প্ৰথম উদ্যোগশীলতাৰ পৰা পাঁচ বছৰে পোৱা শিক্ষাই মোৰ দিগদৰ্শক

0

বৰ্তমান মোৰ বয়স ৩৭ বছৰ। অথচ এজন সৰু ল’ৰাই নিজৰ জন্মদিনৰ দিনা যিদৰে আনন্দ-উত্তেজনা অনুভৱ কৰে, মোৰো তেনে লাগিছে। আজি মোৰ জন্মদিন নহয়; মই আৰম্ভ কৰা ব্যৱসায়টোৰ বাবে আজি এটা উৎসৱৰ দিন। মোৰ সহ-প্ৰতিষ্ঠাপক বিনয়াৰ পৰা সহযোগ লাভ কৰি মই যি সপোন দেখিছিলো, সি আজি পাঁচ বছৰ অতিক্ৰম কৰিলে। ইমানকেইটা বছৰে Lighthouse Insights বৰ্তি থকাটো সঁচাকৈ এক চমৎকাৰ।

যিকেইটা কথাই আমাক পাঁচটা বছৰ অতিক্ৰম কৰাত সহায় কৰিলে তাৰ কেইটামান ইয়াত উল্লেখ কৰিব বিচাৰিছো। সেইবোৰ চূড়ান্ত অথবা নিখুঁত দিগ দৰ্শনকাৰী বিষয় নহ’বও পাৰে। কিন্তু আমাৰ ক্ষেত্ৰত সেইবোৰেই পৰিপুষ্ট আঁচনি হিচাপে সহায় কৰিছিল।

লক্ষ্যৰ পৰা কেতিয়াও বিচলিত নহ’ব

যোৱা পাঁচ বছৰে সলনি নোহোৱা আমাৰ একমাত্ৰ কথাটো হৈছে আমাৰ লক্ষ্য। আমি বিশ্বাস কৰি আহিছো যে কেৱল ‘‘মৌলিক বিষয়বস্তুহে বৰ্তি থাকে আৰু ইয়াৰ দ্বাৰাহে দুপইচা অৰ্জন কৰিব পাৰি।’’ আজিৰ তাৰিখত আমি দুয়োটা ক্ষেত্ৰতে সফল হৈছো একমাত্ৰ লক্ষ্যৰ পৰা বিচলিত নোহোৱা আৰু ইয়াৰ প্ৰতি একনিষ্ঠ হৈ থকাৰ বাবে। বৰঞ্চ সময় বাগৰাৰ লগে লগে আমি লক্ষ্যৰ ওচৰ চাপি গৈ আছো। যেতিয়া আমি আৰম্ভ কৰিছিলো, তেতিয়া ভাৰতৰ ছ’চিয়েল মিডিয়াত স্থান দখল কৰাটো আছিল আমাৰ লক্ষ্য আৰু আজি ডিজিটেল মাৰ্কেটিং ক্ষেত্ৰৰ কাহিনী প্ৰকাশ কৰাৰ প্ৰয়াস চলাইছো যাতে ই কোনো ব্যৱসায়ীক সঠিক সিদ্ধান্ত লৈ আগবঢ়াত সহায় কৰিব পাৰে।

অৱশ্যে সকলোতে ঘাত-প্ৰতিঘাত থাকে আৰু আমি ইয়াৰ বাবে সাজু থকা উচিত। অন্য সকলোৰে দৰে উদ্যোগশীলতাৰ প্ৰথম খোজত (startup) আমিও বহু কষ্টকৰ দিন পাৰ কৰিছিলো আৰু শেষত ভাল দিন আহিল। সময়ে যি প্ৰত্যাহ্বানেই লৈ নাহক কিয়, আপুনি কেতিয়াও লক্ষ্যৰ পৰা বিচলিত হ’ব নালাগে। কাৰণ লক্ষ্যই হৈছে চালুকীয়া উদ্যোগীৰ আত্মাস্বৰূপ।

পাঠকেই সদায় প্ৰথম

এগৰাকী উদ্যোগশীল ব্যক্তি হোৱাৰ লগে লগে ময়ো এগৰাকী পাঠক। যদি এগৰাকী পাঠকে বিচাৰি নোপোৱাকৈ কোনো এটা বিষয়বস্তু বিজ্ঞাপনে ঢাকি থয়, তেনেহ’লে তাৰ বিৰোধিতা কৰা ময়েই প্ৰথমজন ব্যক্তি হ’ম। আমি প্ৰযুক্তিবিদ নহয়, কিন্তু ডিজাইন সম্পৰ্কে আমাৰ স্পষ্ট সহমত আছে যাৰ দ্বাৰা আমি Lighthouse Insightsত পঢ়াৰ বিষয়টোক অগ্ৰাধিকাৰ দি আহিছো।

পঠন অভিজ্ঞতাৰ উপৰি আমি মৌলিকতাত বিশ্বাস কৰোঁ। আজিকালি আমি এনে কাহিনী হাতত লওঁ যিয়ে কোনো এগৰাকী ব্যৱসায়ীক সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে। কোম্পানীবিলাকৰ প্ৰেছ বিজ্ঞপ্তিত লুকাই থকা কাহিনীবিলাক বিচাৰি আনি আমি প্ৰকাশ কৰোঁ। মুঠৰ ওপৰত এটা কথা – পাঠকৰ স্থান প্ৰথম। গতিকে আজিৰ প্ৰজন্মৰ বুদ্ধিমান পাঠকৰ লগত খেলা কৰা উচিত নহয়। কাৰণ যদিহে তেওঁলোকক আপুনি ধৰি ৰাখিব পাৰে, তেতিয়াহে অৰ্জনৰ বাট মুকলি থাকিব। ইণ্টাৰনেটত কেৱল এটা ক্লিকৰ দ্বাৰা যিদৰে আপোনাৰ ৱেবছাইট খোল খায়, ঠিক সেইদৰে এটা ক্লিকৰ দ্বাৰা পাঠকে আপোনাৰ ৱেবছাইট বন্ধ কৰি গুচি যাব পাৰে। গতিকে পাঠকক সন্মান কৰিব।

সংখ্যা নহয়, মানহে গুৰুত্বপূৰ্ণ

আজিকালি আমি ৮-১০টা লিখনী প্ৰকাশ নকৰোঁ, খুব বেছি দৈনিক ৪টা লিখনী প্ৰকাশ কৰোঁ। (“Online Media Startup’s Dilemma- Balance Between Rehashed Content & Original Content” পঢ়িব পাৰে)। যেতিয়া আমি আৰম্ভ কৰিছিলো তেতিয়া দৈনিক ৫টাকৈ কাহিনী লিখা হৈছিল আৰু এটা সময়ত ই দৈনিক ৮ টা হৈছিলগৈ। কিন্তু ইয়াৰ একো ফল ধৰা নাছিল; বৰঞ্চ অধিক পৰিশ্ৰমৰ ফলত আমাৰ স্বাস্থ্য হানি হৈছিল।

আজিকালি আমি কিমানটা লিখনী প্ৰকাশ কৰিম, সেই সংখ্যাৰ প্ৰতি গুৰুত্ব নিদিও। আমি নিজকে প্ৰশ্ন কৰো যে Lighthouse Insightsত সেইবোৰ পঢ়ি পাঠকে তাৰ পৰা কি পাব। আজিৰ তথ্যসমূদ্ধ যুগত আমি পাঠকৰ সময়ৰ মূল্য দিওঁ। আমাৰ ৱেবছাইটত কিবা এটা পঢ়ি পাঠকে সময় খৰচ কৰাৰ নিশ্চয় কিবা এটা ভাল কাৰণ আমি দিব লাগিব। আমি আমাৰ পাঠকৰ সময়ৰ মূল্য বুজি পাওঁ আৰু সেয়েহে সংখ্যাতকৈ গুণাগুণৰ ওপৰত বেছি গুৰুত্ব দিওঁ।

সীমাবদ্ধতা স্বীকাৰ কৰক

যদিও এগৰাকী উদ্যোগশীল ব্যক্তিৰ বাবে ই এক কঠিন বিষয়, তথাপি যিদিনাই আপুনি আপোনাৰ সীমাবদ্ধতা স্বীকাৰ কৰিব, সিদিনাই আপুনি পৰিপক্কতা লাভ কৰিব। আৰম্ভণি অৱস্থাৰ পৰাই আমি এটা কথা জানো যে লক্ষ্যৰ পৰা বিচলিত নোহোৱাকৈ ব্যৱসায়িক সফলতা লাভ কৰাটো কষ্টকৰ। অৱশ্যে সেই কঠোৰ সত্যটো মানি লৈ মই মোৰ সীমাবদ্ধতাক স্বীকাৰ কৰিবলৈ শিকিছো। ২০১৪ চনৰ আগভাগত মই Lighthouse Insightsক এটা ডিজিটেল নিউজ মিডিয়া ৱেবছাইট হিচাপে গঢ় দিব বিচাৰিছিলো, কিন্তু ব্যৰ্থ হ’লো। মই বুজি উঠিলো যে মোৰ হাতত থকা সীমিত সম্পদ-সমলৰ দ্বাৰা সেয়া সম্ভৱ হৈ নুঠিব। শিকনিটো স্পষ্ট আছিল। মই মোৰ অবাস্তৱ সপোনবিলাক বাদ দিব লাগিব আৰু ভালবোৰ ল’ব লাগিব। মই উপলব্ধি কৰিলো যে দুজনীয়া গোট এটাৰ দ্বাৰা প্ৰতিদিনে প্ৰতি ঘণ্টাতে নতুন নতুন কাহিনী প্ৰকাশ কৰাটো সম্ভৱ নহয় আৰু আমি ইতিমধ্যে অন্য দহটা ৱেবছাইটে প্ৰেছ বিজ্ঞপ্তিৰ পৰা প্ৰকাশ কৰা কাহিনীবিলাক প্ৰকাশ কৰিবও নোৱাৰোঁ। এতিয়া মই জানো যে ১০টাৰ ভিতৰত ৩টা কামহে মই কৰিব পাৰিম। গতিকে সেই ৩টা কিদৰে ভালদৰে কৰিব পাৰি তাত মই গুৰুত্ব দিওঁ। আপোনাৰ মনৰ বহুতো কৌশলী চিন্তা পৰিহাৰ কৰাটো এগৰাকী উন্নতিকামী উদ্যোগশীল ব্যক্তিৰ বাবে কঠিন কাম। কিন্তু আপোনাৰ সীমাবদ্ধতাক আপুনি স্বীকাৰ কৰিবই লাগিব। উদ্যোগশীল ব্যক্তি হিচাপে আপুনি তেতিয়াহে বিকশিত হ’ব যেতিয়া আপোনাৰ সীমাবদ্ধতাক স্বীকাৰ কৰি সেইবোৰেৰে খেল খেলিবলৈ আৰম্ভ কৰিব।

খৰচ কমাই ৰাখক

Lighthouse Insightsৰ সহ প্ৰতিষ্ঠাপকৰ ওচৰত মই কৃতজ্ঞ। কাৰণ তেঁৱেই মোক এই ধাৰণাটো দিছিল যাৰ ফলত আমি আজিও আমাৰ ফ্লেটতে কাম চলাই আছো। বহুতে মোক এটা অফিচ খুলিবলৈ উপদেশ দি আছে যদিও মই তাৰ কোনো যথাৰ্থ কাৰণ দেখা নাই। অফিচ এটাৰ নামত আমি যি খৰচ কৰিলোহেঁতেন, সেইখিনি এতিয়া Lighthouse Insights আৰু অদিক শক্তিশালী কৰাত বিনিয়োগ কৰিছো। অৱশ্যে এয়া নহয় যে আমি স্ফূৰ্তি-ধেমালি পাহৰি গৈছো। হ’বই নোৱাৰে। যোৱা পাঁচ বছৰত উৎসৱ-উদযাপন আদি কেতিয়াও বাদ দিয়া নাই আৰু আজিও আমি সমানেই স্ফূৰ্তিবাজ।

উপাৰ্জনত চকু দিয়ক

যি সপোন বৰ্তি থাকিব নোৱাৰে, সেয়া মধুৰ নহয়। আৰু তাৰ বাবে উপাৰ্জনৰ প্ৰয়োজন। Lighthouse Insights য়ে বছৰ অতিক্ৰম কৰাৰ লগে লগে উপাৰ্জনৰ দিশটোত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে। আজিকালি আমি কিদৰে ভাল কাহিনী Lighthouse Insightsত প্ৰকাশ কৰিব পাৰো আৰু তাৰ দ্বাৰা ইয়াক এটা উপাৰ্জনশীল মাধ্যম কৰি তুলিব পাৰো, সেই দুয়োটা চিন্তা সমান্তৰালভাৱে কৰো।

এই ক্ষেত্ৰতো আমি এক লক্ষ্যত থকাৰ দৰেই কঠোৰ। আমাক বহুতে বহুবাৰ ডিজিটেল মাৰ্কেটিং ছাৰ্ভিচ, প্ৰশিক্ষণ আৰু ইভেণ্ট আদি কাম আৰম্ভ কৰিবলৈ উপদেশ দি আহিছে। কিন্তু বছৰৰ পিছত বছৰ ধৰি আমি সেইবোৰ আওকাণ কৰি আহিছো আৰু এটা কথাই বিশ্বাস কৰি আহিছো যে মৌলিক বিষয়বস্তুৱেহে উপাৰ্জন দিব পাৰে। ইয়াৰ এটা ভাল উদাহৰণ হ’ল Lighthouse Insightsৰ বছৰেকীয়া E-Book ইয়াৰ দ্বিতীয় বছৰতে অনলাইন পুৰস্কাৰৰ বাবে নিৰ্বাচিত হৈছে।

চলাই থাকক

২০১২ চনত Facebookৰ মুখ্য কাৰ্যবাহী বিষয়া মাৰ্ক জুকাৰবাৰ্গে এটা কোম্পানীৰ প্ৰথম শ্বেয়াৰ বিক্ৰী কৰিবলৈ ওলাই এই কথাষাৰ share কৰিছিল, যিটো ময়ো গভীৰভাৱে বিশ্বাস কৰো:

ভাৰতত ক্ৰিকেটৰ ভগৱানৰূপে খ্যাত শচীন তেণ্ডুলকাৰে কোৱা এষাৰ বিখ্যাত কথা আছে - ‘‘মই সদায় বিশ্বাস কৰোঁ যে মোৰ বেটখনে মোৰ হৈ সকলো কথা কওক’’ যিয়ে আমাক অনুপ্ৰাণিত কৰে।

মূলঃ প্ৰশান্ত নাইডু

অনুবাদঃ সুৰেশ কুমাৰ