বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

Wednesday December 28, 2016,

2 min Read

পিতৃ আৰু জ্যেষ্ঠ ভাতৃৰ মৃত্যুৰ পাছত ১৬ বছৰীয়া সুদীপ দত্তৰ মূৰত যেন সৰগ ভাগি পৰিছিল । তেওঁ উচ্চ শিক্ষা লাভ কৰি অভিযন্তা হবলৈ ইচ্ছা কৰিছিল কিন্তু ঘৰৰ একমাত্ৰ উপাৰ্জনকৰ্ত্তাৰ ভূমিকাত অৱতীৰ্ণ হ'বলগীয়া হয় । পশ্চিম বঙ্গৰ দুৰ্গাপূৰৰ ঘৰ এৰি তেওঁ মুম্বাইলৈ যায় আৰু তাত এটা কাৰখানাৰ শ্ৰমিক হিচাপে ১৫ টকা পাৰিশ্ৰমিকত কাম কৰিবলৈ আৰম্ভ কৰে ।

Image : (L) - Rediff; (R) - Forbes India

Image : (L) - Rediff; (R) - Forbes India


বৰ্তমান তেওঁ ১,৬৮৫ কোটি টকাৰ এটা কোম্পানী চলায় যি বিভিন্ন ডাঙৰ ডাঙৰ প্ৰতিস্থানৰ পেকেজিঙৰ প্ৰয়োজন পূৰণ কৰে । সুদিপৰ এছ ডি এলুমিনিয়াম লিমিটেড আজি ভাৰতৰ এটা আগশাৰীৰ পেকেজিং কোম্পানী ।  

ভাগ্যৰ বিড়ম্বনাত মুম্বাইলৈ কাম কৰিবলৈ যোৱাৰ পাছত সুদীপে কেইবছৰমান ধৰি এটা পেকেজিং ফেক্টৰীত কাম কৰিছিল । ২০ জন লোকৰ সৈতে একেটা কোঠাত থাকি দৈনিক ৪০ কিলোমিটাৰ খোজ কাঢ়ি তেওঁ কামলৈ গৈছিল । কিন্তু দুবছৰ কাম কৰাৰ পাছত কাৰখানাটো লোকচানৰ সন্মূখিন হোৱাত কাৰখানাৰ মালিকে এিটো বন্ধ কৰাৰ সিদ্ধান্ত লয় । কিন্তু সুদীপে মালিকজনক সেই ফেক্টৰীটো চলাই নিয়াৰ আশ্বাস দিয়ে আৰু ১৬০০০ দি লাভৰ অংশ ভগাই লোৱাৰ চৰ্তত কাৰখানাটোৰ দায়িত্ব লয় ।

সেই সময়ৰ বিখ্যাত কোম্পানীবোৰে পেকেজিঙৰ বজাৰখন দখল কৰি থোৱাৰ সময়তে সুদীপে ফাৰ্মাচিউটিকেল খণ্ডৰ ওপৰত গুৰুত্ব দিয়ে । ভাৰতৰ ফাৰ্মা উদ্যোগৰ প্ৰসাৰৰ ওপৰত গুৰুত্ব দি তেওঁ নিজৰ কোম্পানীটোক দ্ৰুতগতিত আগ বঢ়াই নিয়ে । 

২০০৮ চনত সুদীপে ১৩০ কোটি টকাৰে ইণ্ডিয়া ফইলছ নামৰ কোম্পানীটো ক্ৰয় কৰে । এই কোম্পানী ক্ৰয় কৰাটো প্ৰত্যাহ্বানমূলক আছিল যদিও তেওঁ এই কামত আগবাঢ়ে । ইয়াৰ ফলত তেওঁৰ কোম্পানীটো দেশৰ আগশাৰীৰ কোম্পানীত পৰিণত হয় । আজি সুদীপৰ কোম্পানীটো ১,৬০০ কোটি টকা মূল্যৰ এটা আগশাৰীৰ কোম্পানী ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

বিহাৰৰ এখন জিলাৰ মহিলাসকলে কলাৰে গছ-গছনি সংৰক্ষণ কৰিছে

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো্