অৰ্ণব গোস্বামীৰ নতুন প্ৰকল্প- ৰিপাব্লিক

অৰ্ণব গোস্বামীৰ নতুন প্ৰকল্প- ৰিপাব্লিক

Friday December 16, 2016,

2 min Read

অৰ্ণৱ গোস্বামীয়ে টাইমছ নাওৰপৰা পদত্যাগ কৰাৰ সময়ৰে পৰা এটা প্ৰশ্নই সকলোকে কৌতুহলী কৰি ৰাখিছিল- ইয়াৰ পিছত অৰ্ণব গোস্বামীয়ে কি কৰিব ? অৱশেষত সকলো জল্পনা কল্পনাৰ ওৰ পেলাই অৰ্ণবে ঘোষণা কৰিলে তেওঁৰ নতুন প্ৰকল্প- ৰিপাব্লিক । 

উত্তৰ প্ৰদেশৰ নিৰ্বাচনৰ আগে আগে তেওঁ আৰম্ভ কৰিবলৈ চেষ্টা চলাব তেওঁৰ নতুন বাতৰি প্ৰতিষ্ঠান ৰিপাব্লিক । ইয়াৰ কাম বৰ্তমান পূৰ্ণ গতিত চলি আছে বুলি জনায় । অৰ্ণবে কয়, "মোৰ প্ৰকল্পটোৰ নাম ৰিপাব্লিক । মই ইয়াৰ বাবে ভাৰতৰ জনতাৰ সমৰ্থন বিচাৰোঁ ।"

image


২০১৬ চনৰ নৱেম্বৰৰ ১ তাৰিখে তেওঁ টাইমছ নাওৰপৰা পদত্যাগ কৰিছিল । টেলিগ্ৰাফ কলকাতাত নিজৰ কেৰিয়াৰ আৰম্ভ কৰা অৰ্ণবে এন ডি টি ভি আৰু টাইমছ নাওৰ পিছত তেওঁ এইবাৰ নিজাকৈ এই বাতৰি প্ৰতিষ্ঠান আৰম্ভ কৰিব । প্ৰায় এটা দশক ধৰি তেওঁ টাইমছ নাও আৰু ই টি নাওৰ মূখ্য সম্পাদক আৰু প্ৰেছিডেন্ট ( নিউজ ) পদত কাৰ্যনিৰ্বাহ কৰি আহিছিল । 

পদত্যাগৰ সময়ত তেওঁ টাইমছ নাওৰ সহকৰ্মীসকলক সম্বোধন কৰি কৈছিল, "স্বাধীন সংবাদ মাধ্যম জীয়াই থাকিব । খেল মাত্ৰ আৰম্ভহে হৈছে ।" তেওঁ লগতে ইঙ্গিত দিছিল যে তেওঁ বি বি চি আৰু চি এন এনক প্ৰচণ্ড প্ৰত্যাহ্বান জনাব ।

অৰ্ণবে কয় যে এই সম্পৰ্কে কেই সপ্তাহমানতে আনুষ্ঠানিক ঘোষণা কৰা হ'ব । ঘনিষ্ঠ মহলৰ পৰা জানিব পৰা মতে তেওঁৰ এই প্ৰতিষ্ঠান মুম্বাইত অৱস্থিত হ'ব আৰু বাঙ্গালুৰুৰ এটা সংবাদ প্ৰতিষ্ঠান আৰু এটা আগশাৰীৰ বিজ্ঞাপন প্ৰতিষ্ঠানে অৰ্ণবৰ এই প্ৰকল্পলৈ সহযোগ আগ বঢ়াব । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ডিজিটেল আৰু নগদবিহীন অৰ্থনীতিত উদ্গনি যোগাবলৈ পেকেজ

পৰ্যটনৰ উন্নতিৰ সন্দৰ্ভত উত্তৰ-পূব আৰু মহাৰাষ্ট্ৰৰ মাজত সহযোগিতাৰ পদক্ষেপ

'এই কামটো আগৰ পৰাই কোনোবাই কৰিছে'-এজন উদ্যমী ব্যক্তিয়ে এই কথাষাৰৰ কেনে প্ৰতিক্ৰিয়া কৰিব

প্ৰথম উদ্যোগশীলতাৰ পৰা পাঁচ বছৰে পোৱা শিক্ষাই মোৰ দিগদৰ্শক