গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী

1

জীৱন, মনোবল, সহিষ্ণুতা, সততা-নিষ্ঠা, এই সকলোবোৰৰ সমাহাৰ অঞ্জলী বৰাৰ জীৱন।

১৯৭৪ চনত জন্ম লাভ কৰা অঞ্জলীৰ পিতৃ-মাতৃ দুয়ো ৰেলৱেত কর্মৰত, মালিগাঁৱত জন্ম লাভ কৰা অঞ্জলী সৰুতেই আইতাকৰ ঘৰ পলাশবাৰীত ডাঙৰ-দীঘল হৈছিল। তেওঁৰ পাঁচ বছৰ বয়সতে পিতৃৰ বিয়োগ ঘটে।

পলাশবাৰীত শৈশৱ কটোৱা অঞ্জলীৰ খোৱা-বোৱা বনোৱাৰ সৰুৰে পৰাই চখ আছিল। পিঠা-পনা বনোৱাৰ পৰা ভঁৰালত ধান সামৰালৈকে সকলো কামতে পাকৈত অঞ্জলী। ঘৰলৈ আলহী আহিলে খোৱা খাদ্য বনোৱাত আগভাগ লৈছিল তেওঁ। এই আগ্ৰহেই হয়তো এখন হোটেল বা ৰেষ্টুৰাঁ খোলাৰ এক হেঁপাহ মনত জাগি উঠিছিল।

১৯৯৪ চনত প্ৰবীৰ বৰাৰ লগত তেওঁ বিবাহপাশত আবদ্ধ হয়। প্ৰবীৰ বৰা পেছাত এজন ব্যৱসায়ী আছিল। অ়্জলীয়ে ভাবিছিল- “ব্যৱসায়ী এজনৰ লগত বিয়া হ’লে ময়ো ব্যৱসায় কৰিবলৈ সুবিধা পাম।” কিন্তু ভবামতে নহ’ল। স্নেহ আৰু সংৰক্ষণশীলতাত বান্ধ খাই পৰিল অঞ্জলী। ভাবিবলে বাধ্য হ’ল- “মোৰ কঁপালত চাগে এয়াই আছে।” বাঢ়ি অহা পৰিয়ালৰ দায়িত্ব ৰোগগ্ৰস্তা শাহুৰ শুশ্ৰূষাই লাহে লাহে ব্যৱসায়ৰ কথা পাহৰাই পেলালে।

পিচে মনৰ হেঁপাহ জানো সহজতে মৰি যায়? নাযায়- তাকে প্ৰমাণ কৰিবলৈ অঞ্জলীৰ সময় নালাগিল। ঘৰতে এটা “পেয়ীং গেষ্টহাউচ” খুলিলে। এজন দুজনকৈ ২০ জন পেয়ীং গেষ্ট হ’ল । খোৱা-বোৱা বনোৱাৰ পৰা সকলোখিনি তদাৰক কৰিলে অঞ্জলীয়ে । লাহে লাহে অলপ অলপকৈ আয় বৃদ্ধি পাবলৈ ধৰিলে। সেইবুলি নিজৰ উৎসাহী মনটো দমাব নোৱাৰা অঞ্জলীয়ে স্বামীক কেতিয়াবা নতুন এটা ব্যৱসায়, এখন ৰেষ্টুৰাঁ খোলাৰ বাবে ক’বলৈ নেৰিলে। উত্তৰ কিন্তু আশাব্যঞ্জক একো নাপালে। হতাশাই হেঁচামাৰি কিন্তু কেতিয়াও অৱশ কৰিব পৰা নাছিল অঞ্জলীক।

ধুমুহা হয়তো সকলোৰে জীৱনলৈ আহে। এজাক ধুমুহা আহিল অঞ্জলীৰ জীৱনলৈকো। কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ থকা অঞ্জলীৰ স্বামীয়ে ২০১০ চনত অঞ্জলীক দুই সন্তান এজনী ছোৱালী আৰু এটা ল’ৰাৰ সৈতে এৰি থৈ এই সংসাৰৰ পৰা বিদায় লয়।

অঞ্জলীৰ মূৰত যেন সৰগহে ভাগি পৰিল। কি কৰিব কি নকৰিব একো উৱাদিহ নোপোৱা হ’ল। প্ৰয়াত স্বামীৰ ব্যৱসায় সংক্ৰান্তীয় বহু লেঠাই আহি অঞ্জলীৰ কান্ধত ভৰ কৰিলেহি।

নিশাৰ এন্ধাৰ যিমানেই ঘন হয়, পুৱাৰ ৰ’দ সিমানেই প্ৰখৰ হয়। কথাষাৰ সত্য প্ৰমাণিত হ’ল । আহিল অনাকাংক্ষিত এটা ফোনকল- IWT (Inland Water Transport)- গুৱাহাটী অফিচৰ পৰা। ততালিকে অঞ্জলী গৈ অফিচত উপস্থিত হ’লগৈ। তেওঁক সোধা হ’ল- “প্ৰয়াত প্ৰবীৰ বৰাই প্ৰতিষ্ঠা কৰা ‘পাঞ্চৈ’ জাহাজ নির্মাণ কোম্পানীটো তেওঁ আগুৱাই নিবলৈ সক্ষমনে? একো নভবাকৈয়ে অঞ্জলীৰ মুখৰ পৰা ওলাই আহিল-“পাৰিম”।

আচিৰত- জাহাজ নির্মাণ সম্বন্ধে একো নজনা অঞ্জলীয়ে বাৰু কি সাহসত পাৰিম বুলি ক’লে? সাহস- হয়, অঞ্জলী বৰাই সাহস কৰিলে- দিনে-নিশাই কঠোৰ পৰিশ্ৰম কৰিলে। লাহে লাহে জাহাজ নির্মাণৰ কথাবোৰ, ব্যৱসায়ৰ মেৰপাকবোৰ আয়ত্বলৈ আহিব ধৰিলে। আত্মবিশ্বাস বাঢ়ি আহিল। তেওঁৰ আত্মবিশ্বাস, মনোবল, কঠোৰ শ্ৰম দেখি বিষয়া-বৰমূৰীয়া সকলেও অঞ্জলীক উৎসাহ দিলে। ২০১১ চনৰ ফেব্ৰুৱাৰীৰ পৰা ‘পাঞ্চৈ’ পুনৰ সক্ৰিয় হৈ উঠিল।

কিন্তু ৰেষ্টুৰাঁ খুলিব বিচৰা অঞ্জলী জাহাজৰ লোহা-লক্কৰৰ মাজত হেৰাই নগ’ল । বৰ বেছিদিন নিজৰ হেঁপাহ দমন কৰি ৰাখিব নোৱাৰিলে তেওঁ। গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথৰ দাঁতিতে অঞ্জলীয়ে এডোখৰ মন পছন্দৰ ঠাই বিচাৰি পালে। তাৰপাছত আৰু ৰ’বলৈ সময় নাই। এক মাহৰ কঠোৰ শ্ৰমৰ পাছত অঞ্জলীৰ হেঁপাহৰ ৰেষ্টুৰাঁণ্টখন মুকলি হ’ল। নাম থ’লে “ভোট জলকীয়া”। “ভোট জলকীয়া” সমাদৃত হ’বলৈ বেছি দিন নালাগিল।

নিজৰ কঠোৰ শ্ৰমৰ বলত অঞ্জলী বৰাই এতিয়ালৈকে মুঠ ২০খন বার্জ আৰু ৫খন জাহাজ IWTৰ বাবে নির্মাণ কিৰ উলিয়াইছে। ভৱিষ্যতে ব্যৱসায় সম্প্ৰসাৰণৰ হেঁপাহ পুহি ৰখা অঞ্জলীয়ে সাংস্কৃতিক জগতখনতো বহুতো কাম কৰাৰ ইচ্ছাৰ কথা অৱগত কৰে। তেওঁৰ বন্ধু-বান্ধৱীৰ মতে “অঞ্জলী থাকিলে চিন্তা নাই- কোনেও আমনি নাপায়।”

সমস্যাক সমস্যা বুলি মানি নোলোৱা অঞ্জলী আৰু সফল হওক সেয়া ইয়ৰ ষ্ট'ৰীৰ তৰফৰ পৰাও কামনা থাকিল ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

অৰণ্য মানৱ – যাদৱ পায়েঙ

দহ টকাত ব্ৰেণ্ডিঙৰ পাঠ

৪০০ টকীয়া চাকৰিৰ পৰা কুইক হীলৰ প্ৰতিষ্ঠালৈকে কাটকাৰ ভাতৃদ্বয়ৰ চমকপ্ৰদ যাত্ৰা