ । কাম কৰিব নোৱাৰিলে পদ গ্ৰহণ কৰাৰ মানে নাই । " ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ আগত তেওঁ কয় ।

Image : (L) - Jagran; (R) - Youth News

Image : (L) - Jagran; (R) - Youth News


গঙ্গুবাইৰ প্ৰথম লক্ষ্য হৈছে অঞ্চলটোৰ পানীৰ অভাৱ দূৰ কৰা । সাতখন গাৱঁৰ ২৫০ খেতিয়কৰ বাবে ই এটা ডাঙৰ সমস্যা । পানীৰ আভাৱতেই এই খেতিয়কসকলৰ ১০০০ হেক্টৰ ভূমি বছৰটোৰ আঠমাহ সময় এনেয়ে পৰি থাকে । 

গঙ্গুবায়ে তেওঁৰ গাৱঁলৈ পানীযোগানৰ বাবে পাইপলাইন নিৰ্মাণৰ বাবে প্ৰধানমন্ত্ৰীলৈ চিঠি লিখাৰ পৰিকল্পনা কৰিছে । তেওঁ কয় যে তেওঁ প্ৰধানমন্ত্ৰী মোডীক সাক্ষাৎ কৰিবলৈ ইচ্ছুক যদিহে তেওঁ তেওঁলোকৰ গাৱঁলৈ আহে । "মোডী মোৰ ল'ৰাৰ দৰে । মোৰ ডাঙৰ ল'ৰাৰ বয়স ৬৬ আৰু মই শুনিছো মোডীৰ বয়সো তেনেকুৱাই । মোৰ বিশ্বাস তেওঁ খেতিয়কৰ সমস্যালৈ মনোযোগ দিব।"

শেহতীয়াকৈ ভাৰতৰ বিভিন্ন অঞ্চলত মহিলা গ্ৰামপ্ৰধানৰ সংখ্যা বৃদ্ধি পাইছে । অলপতে ৰাজস্থানৰ ছৱি ৰাজাৱত ভাৰতৰ প্ৰথম আৰু কনিষ্ঠতম এমবিএ ডিগ্ৰীধাৰী গ্ৰামপ্ৰধান হৈছিল । আন এখন গাৱঁৰ নাওৰতি দেৱী নামৰ এগৰাকী দলিত মহিলাই মদ আৰু ভূ-মাফিয়াৰ বিৰুদ্ধে প্ৰৱল যুঁজ চলাই গৈছে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাৰপৰা কি শিকিব পাৰে

গাৱঁৰ নিৰক্ষৰ মহিলাই স্থাপন কৰা এটা কোটিটকীয়া কোম্পানী

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' 

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক