১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক

১০০ বছৰীয়া এথলীটে ভাৰতলৈ আনিলে স্বৰ্ণপদক

Friday September 02, 2016,

1 min Read

চণ্ডিগড়ৰ ১০০ বছৰীয়া মান কৌৰ হৈছে এগৰাকী এথলীট । অলপতে কানাডাৰ ভেংকুভাৰত বয়োজ্যেস্থসকলৰ বাবে অনুস্থিত এমেৰিকাজ মাষ্টাৰ্ছ গেমছত বিভিন্ন খেলৰ লগতে দৌৰত স্বৰ্ণপদক জয় কৰি তেওঁ সকলোৰে হৃদয় জয় কৰে ।

Image : NewsX

Image : NewsX


১০০ মিটাৰ দৌৰ তেওঁ ডেৰ মিনিটত সম্পন্ন কৰে । উল্লেখযোগ্য যে মান কৌৰ আছিল ১০০ বছৰ শাখাৰ একমাত্ৰ প্ৰতিযোগী। 

"এই প্ৰতিযোগিতাত জয়লাভ কৰি তেওঁ ভাৰতলৈ ঘুৰি গৈ সকলোকে 'মই ইমানবোৰ মেডেল জয় কৰি আহিছো' বুলি কবলৈ উৎসাহিত হৈ আছে ।" কৌৰৰ ৭৮ বছৰীয়া পুত্ৰ গুৰদেৱ সিঙে কয় । 

মান কৌৰে পুত্ৰৰ অনুপ্ৰেৰণাত ৯৩ বছৰ বয়সৰপৰা দৌৰাৰ লগতে আন আন খেলতো অংশগ্ৰহণ কৰি আহিছে । বিশ্বৰ বিভিন্ন প্ৰান্তৰত অনুস্থিত মাষ্টাৰ্ছ গেমত তেওঁ কুৰিটাতকৈও অধিক পদক অৰ্জন কৰিছে । "মই তেওঁক কৈছিলো যিহেতু তোমাৰ কোনো আঠুৰ সমস্যা, হৃদৰোগ অথবা আন কোনো বেমাৰ নাই । গতিকে তুমি দৌৰিবলৈ আৰম্ভ কৰা ।" তেওঁৰ পুত্ৰ গুৰদেৱ সিঙে কয়।

তেওঁৰ স্বাস্থ্যৰ ৰহস্য কি বুলি প্ৰশ্ন কৰাত তেওঁ কয় যে ভাল খাদ্য আৰু ব্যায়ামেই তেওঁৰ সুস্থ জীৱনৰ মন্ত্ৰ । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কেক বনোৱাৰ চখৰপৰাই আৰম্ভ টিক্-টক্ বেইকহাউছ

পাক সেনাৰ মেজৰ হোৱা ভাৰতীয় চোৰাংচোৱাজন

গধূৰ স্কুলবেগৰ বিৰুদ্ধে ১২ বছৰীয়া ছাত্ৰৰ সংবাদমেল

নৱেম্বৰত উত্তৰ-পূব ষ্টাৰ্টআপ সমাৰোহ 'আপষ্টাৰ্ট'