এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো

Monday December 26, 2016,

2 min Read

২৪ বছৰীয়া ছফিয়া এম জো জন্মৰ সময়ৰপৰাই আছিল মুক বধিৰ । তথাপিও তেওঁক কোনেও সফল হোৱাত বাধা দিব নোৱাৰিলে । ছফিয়া আজি এগৰাকী সফল মডেল আৰু এথলীট । শ্বটপুট আৰু ডিছকাছ থ্ৰ'ৰ তিনিবাৰৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ছফিয়াই কেইবাবাৰো ভাৰতক আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছে । তেওঁ এগৰাকী প্ৰতিভাৱান চিত্ৰশিল্পী আৰু অলংকাৰ ডিজাইনাৰ ।

Image : Facebook

Image : Facebook


ছফিয়াৰ বাবে শৈশৱ সহজ নাছিল । তেওঁ আৰু একে সমস্যাত ভোগা তেওঁৰ ভায়েকক কোনো স্কুলত নাম লগাবলৈ দিয়া নহৈছিল । তেওঁলোকক মানুহে প্ৰতিক্ষণ ঠাট্টা মস্কৰা কৰিছিল । তথাপি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত তেওঁ থমকি নৰ'ল । আৰম্ভণীতে ঘৰতে শিক্ষা লাভ কৰি পাছলৈ তেওঁ এখন সাধাৰণ বিদ্যালয়ত অধ্যয়ন কৰে আৰু পাছলৈ চেইন্ট জেভিয়াৰ্ছৰ কলেজৰপৰা তেওঁ ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰিলে । পৰৱৰ্তী সময়ত তেওঁ এগৰাকী মডেল আৰু খেলুৱৈত পৰিণত হ'ল । 

২০১৪ চনৰ মিছ ইণ্ডিয়া ডীফ এণ্ড মিউট প্ৰতিযোগিতাত প্ৰথম ৰাণাৰ্ছ আপ আছিল ছফিয়া । তেওঁ প্ৰাগত অনুষ্ঠিত মিছ ৱৰ্ল্ড ডীফ এণ্ড মিউট প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল । তেওঁ এখন ছবিতো অভিনয় কৰিছে । ছফিয়া ড্ৰাইভিং লাইচেন্স লাভ কৰা কেৰেলাৰ প্ৰথম গৰাকী বধিৰ মহিলা । ইয়াৰ বাবে তেওঁ দিল্লী উচ্চ ন্যায়ালয়ৰ দুৱাৰত টুকুৰিয়াবলগীয়া হৈছিল । ভৱিষ্যতে তেওঁ এগৰাকী কাৰ ৰেচাৰ হোৱাৰ বাসনা পুঁহি ৰাখিছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

সংগীতৰ মাধ্যমেৰে বিশ্ববাসীক একত্ৰ কৰাৰ প্ৰচেষ্টাত ব্ৰতী জেজ গোৱা ষ্টুডিঅ'

সাত শতাধিক বাটৰ কুকুৰক আশ্ৰয় দিয়া মানুহজন

জাহাজৰ খালাছী এম জি মুথুৱে গঢ়িলে বিশাল ব্যাৱসায়িক সাম্ৰাজ্য

বিলাসিতা নহয়, সমাজ সচেতনতাৰে উদযাপিত এখন বিয়া