পুণে মেট্ৰ’ ৰে’ল প্রকল্পৰ প্রথম পর্যায়ৰ কাম আৰম্ভ কৰাৰ প্রস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

পুণে মেট্ৰ’ ৰে’ল প্রকল্পৰ প্রথম পর্যায়ৰ কাম আৰম্ভ কৰাৰ প্রস্তাৱলৈ কেন্দ্ৰীয় কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

2 min Read

পুণে মেট্ৰ’ ৰে’ল প্রকল্পৰ প্রথম পর্যায়ৰ কাম আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছে৷ বুধবাৰ নতুন দিল্লীত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ এক গুৰুত্বপূৰ্ণ বৈঠকত ১১,৪২০ কোটি টকাৰ সমগ্র মেট্ৰ’ ৰেল প্রকল্পটোলৈ সেউজ সংকেত প্ৰদান কৰা হয়৷ পুণে মেট্ৰ’ ৰে’ল কৰিড’ৰৰ মুঠ দৈর্ঘ্য হ’ব ৩১.২৫৪ কিলোমিটাৰ। প্রথম পর্যায়ত কাম হ’ব পিপড়ি চিঞ্চৱাড়পুৰ এলেকাৰ পৰা স্বর্গগেটলৈ। এই অংশটোৰ মুঠ দৈর্ঘ্য ১৬.৫৮৯ কিলোমিটাৰ। দ্বিতীয় পর্যায়ৰ দৈর্ঘ্য হৈছে ১৪.৬৬৫ কিলোমিটাৰ যিটে সম্পূৰ্ণ মাটিৰ ওপৰেৰে যাব। এই পর্যায়ত ৰে’ল চলিব বনজৰ পৰা ৰামৱাড়িলৈ। প্রথম পর্যায়ৰ কামত মাটিৰ তলেৰে ৰে’লপথ নিৰ্মাণ কৰা হ’ব ৫.০১৯ কিলোমিটাৰ দৈর্ঘ্যৰ সমান, আৰু তাৰ লগতে মাটিৰ ওপৰেৰে থাকিব ১১.৫৭ কিলোমিটাৰ ৰে’ল লাইন। দুটা পর্যায়ৰ নির্মাণৰ কাম সম্পূর্ণ হ’লে পুণে চহৰাঞ্চলৰ ৫০ লক্ষ আবাসী যথেষ্ট উপকৃত হ’ব। কাম আৰম্ভ কৰাৰ দিনৰে পৰা পৰৱর্তী পাঁচবছৰৰ ভিতৰত সমগ্র প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ পৰিকল্পনা কৰা হৈছে।

image


পুণে মেট্ৰ’ ৰে’ল প্রকল্প ৰূপায়ণৰ দায়িত্ব অৰ্পন কৰা হৈছে মহাৰাষ্ট্র মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যন লিমিটেডক। ভাৰত চৰকাৰৰ সৈতে অংশীদাৰীত্বৰ ভিত্তিতে এই ৰাষ্ট্ৰীয় সংস্থাটোৱে ৫০ শতাংশ নির্মাণৰ ব্যয় বহণ কৰিব বুলি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড