জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

Sunday December 25, 2016,

2 min Read

য'তে ইচ্ছা ত'তে বাট । এই কথাষাৰৰ জ্বলন্ত উদাহৰণ হ'ল এম জি মুথু । এম জি এম গ্ৰুপৰ প্ৰতিষ্ঠাতাজনে শিক্ষালাভৰ সুবিধাৰপৰা বঞ্চিত হোৱাকে ধৰি বিভিন্ন সমস্যাৰ লগত যুঁজি হাৰ মনা নাছিল যাৰ ফলত তেওঁ আজি এজন সফল উদ্যোগপতি । 

Image : Indian News Service

Image : Indian News Service


অতি দুখীয়া পৰিয়ালৰ মুথুৰ বাবে বিদ্যালয়লৈ যোৱাটো আছিল এটা সপোন মাত্ৰ । ১৯৫৭ চনত তেওঁ জাহাজৰ খালাচীৰ কাম কৰিবলৈ আৰম্ভ কৰে । তেওঁৰ পিতৃয়েও একেটা কামকে কৰিছিল । দুয়োজনে কাম কৰাৰ পাছতো প্ৰায়ে তেওঁলোকৰ বাবে এসাজ খোৱাটো টান হৈ পৰিছিল । প্ৰায়ে খালী পেটে শুব লাগিছিল গোটেই পৰিয়ালটোৱে । আন শিশুক স্কুললৈ যোৱা দেখি মুথুৱেও স্কুলত নাম লগাইছিল যদিও দাৰিদ্ৰ্যৰ বাবেই কেইদিনমানতে তেওঁ স্কুল বাদ দিবলগীয়া হৈছিল ।

দিনে ৰাতিয়ে কঠোৰ পৰিশ্ৰম কৰি মুথুৱে কিছু পইছা সাঁচিলে । এই ধনেৰেই তেওঁ সৰুকৈ বয়-বস্তু অনা নিয়াৰ এটা ব্যৱসায় আৰম্ভ কৰিলে । যদিও তেওঁৰ ব্যৱসায় সেই সময়ত কেইজনমান ক্ষুদ্ৰ ব্যৱসায়ীৰ মাজতে সীমাবদ্ধ আছিল তথাপি তেওঁ অতি নিষ্ঠাৰে তেওঁলোকক সেৱা প্ৰদান কৰি গৈছিল আৰু ইয়াৰ বাবেই তেওঁ দ্ৰুততাৰে উন্নতিৰ শিক্ষৰত উঠিছিল । তেওঁৰ সততা আৰু নিষ্ঠাৰ বিষয়ে লাহে লাহে অধিক লোকে গম পোৱাৰ পাছত তেওঁৰ ব্যৱসায় বাঢ়িবলৈ ধৰিলে আৰু তেওঁ এম জি এম গ্ৰুপ স্থাপন কৰিলে । 

আজি এম জি এম দেশৰ এটা আগশাৰীৰ প্ৰতিষ্ঠান । কৰ্পৰেট জগতৰ এক বিখ্যাত ব্যক্তি মুথু । এই ব্যৱসায়ৰ সফলতাৰ পাছত তেওঁ কয়লা,খনন, খাদ্য, হস্পিটেলিটি ব্যৱসায়তো প্ৰৱেশ কৰিছে । দেশে বিদেশে বৰ্তমান তেওঁৰ ব্যৱসায় সম্প্ৰসাৰিত । মালয়েছিয়াৰ বিখ্যাত মেৰী ব্ৰাউন ৰেষ্টোৰাঁৰ ভাৰতীয় ফ্ৰেন্সাইজীও তেওঁ লৈছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কিদৰে আমিৰা শ্বাহে নিজৰ পিতৃৰ সৰু লেবৰেটৰীটোক এটা ২০০০ কোটিটকীয়া কোম্পানীলৈ সলনি কৰি পেলালে

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

‘ভাৰতীয় ঔদ্যোগিক উন্নয়ন সেৱা’ গঠনৰ প্ৰস্তাৱত কেবিনেটৰ অনুমোদন

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী