গাৱঁৰ নিৰক্ষৰ মহিলাই স্থাপন কৰা এটা কোটিটকীয়া কোম্পানী

গাৱঁৰ নিৰক্ষৰ মহিলাই স্থাপন কৰা এটা কোটিটকীয়া কোম্পানী

Tuesday September 06, 2016,

3 min Read

ৰাজস্থানৰ ধোলপুৰৰ তিনিগৰাকী মহিলাৰ কাহিনী । বিপদৰপৰা পৰিত্ৰাণ পাবলৈ এই নিৰক্ষৰ মহিলা কেইগৰাকীয়ে এনে এক পদক্ষেপ ল'লে যাৰ ফলত আজি তেওঁলোকে কোটি টকাৰ ব্যৱসায় কৰা কোম্পানী প্ৰতিষ্ঠা কৰিলে আৰু তেওঁলোকৰপৰা মেনেজমেন্টৰ শিক্ষা লবলৈ চহৰৰপৰা ছাত্ৰ-ছাত্ৰী তেওঁলোকৰ ওচৰলৈ যায় । 

এঘাৰ বছৰৰ আগতে অনিতা, হৰিপ্যাৰী আৰু বিজয় শৰ্মা এই গাওঁখনলৈ বিয়া হৈ আহিছিল । তেওঁলোক আটাইকেইগৰাকী আছিল নিৰক্ষৰ আৰু তেওঁলোকৰ তিনিওৰে স্বামীয়ে একো কাম-কাজ নকৰিছিল । ঘৰৰ আৰ্থিক সংকটৰ জোৰা মাৰিবলৈ পথৰ সন্ধানত থকা এই মহিলাকেইগৰাকীৰ মাজত ক্ৰমাৎ বন্ধুত্ব গাঢ় হৈ আহিল । তেওঁলোকে নিজৰ মাজত আলোচনা কৰি সিদ্ধান্ত ল'লে উপাৰ্জনৰ বাবে কিবা এটা কৰাৰ । কোনোবাই বুদ্ধি দিলে ম'হ পালন কৰি ম'হৰ গাখীৰৰ ব্যৱসায় কৰিবলৈ । তেওঁলোকক কোৱা হৈছিল গুৱালে নিজেই ঘৰৰপৰা এই গাখীৰ কিনি লৈ যাবহি । গতিকে মহাজনৰপৰা ৬০০০ টকাকৈ ধাৰ লৈ তেওঁলোকে ম'হ কিনি গাখীৰৰ উৎপাদন আৰম্ভ কৰি দিলে । অথচ গাখীৰ বিক্ৰীৰ সময়ত হ'ল সম্পূৰ্ণ ওলোটা । গুৱালে তেওঁলোকক বিভিন্ন অজুহাত দেখুৱাই গাখীৰ কিনিবলৈ অস্বীকাৰ কৰিবলৈ ধৰিলে আৰু ইয়াৰ পাছত ক্ৰমাৎ মহাজনৰ ধাৰ মাৰিবলৈ অসমৰ্থ এই মহিলাকেইগৰাকীৰপৰা অতি কম দামত সেই গাখীৰ কিনিবলৈ ধৰিলে । কেতিয়াবা গাখীৰৰ গুণাগুণৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আৰু কেতিয়াবা বজাৰ বেয়া হোৱাৰ চেলু দেখুৱাই তেওঁলোকক অতি কম পইছা দি গাখীৰ কিনিবলৈ ধৰিলে । উপায়ন্তৰ হৈ তেওঁলোকে এদিন নিজে ডেইৰী ফাৰ্মলৈ গ'ল গাখীৰ বিক্ৰী কৰিবলৈ । তালৈ গৈ তেওঁলোকে গম পালে যে তেওঁলোকক গুৱালে আচল মূল্যৰ আধাতকৈও কম দাম দি আহিছে । 

image


সেই দিন ধৰি তেওঁলোকে নিজেই ডেইৰী ফাৰ্মলৈ গৈ গাখীৰ বেচিবলৈ ধৰিলে । লাহে লাহে তেওঁলোকে এখন জীপ ভাৰালৈ লৈ ওচৰৰ গাওবোৰৰপৰাও গাখীৰ সংগ্ৰহ কৰি ডেইৰী ফাৰ্মত বেচিবলৈ ধৰিলে । অনিতাই কয়, "আমি তেতিয়া পুৱা তিনি বজাত কাম আৰম্ভ কৰিছিলো আৰু ১০০০ লিটাৰ গাখীৰ সংগ্ৰহ কৰিছিলো । আমি মহিলাসকলক গুৱালতকৈ বেচি পইছা দিছিলো বাবে লাহে লাহে সকলোৱে আমাকে গাখীৰ বেচিবলৈ ধৰিলে ।" 

এয়া আছিল সফলতাৰ আৰম্ভণী । সময়ত পইছা দিয়া আৰু সতাতৰে ব্যৱসায় কৰাৰ বাবে সকলোৱে তেওঁলোককে গাখীৰ বেচিবলৈ বিচাৰিছিল । অতি শীঘ্ৰেই তেওঁলোকে নিজাকৈ গাখীৰ সংগ্ৰহ কেন্দ্ৰ স্থাপন কৰিলে । হৰিপ্যাৰীয়ে কয়- 

"আমি সংগ্ৰহ কৰা গাখীৰৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিলে আৰু আমি স্বেচ্ছাসেৱী সংস্থা আৰু চৰকাৰৰ সহায়ত আমাৰ ব্যৱসায় বৃদ্ধি কৰিবলৈ ধৰিলো । আমি আত্মসহায়ক গোট বনালো আৰু বহুতেই আমাৰ সহায়ৰ বাবে আগবাঢ়ি আহিল ।" 

image


২০১৩ চনত তেওঁলোকে এক লাখ টকা ঋণ লৈ সহেলী প্ৰডিউচাৰ নামৰ এটা কোম্পানী গঠন কৰিলে । মঞ্জলি ফাউণ্ডেচনৰ কাৰিকৰী সহযোগত নাবাৰ্ডৰপৰা লোৱা চাৰি লাখ টকা ঋণেৰে কৰিমপুৰ গাৱঁত এটা দুগ্ধ প্ৰকল্প স্থাপন কৰিলে । বৰ্তমান ৮০০০ গাৱঁলীয়া মহিলা এই কোম্পানীৰ শ্বেয়াৰহ'ল্ডাৰ আৰু আঢ়ৈ বছৰত এই কোম্পানীটো ডেৰ কোটি টকাৰ হৈ পৰিছে । এই কোম্পানীৰ ব'ৰ্ডৰ সদস্য ১১ গৰাকী মহিলাই ১২ হাজাৰ টকা মহিলী উপাৰ্জন কৰে । কোম্পানীটোক ৰাজ্য চৰকাৰে পাঁচ লাখ টকা অনুদান দিছে আৰু এই টকাৰপৰাই আন মহিলাক ঋণ দি গুৱালৰ শোষণৰপৰা তেওঁলোকক মুক্ত কৰাৰ পদক্ষেপ লৈছে প্ৰতিস্থানটোৱে । বিজয় শৰ্মাই কয়, "প্ৰথমে তেওঁলোক ঘৰৰপৰা নোলাইছিল । আজিকালি তেওঁলোক স্বাৱলম্বী আৰু মুক্তমনা।"

যি সময়ত গুৱালে এই মহিলাসকলক ২০-২২ টকাকৈ প্ৰতি লিটাৰ গাখীৰত দাম দিছিল সেই সময়ত এই কোম্পানীয়ে ৩০-৩২ টকা প্ৰতি লিটাৰ গাখীৰত দাম দিয়ে যাৰ ফলত মহিলাসকলে ১৫০০ টকাকৈ প্ৰতিমাহে আয় কৰে । ইয়াৰ উপৰিও কোম্পানীৰ লভ্যাংশৰ হিচাপত তেওঁলোকে আয়ৰ ভাগ পায় । 

প্ৰায় ওঠৰখন গাঁৱত গাখীৰ সংগ্ৰহ কেন্দ্ৰ আছে আৰু এই কেন্দবোৰৰপৰা গাখীৰ সংগ্ৰহ কৰি কৰিমপুৰৰ প্ৰকল্পলৈ নিয়া হয় । মহিলী ২০০০০ টকা বেতনত প্ৰকল্পটোৰ মূখ্য কাৰ্যবাহী বিষয়া হিচাপে নিযুক্ত উচ্চ শিক্ষিত বজ্ৰহাৰ সিঙে কয়, 

"এই মহিলাকেইগৰাকীৰ বাবে পুৰুষসকলৰ দৃষ্টিভঙ্গীও বদলিছে । আগতে উচ্চ জাতিৰ পুৰুষে মহিলাসকলক ঘৰৰ বাহিৰলৈ ওলাবলৈ নিদিছিল । কিন্তু আজিকলি তেওঁলোকে নিজেই মহিলাসকলক লৈ আহে ।" 

মূল- ৰিম্পি কুমাৰী

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' 

অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ 

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক