ডিজিটেল আৰু নগদবিহীন অৰ্থনীতিত উদ্গনি যোগাবলৈ পেকেজ

ডিজিটেল আৰু নগদবিহীন অৰ্থনীতিত উদ্গনি যোগাবলৈ পেকেজ

Thursday December 15, 2016,

4 min Read

পুৰণি ৫০০ আৰু ১,০০০ টকীয়া নোট বাতিল কৰাৰ পাছত ক্ৰেডিট/ডেবিট কাৰ্ড, আৰু ম’বাইল ফ'ন এপ্লিকেশ্যন/ই-ৱালেট ইত্যাদিৰ মাধ্যমত ডিজিটেল লেনদেনৰ ব্যাপকতা বৃ্দ্ধি পাইছে। এই প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ অৰ্থে কেন্দ্ৰীয় চৰকাৰে দেশত ডিজিটেল আৰু নগদবিহীন লেনদেনৰ উদ্গনি যোগাবলৈ কেতবোৰ প্ৰচেষ্টা আৰু উপায়ৰ এক পেকেজৰ সিদ্ধান্ত গ্ৰহণ কৰে।

image


এই প্ৰচেষ্টা/উপায়বোৰ হৈছে-

১. ৰাজহুৱা খণ্ডৰ পেট্ৰ’লিয়াম কোম্পানীসমূহে পেট্ৰ’ল আৰু ডিজেল ক্ৰয় কৰা গ্ৰাহকসকলক ডিজিটেল পদ্ধতিৰে ধনাদায় কৰাৰ বাবদ ০.৭৫ শতাংশ ৰেহাই প্ৰদান কৰিব।

দৈনিক প্ৰায় ৪.৫ কোটি গ্ৰাহকে এই পাম্পসমূহৰ পৰা পেট্ৰ’ল অথবা ডিজেল ক্ৰয় কৰে। এনে গ্ৰাহকসকল এই ৰেহাইমুলক আঁচনিৰ সুবিধাৰে উপকৃত হ’ব পাৰে। প্ৰতিদিনে আনুমানিক ১,৮০০ কোটি টকাৰ পেট্ৰ’ল/ডিজেল গ্ৰাহকক বিক্ৰী কৰা হয়, য’ৰ কেৱল ২০ শতাংশ ধনাদায়হে ডিজিটেল পদ্ধতিৰে সম্পন্ন হয়। ২০১৬ৰ নৱেম্বৰ মাহত এই পৰিমাণ ৪০ শতাংশ বৃদ্ধি পায় আৰু দৈনিক ৩৬০ কোটি নগদ লেনদেন নগদবিহীন লেনদেন পদ্ধতিলৈ ৰূপান্তৰ হয়। অনাগত সময়ত এই ৰেহাইমুলক আঁচনিয়ে অতি কমেও ৩০ শতাংশ গ্ৰাহকক নগদবিহীন লেনদেনৰ প্ৰতি আকৰ্ষিত কৰিব আৰু ইয়াৰ ফলস্বৰুপে পেট্ৰ’ল পাম্পসমূহত বছৰি প্ৰায় ২ লাখ কোটি টকা নগদ ধনৰ প্ৰয়োজনীয়তা হ্ৰাস পাব।

২. গ্ৰামাঞ্চলত ডিজিটেল পদ্ধতিৰে ধনাদায়ৰ আন্তঃগাঁথনি প্ৰসাৰৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে নাবাৰ্ডৰ জৰিয়তে প্ৰতিটো সক্ষম বেংকক বিত্তীয় সমৰ্থন আগবঢ়াবলৈ ১০,০০০তকৈ কম জনসংখ্যা থকা ১ লাখ গাঁৱত দুটাকৈ POS মেচিন যোগান ধৰিব। এই POS মেচিনবোৰ প্ৰাইমেৰী কোঅ’পাৰেটিভ ছ’চাইটি/দুগ্ধ ছ’চাইটি/কৃষিজাত সামগ্ৰী বিক্ৰী কৰা ডিলাৰসমূহত সংস্থাপন কৰা হ’ব, যাতে কৃষিৰ সৈতে জড়িত লেনদেন ডিজিটেল পদ্ধতিৰে সম্ভৱ হয়।

ইয়াৰ জৰিয়তে ১ লাখ গাঁৱৰ প্ৰায় ৭৫ কোটি লোক উপকৃত হ’ব আৰু তেওঁলোকে প্ৰয়োজনীয় কৃষিজাত সামগ্ৰী নগদবিহীনভাৱে ক্ৰয় কৰিব পাৰিব।

৩. নাবাৰ্ডৰ জৰিয়তে চৰকাৰে আঞ্চলিক গ্ৰামীণ বেংক আৰু সমবায় বেংকসমূহক RUPAY কিষাণ কাৰ্ড জাৰি কৰাৰ ক্ষেত্ৰত সহায় কৰিব। ইয়াৰ দ্বাৰা ৪ কোটি ৩২ লাখ কিষাণ ক্ৰেডিট কাৰ্ডৰ গৰাকীক RUPAY কিষাণ ক্ৰেডিট কাৰ্ড বিৰতণ কৰা হ’ব, যাতে তেওঁলোকে POS মেচিন/মাইক্ৰ’ এটিএম অথবা এটিএমৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে ধনাদায় কৰিবলৈ সক্ষম হয়।

৪. ৰে’লৱেৰ অৰ্দ্ধ-নগৰীয়া ৰে’ল নেটৱৰ্কত মাহিলি আৰু ঋতুকালীন টিকটৰ বাবে ডিজিটেল উপায়েৰে ধনাদায় কৰিলে ০.৫শতাংশ ৰেহাই প্ৰদান কৰা হ’ব। এই ৰেহাই ২০১৭ বৰ্ষৰ ১ জানুৱাৰীৰ পৰা ক্ৰয় কৰা টিকটৰ ক্ষেত্ৰত লাভ কৰিব।

অৰ্দ্ধ-নগৰীয়া ৰে’লৱেত প্ৰায় ৮০ লাখ যাত্ৰীয়ে মাহিলি অথবা ঋতুকালীন টিকট অধিক পৰিমাণে নগদ ধনৰ জৰিয়তে ক্ৰয় কৰে। এনে টিকটৰ বাবদ বছৰি ২ হাজাৰ কোটি টকা ব্যয় কৰা হয়। যেতিয়া অধিক সংখ্যক যাত্ৰীয়ে ভৱিষ্যতে ডিজিটেল পদ্ধতিৰে টিকট ক্ৰয় কৰিব, তেতিয়া নগদ ধনৰ প্ৰয়োজনীয়তা ১,০০০ কোটি টকা পৰ্যন্ত কম হোৱাৰ সম্ভাৱনা আছে।

৫. অনলাইনৰ জৰিয়তে ৰে’লৰ টিকট ক্ৰয় কৰা সকলো যাত্ৰীক বিনামুলীয়াকৈ ১০ লাখ টকাৰ দুৰ্ঘটনা বীমাৰ সুবিধা প্ৰদান কৰা হ’ব।

প্ৰতিদিনে প্ৰায় ১৪ লাখ যাত্ৰীয়ে ৰে’লৰ টিকট ক্ৰয় কৰে, যাৰ ভিতৰত ৫৮ শতাংশ টিকটহে অনলাইনৰ মাধ্যমত ডিজিটেল পদ্ধতিৰে ক্ৰয় কৰে। এইটো আশা কৰা হৈছে যে এই প্ৰচেষ্টাৰ সহায়ত আন ২০ শতাংশ যাত্ৰীয়ে ডিজিটেল পদ্ধতিৰে ৰে’লৰ টিকট ক্ৰয় কৰিব। যাৰ জৰিয়তে প্ৰতিদিনে প্ৰায় ১১ লাখ লোকক এই দুৰ্ঘটনা বীমা আঁচনিৰ জৰিয়তে সামৰি ল’ব পৰা যাব।

৬. ৰে’ল বিভাগে ইয়াৰ স্বীকৃতিপ্ৰাপ্ত গোট আৰু নিগমৰ দ্বাৰা আগবঢ়োৱা শুল্কযুক্ত সেৱা যেনে-খোৱা-বোৱা, থকা-মেলাৰ ব্যৱস্থা, জিৰণিগৃহ ইত্যাদিৰ সুবিধাৰ ক্ষেত্ৰত ডিজিটেল পদ্ধতিৰে ধনাদায় কৰিলে ৫ শতাংশকৈ ৰেহাই প্ৰদান কৰিব।

ৰে’লৰে ভ্ৰমণ কৰা প্ৰতিগৰাকী যাত্ৰীয়ে এই সুবিধা লাভ কৰিব।

৭. ৰাজহুৱা খণ্ডৰ বীমা কোম্পানীসমূহে গ্ৰাহক পৰ্টেলৰ জৰিয়তে ডিজিটেল পদ্ধতিৰে ধনাদায় কৰাৰ বাবদ জেনেৰেল ইন্সুৰেঞ্চ পলিচিৰ প্ৰিমিয়ামৰ ১০ শতাংশ পৰ্যন্ত ৰেহাই অথবা ক্ৰেডিট প্ৰদান কৰিব। তদুপৰি, জীৱন বীমা নিগমৰ নতুন জীৱন বীমা পলিচিৰ ক্ষেত্ৰত ৮শতাংশ ৰেহাই অথবা ক্ৰেডিট প্ৰদান কৰা হ’ব।

৮. ডিজিটেল লেনদেনৰ বাবদ গ্ৰাহকৰ পৰা লেনদেন মাচুল অথবা এমডিআৰ মাচুল যাতে লোৱা নহয়, সেইটো কেন্দ্ৰ চৰকাৰৰ বিভাগ আৰু ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানে সুনিশ্চিত কৰিব। এনে মাচুল এই বিভাগ আৰু প্ৰতিষ্ঠানসমূহে নিজেই বহন কৰিব লাগিব। ৰাজ্য চৰকাৰসমূহকো এইটো পৰামৰ্শ দিয়া হৈছে যে ডিজিটেল লেনদেন কৰাৰ বাবদ গ্ৰাহকসকলৰ পৰা যাতে কোনো ধৰণৰ লেনদেন মাচুল অথবা এমডিআৰ মাচুল যাতে লোৱা নহয়।

৯. ৰাজহুৱা খণ্ডৰ বেংকসমূহক পৰামৰ্শ দিয়া হৈছে যে তেওঁলোকে POS টাৰ্মিনেলৰ বাবে/ ম’বাইল POSৰ বাবে অথবা মাইক্ৰ এটিএমৰ বাবে প্ৰতিমাহত ১০০ টকাতকৈ অধিক ৰেণ্টেল আৰোপ কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা ক্ষুদ্ৰ ব্যৱসায়কো ডিজিটেল মাধ্যমত ধনাদায় ব্যৱস্থাৰ সৈতে জড়িত কৰাত সহায়ক হ’ব।

ৰাজহুৱা খণ্ডৰ বেংকসমূহৰ দ্বাৰা প্ৰায় ৬.৫ লাখ মেচিন ব্যৱসায়ীসকলক প্ৰদান কৰা হৈছে, য’ত কম ৰেণ্টেলৰ সুবিধা উপলব্ধ হ’ব আৰু ডিজিটেল লেনদেনৰ প্ৰতিও উৎসাহিত হ’ব।

১০. ডিজিটেল লেনদেন/এমডিআৰ জৰিয়তে কৰা লেনদেনৰ বেলিকা ২,০০০ টকালৈকে কোনোধৰণৰ সেৱা কৰা আৰোপ কৰা নহয়।

১১. ২০১৬-১৭ বৰ্ষত ৰাষ্ট্ৰীয় ঘাইপথৰ টোল প্লাজাসমূহত আৰএফআইডি কাৰ্ড/ফাষ্ট টেগৰ জৰিয়তে ধনাদায় কৰাৰ বেলিকা ইয়াৰ ব্যৱহাৰকাৰীসকলক ১০ শতাংশ ৰেহাই প্ৰদান কৰা।

( সৌজন্য- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সামূহিক অনাতাঁৰ কেন্দ্ৰ স্থাপনৰ বাবে উত্তৰ-পূবৰ ৰাজ্যলৈ ৯০% ৰাহসাহাৰ্য্য আগবঢ়াব তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে

কাৰ্ডৰ জৰিয়তে লেনদেনত সেৱা কৰ পৰিত্যাগ চৰকাৰৰঃ এবাৰ লেনদেনত ২০০০ টকালৈকে ৰেহাই

মোডীৰ কাৰ্যকলাপে ইন্দিৰা গান্ধীলৈ মনত পেলাই দিছে

কেচুৱা কোলাত লৈ দায়িত্ব পালন কৰা এগৰাকী মহিলা আৰক্ষী বিষয়াৰ কাহিনী