পৰ্যটনৰ উন্নতিৰ সন্দৰ্ভত উত্তৰ-পূব আৰু মহাৰাষ্ট্ৰৰ মাজত সহযোগিতাৰ পদক্ষেপ

পৰ্যটনৰ উন্নতিৰ সন্দৰ্ভত উত্তৰ-পূব আৰু মহাৰাষ্ট্ৰৰ মাজত সহযোগিতাৰ পদক্ষেপ

Thursday December 15, 2016,

2 min Read

মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ সহযোগত উত্তৰ-পূবৰ পৰ্যটনৰ বিকাশৰ ভৱিষ্যৎ পৰিকল্পনাকে ধৰি বিস্তৃত বিষয় সন্দৰ্ভত আলোচনা কৰাৰ অৰ্থে মহাৰাষ্ট্ৰৰ পৰ্যটন মন্ত্ৰী জয়কুমাৰ ৰাৱালে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন দপ্তৰৰ ৰাজ্যিক (স্বতন্ত্ৰ) মন্ত্ৰী, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, ব্যক্তিগত-ৰাজহুৱা অভিযোগ, পেন্সন, আনৱিক শক্তি আৰু মহাকাশ বিভাগৰ মন্ত্ৰী ড০ জিতেন্দ্ৰ সিঙক সাক্ষাৎ কৰে। এই আলোচনাৰ সময়ত ড০ জিতেন্দ্ৰ সিঙে কয় যে উত্তৰ-পূবত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা নতুন প্ৰচেষ্টা লানিৰ ভিতৰত এটা উল্লেখযোগ্য পদক্ষেপ হ’ল অৰুণাচলত চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ স্থাপন। সীমিত সা-সুবিধা, চলচ্চিত্ৰ শ্বুটিঙৰ সঁজুলিৰ অভাৱৰ লগতে দূৰ্গম যোগাযোগ ব্যৱ্স্থাই উত্তৰ-পূবৰ মনোমহা প্ৰাকৃতিক সৌন্দৰ্যক আজিও আৱিষ্কাৰ কৰিবলৈ সক্ষম হোৱা নাই। অঞ্চলটোত চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ স্থাপন আৰু যোগাযোগ ব্যৱস্থাৰ উন্নতিয়ে এই বাধাবোৰ আঁতৰ কৰাত সুদূৰপ্ৰসাৰী ভূমিকা পালন কৰিব। ড০ জিতেন্দ্ৰ সিঙে আগবঢ়োৱা পৰামৰ্শৱলীৰ ভিতৰত উল্লেখ্যযোগ্য দিশটো হ’ল মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ মাজত পৃথক বিষয়বস্তুৰে ব্যতিক্ৰমী ৰূপত পৰ্যটনস্থলীৰ বিকাশ ঘটোৱাটো। উদাহৰণস্বৰূপে, ধৰ্মীয় পৰ্যটনস্থলীৰ ভিতৰত মহাৰাষ্ট্ৰৰ ছিৰ্দী আৰু অসমৰ কামাখ্যা মন্দিৰ। একেদৰে বন্ধৰ সময়ত পৰিদৰ্শন কৰিব পৰা আৰু ঐতিহ্যপূৰ্ণ স্থানৰ ভিতৰত মেঘালয় আৰু ছিকিমৰ জনপ্ৰিয় এলিফেণ্টা গুহা আদি বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আনহাতে, উত্তৰ-পূবৰ লোকসকলক মুম্বাইত সাগৰৰ পাৰত মনোমহা পৰিৱেশ উপভোগ সুযোগ, মহাৰাষ্ট্ৰবাসীক অৰুণাচলপ্ৰদেশ আৰু মেঘালয়ৰ প্ৰাকৃতিক দৃশ্যাৱলী, তৃণভূমি আৰু পাহাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰাৰ সূযোগ প্ৰদান কৰিব পৰা যায়।

image


অঞ্চলটোৰ যোগাযোগ ব্যৱস্থাৰ বৃদ্ধিৰ ক্ষেত্ৰত লোৱা পদক্ষেপৰ প্ৰসংগ উল্লেখ কৰি ড০ জিতেন্দ্ৰ সিঙে লগতে কয় যে ড’নাৰ মন্ত্ৰালয়ে শ্বিলং বিমানবন্দৰত বিমানসেৱাৰ উন্নয়নৰ বাবে বৰঙণি আগবঢ়োৱাৰ লগতে ছিকিমৰ পাকিয়াং বিমানবন্দৰৰ কাম-কাজৰো অগ্ৰগতি লাভ কৰিছে। তেওঁ লগতে কয় যে ড’নাৰ মন্ত্ৰালয়ৰ আন এক উল্লেখযোগ্য বৰঙণি হ’ল ত্ৰিপুৰাৰ পৰা বাংলাদেশ সংযোগী ৰে’লৰ প্ৰচলন কৰাটো, যিটোৱে বাণিজ্য, ব্যৱসায় আৰু পৰ্যটন ক্ষেত্ৰৰ ব্যাপক উন্নয়ন সাধন কৰিব।

জয়কুমাৰে পৰ্যটন খণ্ডৰ প্ৰচাৰৰ ক্ষেত্ৰত ড০ জিতেন্দ্ৰ সিঙে দেখুওৱা আগ্ৰহক প্ৰশংসা কৰাৰ লগতে মন্ত্ৰীগৰাকীক মহাৰাষ্ট্ৰলৈ আমন্ত্ৰণ জনায়। তেওঁ দিল্লীত থকা মহাৰাষ্ট্ৰৰ আবাসিক আয়ুক্ত আৰু মহাৰাষ্ট্ৰৰ অন্যান্য সংশ্লিষ্ট বিষয়াসকলৰ সৈতে ড’নাৰ মন্ত্ৰালয়ত মহাৰাষ্ট্ৰ আৰু উত্তৰ-পূবৰ মাজত পৰ্যটনৰ প্ৰচাৰ সম্পৰ্কীয় দীৰ্ঘকালীন সহযোগিতাৰ সম্পৰ্কীয় বৈঠকত মিলিত হোৱাৰ বাবে সহমত প্ৰকাশ কৰে। 

( সৌজন্য- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ডিজিটেল আৰু নগদবিহীন অৰ্থনীতিত উদ্গনি যোগাবলৈ পেকেজ

সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% ৰাজসাহাৰ্য্য আগবঢ়াব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

উত্তৰ-পূবৰ ‘ঘৰুৱা’ পৰ্যটনৰ প্ৰচাৰত গুৰুত্ব ড০ জিতেন্দ্ৰ সিঙৰ