ডিচেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'

ডিচেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'

Monday October 17, 2016,

2 min Read

ডিচেম্বৰত গুৱাহাটী হৈ পৰিব উত্তৰ-পূবৰ ষ্টাৰ্টআপ সমূহৰ মিলনক্ষেত্ৰ । ১৫-১৬ ডিচেম্বৰত নৰ্থ-ইষ্ট ডিভেলপমেন্ট ফাউণ্ডেচন, ডিজিটেল এম্পাৱাৰমেন্ট ফাউণ্ডেচন, ইণ্ডিয়ান ইন্সটিটিউট অৱ অন্ট্ৰ'প্ৰিনিঅ'ৰশ্বিপ আৰু ৰাজীব গান্ধী নেচনেল ইনষ্টিটিউট অৱ য়ুথ দিভেলপমেন্টে আয়োজন কৰিব উত্তৰ-পূৱ ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' । এই সমাৰোহ আয়োজিত হ'ব আই আই ই প্ৰেক্ষাগৃহত । উল্লেখযোগ্য যে এই সমাৰোহত সহযোগ আগবঢ়াইছে য়'ৰ ষ্ট'ৰী অসমীয়াই । 

image


এই সমাৰোহ উত্তৰ পূৱৰ ষ্টাৰ্টআপ সমূহক এখন উমৈহতীয়া মঞ্চ প্ৰদান কৰাৰ উদ্যেশ্যেৰে আয়োজন কৰা হৈছে । ষ্টাৰ্টআপ সমূহৰ মাজত মত বিনিময় আৰু পৰামৰ্শ প্ৰদান এই সমাৰোহৰ অন্যতম লক্ষ্য । 

"চিকিমকে ধৰি উত্তৰ পূবৰ আঠখন ৰাজ্যৰ ষ্টাৰ্টআপ সমূহক উদগণি যোগোৱাৰ উদ্যেশ্যেৰে আপষ্টাৰ্টৰ আয়োজন কৰা হৈছে। শ্ৰেষ্ঠতম ষ্টাৰ্টআপ সমূহক বিচাৰি উলিয়াই সেইবোৰক বিনিয়োগকাৰী আৰু অন্যান্য গোটৰ সৈতে সম্পৰ্ক স্থাপনত সহায় কৰি তেওঁলোকৰ ব্যৱসায় প্ৰসাৰ কৰা আৰু স্থানীয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় বজাৰৰ উপযোগী ব্ৰেণ্ড সৃষ্টি কৰা আমাৰ লক্ষ্য । প্ৰয়োজনীয় পুঁজিৰ লগতে আমি তেওঁলোকক কাৰিকৰী জ্ঞান অৰু ইনকিউবেচনৰ সুবিধা প্ৰদান কৰা আমাৰ উদ্দেশ্য । এই সমাৰোহৰ জৰিয়তে আমি উদীয়মান উদ্যমী আৰু তেওঁলোকৰ উদ্ভাৱনী চিন্তাক উদগণি যোগাবলৈ প্ৰচেষ্টা লৈছো । আমি এই অঞ্চলটোত উদ্যমিতাৰ সংস্কৃতি গঢ়ি তোলাৰ লগতে উদ্যমিতাৰ পৰিবেশ উন্নত কৰাৰ বাবেও প্ৰচেষ্টা হাতত লৈছো যি আজিৰ দিনত অতি প্ৰয়োজনীয় । " এনিডিএফৰ সঞ্চালক ড° চৈয়দ কাজীয়ে কয় ।   

উল্লেখযোগ্য যে ১২ শিতানত নিৰ্বাচিত ষ্টাৰ্টআপ সমূহে তেওঁলোকৰ ধাৰণা সমূহ বিনিয়োগকাৰীৰ আগত উপস্থাপন কৰাৰ সুবিধা পাব দুদিনীয়া এই সমাৰোহত । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উদ্যোগশীলতাৰ শিক্ষা মণিৰাম দেৱানৰপৰা

এটিএম বিচাৰি হাবাথুৰি খোৱাৰ ফলত সৃষ্টি হোৱা এটা ব্যৱসায়ৰ লক্ষ্য ২৫০ কোটি টকা

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন