'এই কামটো আগৰ পৰাই কোনোবাই কৰিছে'-এজন উদ্যমী ব্যক্তিয়ে এই কথাষাৰৰ কেনে প্ৰতিক্ৰিয়া কৰিব

'এই কামটো আগৰ পৰাই কোনোবাই কৰিছে'-এজন উদ্যমী ব্যক্তিয়ে এই কথাষাৰৰ কেনে প্ৰতিক্ৰিয়া কৰিব

Friday December 18, 2015,

3 min Read

অধিকসংখ্যক ষ্টাৰ্ট-আপ উদ্যোগীয়ে সচৰাচৰ এটা প্ৰশ্নৰ সন্মুখীন হ'ব লগা হয়-'এই বিষয়টোত আনে বহু আগৰ পৰা কাম কৰি আছে।আপুনি একেটা বিষয়তে আপোনাৰ সময় কিয় নষ্ট কৰিব খুজিছে?' সম্প্ৰতি ইন্টাৰনেটৰ যুগত বাতৰি খুব সোনকালে সৰবৰাহৰ ব্যৱস্থা হৈছে,পৃথিৱীখন যেন এক সৰু চহৰলৈ পৰিণত হৈছে আৰু তাৰ সমান্তৰালভাৱে ষ্টাৰ্ট-আপৰ সংখ্যাও বৃদ্ধি পাইছে।গতিকে এয়া একেবাৰে অসম্ভৱ নহয় যে আপুনি চিন্তা কৰা বিষয়টোক ইতিমধ্যে কোনোবাই বাস্তৱ ৰূপ দিছে বা দিবলৈ গৈ আছে।

প্ৰতিযোগিতাৰ ক্ষেত্ৰখনত আপুনি প্ৰথমেই এই প্ৰশ্নৰ সন্মুখীন হ'ব। কিন্তু এইয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব যে এই প্ৰশ্নৰ সন্মুখীন হোৱাৰ পাছত আপুনি কেনে প্ৰতিক্ৰিয়া ব্যক্ত কৰিব।

image


প্ৰথমে আমি প্ৰতিযোগিতাৰ বিষয়ে আলোচনা কৰোঁ।টনী ষ্টাবল'বাইনে প্ৰতিযোগিতা সন্দৰ্ভত লিখা ৰচনাৱলী সংক্ষেপতে ক'বলৈ গ'লে-'নিজৰ যি ইচ্ছা তাকেই কৰা।প্ৰতিযোগিতাৰ কথা একেবাৰে চিন্তা নকৰিবা।' সাধাৰণতে দেখা যায় যে কোনো লোকে এটা ষ্টাৰ্ট-আপ সন্দৰ্ভত তেওঁৰ চিন্তা বা ধাৰণাবোৰ আনৰ সৈতে বিনিময় নকৰে।কিয়নো তেওঁৰ চিন্তা আনে নকল কৰিব বুলি ভয় কৰে।যদি আপোনিও এনে ধাৰণাৰ বশৱৰ্তী তেন্তে আপোনাৰ ষ্টাৰ্ট-আপ কেতিয়াও সফল হ'ব নোৱাৰে।কিয়নো কোনোবাই যদি আপোনাৰ ধাৰণাৰ বিষয়ে অৱগত হৈ সেই ধাৰণা নকল কৰিব পাৰে তেন্তে আমি আলোচনা কৰা ষ্টাৰ্ট-আপ উদ্যমীৰ ভিতৰত আপুনি নপৰে।'চিন্তা কৰাটো ডাঙৰ কথা নহয়,কিন্তু সেই চিন্তাক বাস্তৱ ৰূপ দিয়াটোহে ডাঙৰ কথা।'

যেতিয়া আপোনাক কোনোবাই কয়-'মই এনে ব্যক্তিক জানো যি আগৰ পৰাই এই কাম কৰি আছে।'আপুনি তেতিয়া কি কয়? কি ভাৱে?এজন উদ্যমী লোক হিচাপে আনৰ কথাক গুৰুত্ব নিদি আপুনি নিজৰ কাম কৰি যাব বিচাৰে।কিন্তু বহু সময়ত এই কথাবোৰে আপুনাক আমনি কৰে।এই বিষয় সন্দৰ্ভত মই নিউৰ'ছাইন্টিষ্ট সাই গদ্দামৰ এক মন্তব্য আগবঢ়াব খুজিছোঁ-'প্ৰতিজন উদ্যমীকে সোধা উচিত-আপুনি কেনেদৰে এই প্ৰতিযোগীতাত জয়ী হোৱা জনৰ এজন হব?' সাধাৰণতে সকলো ষ্টাৰ্ট-আপ উদ্যোগীয়ে তেওঁলোকৰ দৰে বা একেধৰণৰ সমস্যাৰ সমাধান দিয়া কম্পেনী সমূহৰ লগত প্ৰতিযোগীতাত নামিব লগীয়া হয় যেতিয়ালৈকে তেওঁ নিজকে সম্পূৰ্ণ পৃথক তথা নতুন সমাধানৰ কথা চিন্তা নকৰে।অৱশ্যে নতুন কিবা এটা কৰাটো খুব সহজ নহয় আৰু কম লোকহে এইক্ষেত্ৰত সফল হয়।কিন্তু প্ৰত্যাহ্বান গ্ৰহণ কৰাটো সকলো উদ্যমী লোকৰ বাবেই প্ৰয়োজনীয়।'

এজন উদ্যমী হিচাপে প্ৰত্যাহ্বান কেনেকৈ গ্ৰহণ কৰিব?

সাই গদ্দামে এই সন্দৰ্ভত কয় যে আপুনি ভৱিষ্যদ্ৰষ্টা সকলৰ পৰা আঁতৰি থকা মঙ্গল।আৰু সেই সকল লোকৰ কথাত গুৰুত্ব আৰোপ কৰক যি আপোনাৰ কামক বিশ্বাস কৰে।

কি কথাই আপোনাক আনৰ পৰা পৃথক বুলি প্ৰমাণ কৰে সেই কথা আপুনি বুজিবলৈ চেষ্টা কৰক।এটা বয়স পাৰ কৰা ব্যক্তিসকলক যদি এনে এটা ৱেবছাইটৰ প্ৰয়োজনীয়তাৰ কথা সোঁধা গলহেঁতেন য'ত নিজৰ মনৰ ভাৱ আনৰ সৈতে বিনিময় কৰাৰ লগতে বিভিন্ন ফটো বিনিময়ৰ সুবিধা থাকে,তেন্তে সেই লোক সকলে তেনে ক্ষেত্ৰত প্ৰথমেই 'না' কলেহেঁতেন।কিন্তু মাৰ্ক জুকাৰ্বাৰ্গে বুজি পাইছিল যে এই প্ৰজন্মটো তেওঁৰ লক্ষ্য নহয়।বস্তুনিষ্ঠতা প্ৰকৃতিকভাৱে কোনেও লাভ কৰিব নোৱাৰে।আপুনি তৰ্কহীন আত্মবিশ্বাসেৰে প্ৰশ্ন কৰিব পাৰিব লাগিব আৰু অবাস্তৱ নিৰাশাৰ পৰা আঁতৰি থাকিব পাৰিব লাগিব।

আনহাতে যিকোনো প্ৰশ্নৰ উত্তৰ আত্মবিশ্বাসেৰে দিয়াৰ চেষ্টা কৰক।প্ৰতিযোগিতা সদায় থাকে আৰু এই ক্ষেত্ৰৰ আন লোকে আপোনাক ভুল বুলি প্ৰমাণ কৰিবলৈ সদায় চেষ্টা কৰিব।কিন্তু আপোনাৰ নিজৰ ওপৰত যদি অদম্য বিশ্বাস থাকে তেন্তে যিকোনো পৰিস্থিতিত আপুনি নিজকে প্ৰমাণ কৰিবলৈ সক্ষম হব।চিন্তাৰ ঠেক পৰিধিৰ পৰা ওলাই আহক আৰু কৰি দেখুৱাওক।


মূল - জুবিন মেহতা

অনুবাদ- পূবালী ভাগৱতী