মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাৰপৰা কি শিকিব পাৰে

মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত ভাৰতে শ্ৰীলংকাৰপৰা কি শিকিব পাৰে

Thursday September 08, 2016,

3 min Read

জনস্বাস্থ্যৰ ক্ষেত্ৰত এক অন্যতম সফলতা লাভ কৰিছে শ্ৰীলংকাই । শেহতীয়াকৈ বিশ্ব স্থাস্থ্য সংস্থাই শ্ৰীলংকাক মেলেৰিয়া মুক্ত ঘোষণা কৰিছে । পৃথিবৱীৰ এক অন্যতম মেলেৰিয়া প্ৰৱণ অঞ্চলৰপৰা সম্পূৰ্ণ মেলেৰিয়া মুক্ত অঞ্চললৈ পৰিণত হোৱাৰ আঁৰত আছে দেশখনৰ চৰকাৰৰ নিৰলস প্ৰয়াস । 

image


এই ক্ষেত্ৰত প্ৰথম পদক্ষেপ আছিল স্বাস্থ্যখণ্ডত ব্যাপক সংস্কাৰ । শ্ৰীলংকাৰ জনবসতিৰ ৮০ শতাংশই গ্ৰাম্যাঞ্চলৰ বাসিন্দা । গ্ৰাম্যাঞ্চলত ভ্ৰাম্যমান চিকিৎসালয়ৰ ব্যৱস্থা কৰাৰ লগতে মহ নিৰ্মূলৰ লক্ষ্য লৈও আগবাঢ়িছিল । লগতে স্বাস্থ্য সজাগতাৰ বাবেও ব্যাপক ব্যৱস্থা গ্ৰহণ কৰা হৈছিল । 

শ্ৰীলংকাত মেলেৰিয়াই বহু বছৰ ধৰি সংহাৰ ৰূপ ধাৰণ কৰি আহিছিল । ১৯৩৫ চনত ১৫ লাখ লোক মেলেৰিয়াত আক্ৰান্ত হৈছিল আৰু ৮০,০০০ মৃত্যুমূখত পৰিছিল । ১৯৬৩ চনত এই সংখ্যা নামি ১৭ জন হ'লগৈ । কিন্তু ইয়াৰ পাছত মেলেৰিয়া নিৰ্মূলৰ বাবে থকা পুঁজি আন শিতানত ব্যয় কৰিবলৈ আৰম্ভ কৰাত ১৯৬৯ চনত পুনৰ ৫ লাখ লোক মেলেৰিয়াত আক্ৰান্ত হয় । 

ইয়াৰ পিছৰ কেইটামান দশকত শ্ৰীলংকাই মেলেৰিয়াৰ সৈতে যুঁজিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হৈছিল । ১৯৯৯ চনত ২,৭০,০০০ লোক মেলেৰিয়াত আক্ৰান্ত হয় । ইয়াৰ পিছতে শ্ৰীলংকা চৰকাৰে মেলেৰিয়া নিৰ্মূল আঁচনিত কেতবোৰ সালসলনি ঘটায় । 

ইয়াৰ পূৰ্বে মূলতঃ মহ খেদোৱা দৰৱ আৰু আঠুৱা প্ৰয়োগৰ ওপৰতে গুৰুত্ব আৰোপ কৰা হৈছিল । এইবাৰ মেলেৰিয়া ৰোগ ধৰা পেলোৱা আৰু ইয়াৰ চিকিৎসাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । এই কৌশলৰ ফলত ২০০৬ চনত মেলেৰিয়া আক্ৰান্তৰ সংখ্যা ১০০০ লৈ হ্ৰাস পায় । ২০১২ চনৰপৰা শ্ৰীলংকাত মেলেৰিয়াৰ কোনো নতুন ঘটনা দেখিবলৈ পোৱা হোৱা নাই । 

মালদ্বীপৰ পিছত শ্ৰীলংকাই হৈছে দক্ষিণ পূৱ এছিয়াৰ দ্বিতীয়খন ৰাষ্ট্ৰ যাক মেলেৰিয়া মুক্ত ঘোষণা কৰা হৈছে । বিশ্বজুৰি মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ চলি আছে । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে যোৱা ১৫ বছৰত মেলেৰিয়াৰ আক্ৰমণ ৩৭ শতাংশ হ্ৰাস পাইছে । মেলেৰিয়াত হোৱা মৃত্যৰ সংখ্যা হ্ৰাস পাইছে ৬০ শতাংশ । 

ভাৰতত মেলেৰিয়া আক্ৰমণৰ সংখ্যা ২০০০ চনৰ ২ কোটিৰপৰা হ্ৰাস পাই ২০১৫ চনত ১ লাখ ১২ হাজাৰ হয়হি । তথাপিও পাহাৰীয়া আৰু সেমেকা অঞ্চল সমূহত মলেৰিয়া এতিয়াও এক প্ৰত্যাহ্বান । ভাৰতৰ ৮০ শতাংশ মেলেৰিয়া আক্ৰমণেই উত্তৰ আৰু উত্তৰ-পূব অঞ্চলত দেখা যায় য'ত দেশৰ জনসংখ্যাৰ মাত্ৰ ২০ শতাংশহে বাস কৰে । যোৱা বছৰ ভাৰতত মেলেৰিয়াত হোৱা মৃত্যুৰ সংখ্যা আছিল ২৮৭ । 

সমগ্ৰ বিশ্বৰ বাবে মেলেৰিয়া এতিয়াও এক প্ৰত্যাহ্বান । ২০১৫ চনত ২১ কোটিতকৈও অধিক লোক মেলেৰিয়াত আক্ৰান্ত হোৱাৰ লগতে ৪ লাখ ৩৮ হাজাৰ লোকৰ মৃত্যু ঘটিছিল । ২০৩০ চনৰ ভিতৰত বিশ্বজুৰি মেলেৰিয়া নিৰ্মূলৰ লক্ষ্য লৈছে বিশ্ব স্বাস্থ্য সংস্থাই । 

মেলেৰিয়াৰ বিৰুদ্ধে শ্ৰীলংকাৰ যুঁজ আৰু ইয়াত জয়লাভ ভাৰতৰ বাবেও এক উদাহৰণ । সঠিক আঁচনি আৰু কৌশল প্ৰয়োগ কৰি মেলেৰিয়া নিৰ্মূলত ভাৰতে নিশ্চিতভাৱে শ্ৰীলংকাৰ উদাহৰণ ল'ব পাৰে ।

মূল- সৌৰভ ৰয়

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী 

গাৱঁৰ নিৰক্ষৰ মহিলাই স্থাপন কৰা এটা কোটিটকীয়া কোম্পানী

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট' 

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক

অবিবাহিত দম্পতিৰ বাবে অয়' ৰুমছৰ সেৱা