কিদৰে আমিৰা শ্বাহে নিজৰ পিতৃৰ সৰু লেবৰেটৰীটোক এটা ২০০০ কোটিটকীয়া কোম্পানীলৈ সলনি কৰি পেলালে।

0

১৯৮০চনত ডাঃ সুশীল শ্বাহে যেতিয়া চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল,তেতিয়া তেওঁ ভাৰতৰ পুতৌজনক স্বাস্থ্যখণ্ডটো দেখি বৰ মৰ্মাহত হৈ পৰিছিল। বিশেষকৈ মেডিকেল টেষ্ট সমুহৰ ক্ষেত্ৰত তেওঁ বহুত দুৰ্বলতা লক্ষ্য কৰিছিল। নিজৰ ৰোগীসমুহক বজাৰত উপলব্ধ একেবাৰে নতুন পদ্ধতিসমুহেৰে চিকিৎসা সেৱা আগবঢ়োৱাৰ মানসিকতাৰে তেওঁ এটা জলপানিৰ ভিত্তিত আমেৰিকালৈ ঢাপলি মেলিছিল, নতুন পদ্ধতিৰ শিকাৰ বাবে। ভাৰতলৈ উভতি আহি তেওঁ তেওঁৰ গেৰেজটোতেই আৰম্ভ কৰিছিল ‘Dr Sushil Shah’s Laboratory,’ আৰু তেওঁৰ পাকঘৰত আৰম্ভ কৰিছিল ক্লিনিক।

“আজি আমি থাইৰইড টেষ্ট,ফাৰ্টিলিটী টেষ্ট আৰু বিভিন্ন হৰমোনেল টেষ্টৰ কথা কওঁ। এইবোৰ কিন্তু ১৯৮০চনত ভাৰতত উপলব্ধ নাছিল। এই সকলোবোৰ আৰম্ভ কৰা মানুহজন আছিল তেওঁ। তেওঁ একেবাৰে নিম্ন পৰ্যায়ৰ পৰা আৰম্ভ কৰি নিজৰ প্ৰচেষ্টাৰে আনৰ দক্ষতা বা জ্ঞান নথকা শেহতীয়া সেৱা সমুহ প্ৰদান কৰিছিল।” পিতৃৰ কথা গৌৰৱেৰে কলে কন্যা আমিৰা শ্বাহে ।

৩৫বছৰীয়া আমিৰা বৰ্তমান আন্তৰ্জাতিক এক পেথলজি সাম্ৰাজ্যৰ সাম্ৰাজ্ঞী,যিয়ে নিজৰ পিতৃৰ সৰু লেবৰেটৰীটোক বৰ্তমান এটা ২০০০ কোটিটকীয়া কোম্পানীলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। সেই কামো বেছি বছৰ পূৰ্বে নহয়, মাত্ৰ ২১ বছৰ বয়সতেই অনভিজ্ঞ আমিৰাই আৰম্ভ কৰিছিল।


মই জীৱনত কি নো কৰিম?

“মই নিউয়ৰ্কত গোল্ডমেন শেকছত (Goldman Sachs) কাম কৰি আছিলো। এইটো আছিল এক বহু আকাংক্ষিত এটা কাম আৰু মোৰ বন্ধুমহল ইয়াকে লৈ আনকি জ্বলিছিল। কিন্তু কামটো মই উপভোগ কৰিব পৰা নাছিলো। মই নিউয়ৰ্কত থাকি ভাল পাইছিলো কিন্তু বিত্তীয় ক্ষেত্ৰখনে মোক আকৰ্ষিত কৰিব পৰা নাছিল। মই ধন আহৰণৰ ক্ষেত্ৰত কেতিয়াও আগ্ৰহী হৈ পৰা নাছিলো। সেইবাবেই এটা ধনবান পদবীৰ পৰা ধন আহৰণ কৰাটো মোৰ বাবে নাছিল। ” তেওঁ কয়। সেইবাবেই তেওঁ অবিশ্বাস্যভাবেই কামটো এৰি পেলাইছিল। “ তাৰ পিছত মই মাত্ৰ ৫জন কৰ্মচাৰীৰে মোৰ নিজৰ ষ্টাৰ্ট আপ আৰম্ভ কৰিলো। যদিও এই অভিজ্ঞতা বৰ সুখকৰ নাছিল,কিন্তু মই এটা কথা শিকিলো যে মই সৰু কোম্পানী ভাল পাওঁ, সৰু কৰ্মচাৰীৰ দল ভাল পাওঁ, তদুপৰি প্ৰতিটো দিনেই প্ৰভাৱশালী কিবা এটা কৰিব পৰা সক্ষমতা মই লাভ কৰিলো। মই এই কথা ভাবি সুখী হৈ পৰিলো যে মই যদি এই স্থানত নাথাকিলোহেতেন, তেনেহলে নিশ্চই মই কিবা এটা হেৰুৱালোহেতেন। ”

আমিৰাই এটা কথা জানিছিল যে তেওঁ জীৱনটোত কিবা এটা সাৰ্থক কাম কৰিব বিচাৰে। তেওঁ কয়, “যেতিয়া আপুনি ২১ বছৰ বয়সত এইসমুহ কথা কব, কোনেও আপোনাৰ কথা গুৰুত্বসহকাৰে গ্ৰহণ নকৰে” নিজৰ কৰ্মৰ পৰিষৰ সন্দৰ্ভত অসন্তুষ্ট হৈ তথা আমেৰিকাত তাৰ প্ৰভাৱৰ ক্ষেত্ৰত অসুখী হৈ তেওঁ পৰামৰ্শৰ বাবে পিতৃৰ কাষ চাপিল। তেওঁৰ পিতৃয়ে তেওঁক সুধিলে তেওঁ এগৰাকী বিষয়া নে এগৰাকী উদ্যোগী হৈ উঠিব বিচাৰে। “পাৰ্থক্যটো কি”, আমিৰাই সুধিলে।

এজন কৰ্মচাৰী বিষয়া নে এজন উদ্যোগী

“প্ৰথম কথা হল তুমি এটা ভাল কেৰিয়াৰ লাভ কৰিব পাৰা, মান-যশ, ধন-সম্পত্তি অৰ্জন কৰিব পাৰা। সেইয়াই যদি বিচৰা তেনেহলে আমেৰিকাতেই তুমি থকা উচিত। কাৰণ উৎকৃষ্ট সুযোগৰ বাবে সেই স্থানেই শ্ৰেষ্ঠ। কিন্তু যদিহে তুমি কিবা এটা প্ৰভাৱশালী কৰিব বিচাৰিছা, এটা কোম্পানীৰ হৃদপিণ্ড আৰু আত্মা হৈ পৰিব বিচাৰিছা,যত তোমাৰ কামৰ গুৰুত্ব থাকিব, তেনেহলে তুমি এগৰকী উদ্যোগী হৈ উঠিব লাগিব। আৰু তাৰ বাবে তুমি ভাৰতলৈ উভটি আহিব লাগিব। ” আমিৰাৰ পিতৃয়ে এই বুলি কলে। ইয়াৰ পিছতে ২০০১ চনত তেওঁ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰিলে।

“সেই সময়ত কিন্তু এই সিদ্ধান্তটো কিছু বিবদমান আছিল। কাৰণ ভাৰতখন আজিৰ উদিত ভাৰত তেতিয়া নাছিল। উদ্যোগশীলতাৰ কোনো চিন মোকামেই নাছিল। প্ৰাথমিক পৰ্যায়ত ই এটা আশ্বৰ্যৰে ভৰা সংস্কৃতি আছিল। মোৰ ভাৰতত কাম কৰাৰ কোনো ধৰণৰ অভিজ্ঞতা নাছিল। দেউতাৰ লেবটো একক মালিকীস্বত্বত চলিছিল। দেউতা আৰু তেওঁৰ সোহাতস্বৰূপ এজন ব্যক্তিয়েই সকলো সিদ্ধান্ত গ্ৰহণ কৰিছিল। সকলো কথায়ে কেন্দ্ৰীকৃত আছিল। তাত কোনো কম্পিউটাৰ, ই-মেইল বাব আন প্ৰক্ৰিয়া আৰু পদ্ধতি নাছিল। মাত্ৰ এজন ব্যক্তিয়েই বহিছিল আৰু কোষসমুহ পৰীক্ষাৰ বাবে গ্ৰহণ কৰিছিল। মই অনুমান কৰিছিলো যে এইধৰণে উন্নতি সম্ভৱ নহয়। যেতিয়া এজন লোকেই সকলো সিদ্ধান্ত গ্ৰহণ কৰিব আপুনি তাৰ তুলনা কৰিব নোৱাৰিব। তাত কোনো ধৰণৰ বিধিগত পদ্ধতি নাছিল। ”তেওঁ কয়।

Dr. Sushil Shah’s Laboratory আছিল ১৫০০ বৰ্গফুট সামৰি দক্ষিণ মুম্বাইৰ এটা সাধাৰণ লেবৰেটৰী। ২৫টা বছৰে ই বৰ বেছি খ্যাতি লাভ কৰিব পৰা নাছিল। “ কিন্তু এইটো আছিল এইধৰণৰ একমাত্ৰ প্ৰতিস্থান। দক্ষিণ মুম্বাইৰ বাহিৰৰ কোনো লোকেই ইয়াৰ বিষয়ে জনা বা শুনা নাছিল। দেউতাৰ এটা লক্ষ্য আছিল ইয়াৰ এটা চেইন সমগ্ৰ ভাৰততে গঢ়ি তোলাৰ। কিন্তু এই কাৰ্য সিদ্ধিৰ বাবে কোনো নিৰ্দিষ্ট ধাৰণা তেওঁৰ নাছিল। তদুপৰি, উন্নতিৰ কোনো মাপকাঠিও তেওঁৰ নাছিল।” আমিৰাই বৰ্ণনা কৰি কয়।

পুনৰ গঠন

তেওঁ যেন ষাঁড় গৰুটোৰ শিঙতেই ধৰি দৌৰাৰ বাবে নিৰ্দেশটো দিলে। “ মোৰ প্ৰথম লক্ষ্য আছিল একক মালিকীস্বত্বটো আতৰাই ইয়াক এটা কোম্পানীৰ ৰূপ প্ৰদান কৰা। আমি নতুন নতুন দক্ষ লোকক নিযুক্তি দিলো। বিভিন্ন বিভাগ গঠন কৰিলো। যোগাযোগ ব্যৱস্থাটো ডিজিটেল কৰি তুলিলো। নতুন প্ৰক্ৰিয়া আৰু পদ্ধতি আৰম্ভ কৰিলো। এটা কথা মন কৰিব, এই সকলো কথা আৰু কামেই মোৰ বাবে নতুন আছিল। মই আছিলো বিজনেছ স্কুলৰ পৰা নতুনকৈ পাছ কৰি অহা ছোৱালী। স্কুলত আমাক বৰ বৰ কোম্পানীৰ কথাহে শিকোৱা হৈছিল। যেনে, কিদৰে ধন অৰ্জনৰ বাবে ধাৰা এটা গঢ়ি তোলা, এক্সেলত কিদৰে নিয়ম, সংজ্ঞা,গণনা আদি কৰা হয় ইত্যাদি। কিন্তু বাস্তৱত এটা কোম্পানী কিদৰে পৰিচালনা কৰিব লাগে সেই কথা কিন্তু শিকোৱা নহৈছিল। এটা প্ৰক্ৰিয়াক কিদৰে পদ্ধতিগতবাবে চলাব লাগে সেই কথাবোৰ শিকোৱা নহয়। এটা সৰু কোম্পানী হৈ কম দৰমহাত অতি দক্ষ লোকক কিদৰে নিয়োগ কৰাব পাৰি সেই কথা কিন্তু শিকোৱা নহয়। এইক্ষেত্ৰত মই মোৰ সাধাৰণ ধাৰণা আৰু ভিতৰৰ অনুভুতিকে সাৰ কৰি আগবাঢ়িলো। ”


আৰম্ভণিৰে পৰা আমিৰাই এইধৰণৰ পৰিৱৰ্তনসমুহৰ ক্ষেত্ৰত তেওঁৰ পিতৃৰ পৰিচয় বা নাম ব্যৱহাৰ কৰিবলগীয়া হোৱা নাছিল। - তেওঁ কয়, “ মোৰ দেউতা এনেকুৱা ধৰণৰ মানুহ নহয় যিয়ে প্ৰথমৰে পৰা মোক শীৰ্ষ পদ দিব। মই আক্ষৰিক অৰ্থতেই কাষ্টমাৰ কেয়াৰ কাউন্টাৰৰ পৰা আৰম্ভ কৰি গ্ৰাহক ৰোগীৰ সৈতে দৈনন্দিন সমস্যাসমুহ সমাধান কৰিছিলো। সমান্তৰালভাবে, মই যেন এটা এটা ইটা গাঠি এটা অট্টালিকাৰ নিৰ্মাণ কৰি গৈছিলো। সেয়া কিন্তু মোৰ বাবে ভাল সিদ্ধান্ত আছিল। কাৰণ মই ওপৰৰ পৰা তললৈ অহাৰ সলনি তলৰ পৰা ওপৰলৈ উধাই যোৱা দৃষ্টিভংগীত বিশ্বাসী। মই প্ৰকৃততেই নিম্ন পৰ্যায়ত কি ধৰণৰ সমস্যা হয় সেইবোৰ বুজি উঠিছিলো। এইধৰণে কেইবছৰমান চলিল।

আহা আগুৱাই যাও

দুবছৰমান এইধৰণে অগা পিছা কৰাৰ পিছত আমিৰাই উত্তৰণৰ কথা গুৰুত্বসহকাৰে ভাবিবলৈ আৰম্ভ কৰিলে। “যিধৰণে ২৫বছৰত মোৰ দেউতাই দক্ষিণ মুম্বাইত তেওঁৰ লেবটোৰ মৰ্যদা আনিবলৈ সক্ষম হৈছিল, সেইধৰণৰ প্ৰতিস্থান অন্য প্ৰন্ততো নিশ্চয় আছিল বুলি ভাবিলো। তাৰ আগে আগে আমি লেবটোৰ নাম Dr. Sushil Shah’s Laboratory ৰ পৰা Metropolis লৈ সলনি কৰি ললো। কাৰণ বহুতো বহুজাতিক কোম্পানীয়ে এই সেৱা আৰম্ভ কৰিছিল দেশত । ফলত প্ৰতিযোগিতা বৃদ্ধি পাইছিল। আমি আন আন স্বতন্ত্ৰ লেবৰেটৰী কিছুমানক একত্ৰিত কৰি Metropolisৰ অন্তৰ্গত কৰি লব বিচাৰিলো। ”

২০০৪চনত Metropolisএ প্ৰথমটো পাৰ্টনাৰশ্বিপত স্বাক্ষৰ কৰে। “ আমি চেন্নাইৰ এজন পেথলজিষ্ট ডাঃ শ্ৰীনিবাসনক বিচাৰি উলিয়ালো, যি আমাৰ প্ৰয়োজনখিনিৰ সৈতে খাপ খাইছিল। আমি তেওঁক আমাৰ সৈতে সংযুক্ত হোৱাৰ বিনিময়ত লাভ্যাংশ দিছিলো। আজি আমি সেইধৰণৰ ২৫টা পাৰ্টনাৰশ্বিপ গঢ়ি তুলিছো। ” তেওঁ কয়।

২০০৬চনত Metropolis প্ৰথমটো বিনিয়োগ ICICI venturesৰ পৰা লাভ কৰে। Warburg Pincus নামৰ এক American global equity firmএ ২০১০চনত Metropolisত এক মোটা অংকৰ বিনিয়োগ কৰে ২০১০চনত ।“আমাক ধনৰ প্ৰয়োজন আছিল কেৱল আন কোম্পানীত শ্বেয়াৰ লাভ কৰিবলৈ। কাৰণ সেই কাম বাকীত নচলে।” ২০০৬ চনত বিনিয়োগ আহৰণ সম্পৰ্কত আমিৰাই কয়। “বহু টকা খটুৱাব পৰাকৈ আমি কোনো ব্যৱসায়িক পৰিয়ালৰ লোক নাছিলো। লেবটোৰ পৰা হোৱা লাভৰ পৰাই আমি পুনৰ বিনিয়োগ কৰি গৈছিলো।

উন্নতিৰ বাবে সেইবাবেই লাভ আৰু বিনিয়োগৰ এই হাৰ সমানুপাতিক হবই লাগিব। আজিৰ ষ্টাৰ্ট আপত যিদৰে মাহিলী ১০০কোটি বিনিয়োগ আৰু ২কোটিকৈ আহৰণ হোৱা ব্যৱস্থা এটা গঢ়ি উঠিছে, তেতিয়া তেনেকুৱা নাছিল। আমি কেৱল আমাৰ হাতত থকা যৎসামান্য টকাহে খৰচ কৰিবলৈ সক্ষম হৈছিলো।” শেহতীয়াভাবে Metropolisএ Warburg Pincusৰ শ্বেয়াৰ ক্ৰয় কৰিছে । সেইবাবেই বাহিৰা বিনিয়োগকৰ্তাৰ কথা ভবা নাই।

Metropolisৰ উন্নতিৰ ভেটিটো সেই ২০০৬চনতে গঢ়ি উঠিছিল। “ ২০০২চনত এইটো কেৱল এটা ৭কোটি টকা আহৰণ কৰা এটা কোম্পানীহে আছিল। তেতিয়া মাত্ৰ ৪০ৰ পৰা ৫০জন কৰ্মচাৰীহে আছিল। বিগত ১৩টা বছৰত আমি এটা লেবৰেটৰীৰ পৰা ৭খন দেশত ৮০০টা শাখা আৰু ১২৫টা লোবৰেটৰীৰে সৈতে এটা ডাঙৰ কোম্পানী হৈ উঠিছো। আমাৰ বৰ্তমান কোম্পানী মূল্য ২০০০কোটি টকা আৰু বাৰ্ষিক আয় প্ৰায় ৫০০ কোটি টকা।” আমিৰাই উশ্বাসেৰে কয়।

আন্তৰ্জাতিক ভুমুকি

আন্তৰ্জাতিক পৰ্যায়লৈ উন্নিত কৰাৰ সিদ্ধান্তটো সম্পূৰ্ণৰূপে এক সুযোগসন্ধানী সিদ্ধান্ত আছিল। “সেই তেতিয়া আমি সমগ্ৰ ভাৰতজুৰিয়েই প্ৰসাৰিত নাছিলো। কেৱল মুম্বাই, চেন্নাই আৰু কেৰেলালৈহে বিয়পি পৰিছিলো। আমি শ্ৰীলংকাত শাখা মুকলি কৰাৰ এক সহযোগী গোষ্ঠী লাভ কৰিলো। আমি জানিছিলো যে ভাৰতবৰ্ষৰ বজাৰখন যথেষ্ট প্ৰতিযোগিতামূলক। তাৰ তুলনাত শ্ৰীলংকাৰ বজাৰখন কিছু সহজ আছিল। সেইদৰেই আমি ২০০৫ চনত শ্ৰীলংকাত প্ৰৱেশ কৰিলো। এইটো কোনোধৰণেই এই পৰিকল্পিত সিদ্ধান্ত নাছিল, কিন্তু ই বৰ লাভদায়ক বিবেচিত হৈছিল। ২০০৬চনত আমি মধ্য প্ৰাচ্যত আৰু একেদৰেই ২০০৭চনত আফ্ৰিকালৈ আমাৰ শাখা বিয়পাই দিলো।”

আমিৰাই তেওঁৰ ভিন্ন প্ৰান্তৰ কৰ্মসংস্কৃতিৰ সৈতে সংযুক্ত হবলগীয়া কামটো উপভোগ কৰে। “এই সকলো বজাৰেই নিজৰ ধৰণে পৃথক । শ্ৰীলংকা কিছু শিথিল। ভাৰতত ৰাজহুৱা বন্ধ বহুত কিন্তু বহু পৰিমানে ই শ্ৰেণীবদ্ধ আৰু বংশানুক্ৰমিক। মধ্য প্ৰাচ্যৰ বজাৰখনে বিশ্বত তেওঁলোকৰ ভাবমুৰ্তিৰ ওপৰতেই মনোনিবেশ কৰে। তেওঁলোকে অত্যাধিক কৰ্প'ৰেট ধৰণত বিশ্বাসী। আফ্ৰিকাৰ প্ৰতিখন দেশেই ভিন্ন। নিজৰ ব্যৱসায়িক সম্পৰ্কত দক্ষিণ আফ্ৰিকা সদায়েই যথেষ্ট পেছাদাৰী, আমাৰ ভাৰতৰ দৰে ব্যক্তিগত ধৰণৰ নহয়। কিন্তু তেওঁলোকে ন বজাৰ পৰা পাঁচ বজালৈ এক কঠোৰ কৰ্ম সময় অনুসৰণ কৰে, কিন্তু আমাৰ দেশত সময়ৰ লাগবান্ধ নাই। তেওঁলোকে আচল উৎপাদনক্ষমতাতকৈ কৰ্ম সময়টোতহে গুৰুত্ব দিয়ে। আমাৰ দৰে এটা কোম্পানীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে – বিশ্বৰ কত আমাৰ অৱস্থিতি –এইটোৱেই আমাৰ নিৰৱচ্ছিন্ন কৰ্ম পদ্ধতি হোৱা উচিত। এজন Metropolisকৰ্মচাৰীয়ে কেনিয়াত বহি থাকিও ভাৰতৰ সৈতে একেই কৰ্ম অনুভূতি আৰু দৃষ্টিভংগী ৰাখিব লাগিব। ”


অনুতাপ

Metropolisৰ তীক্ষ্ণভাবে আগবঢ়া সফলতাৰ ধাৰাটোৱে বিভিন্ন সময়ত বিফলতাৰ সাক্ষীও হৈছে। “ এই পাৰ্টনাৰশ্বিপসমুহৰ সৰহসংখ্যকৰে লগত আমাৰ ব্যৱসায় ভাল হৈছে। কিছুমানৰ লগত হোৱা নাই। কিন্তু কেতিয়াবা স্থায়ীত্বৰ কথাত বিশেষ মন নিদিয়াকৈও কিছুমান পাৰ্টনাৰশ্বিপ ৰাখিব লগীয়া হৈছিল।” আমিৰাই কয়।

“স্বাস্থ্যখণ্ডটো সাধাৰণতে এটা পুৰণি আৰু পুৰুষতান্ত্ৰিক ক্ষেত্ৰ হিচাপে বিবেচিত হৈ আহিছে। তেনেস্থলত এগৰাকী কম বয়সীয়া মহিলা হিচাপে আন লোকৰ পৰা গুৰুত্ব লাভ কৰাটোও মোৰ বাবে প্ৰত্যাহ্বানস্বৰূপ আছিল। তদুপৰি চিকিৎসা শাস্ত্ৰৰ জ্ঞান নোলোৱাকৈ স্বাস্থ্যখণ্ডৰ ব্যৱসায় কৰাটোও বৰ কঠিন। মই এটা কামেই কৰিছিলো, সেয়া হৈছে কম সুবিধাবাদী হৈ অধিক পৰিকল্পনাৰে আগবাঢ়িছিলো। পাৰ্টনাৰশ্বিপ আৰু সুযোগৰ মাজেৰে ব্যৱসায় কৰাৰ কিছু লাভো আছে। যেতিয়াই সুযোগ আহে, বৰ ক্ষিপ্ৰতাৰে আহে। কিন্তু যায়ো বৰ ক্ষিপ্ৰতাৰে। সংঘবদ্ধ বিকাশৰ গুৰুত্ব বৰ বেছি। সেইবাবেই মই তাৰ ওপৰতেই গুৰুত্ব প্ৰদান কৰিছিলো।” তেৱো বৰ ক্ষিপ্ৰতাৰেই কলে।

পুৰুষৰ পৃথিৱীত এগৰাকী মহিলা

এগৰাকী কম বয়সৰ মহিলা স্বত্বাধিকাৰী হিচাপে আমিৰাই লিংগ বৈষম্যৰো সমুখিন হবলগীয়া হৈছিল। আনকি নিজৰ পুৰুষ কৰ্মচাৰীৰ পৰা বহুবাৰ অপমানিতও হবলগীয়া হৈছিল, যিটো ৰাজহুৱাভাবে একেবাৰেই গ্ৰহণযোগ্য নহয়। কিন্তু আন এগৰাকী বুধিয়ক মহিলাই কোৱাৰ দৰে, তেওঁ তেওঁ জিকিব পৰা যুদ্ধ কৰি গৈছিল। “ কৰ্মস্থানত এগৰাকী মহিলাই সমুখীন হোৱা লিংগ বৈষম্যমূলক আচৰণ এগৰাকী মহিলা উদ্যোগীৰ ক্ষেত্ৰত কিছু পৃথক হয়। এগৰাকী মহিলা উদ্যোগীৰ বাবে এটা উদ্যোগ গঢ়ি তোলা আৰু কৰ্ম সংস্কৃতি গঢ়ি তোলাতো যথেষ্ট পৃথক হয়। আপুনি যেতিয়া নিজৰ এটা ব্ৰেণ্ড নিৰ্মাণ কৰি আছে,তেতিয়া আপুনি নিজেই সেই ব্ৰেণ্ড বিক্ৰীৰ বাবে ওলাই যাব লাগিব। বৈষম্যৰ ক্ষেত্ৰত এইটোৱেই আটাইতকৈ কঠিন বাট” তেওঁ কয়।

তেওঁ তদুপৰি কয়, “মোৰ অভিজ্ঞতাৰ পৰা কওঁ, যে বহুতো লোকেই নিজৰ সমকক্ষ এগৰাকী মহিলাৰ সৈতে একেখন মেজতে বহিবলৈ অসুবিধা পায়। সেয়া কিন্তু তেওঁলোকৰ ভুল নহয়। ডাঙৰ দীঘল হোৱা সমস্ত সময়ছোৱাত তেওঁলোকে মহিলাসকলক কেৱল দুটা ধৰণেই দেখি আহে—হয়তো মাতৃ অথবা পত্নী, কিন্তু সহকৰ্মী হিচাপে নহয়। তেওঁলোকে সমকক্ষ এগৰাকী মহিলাৰ সৈতে কিদৰে চলিব লাগিব,তাক নাজানে। তেওঁলোকে কেৱল মহিলাক নিৰাপত্তা প্ৰদান কৰা আৰু মহিলাৰ বাবে যা-যোগাৰ কৰাৰ সৈতেহে অভ্যস্ত।”

সমস্যৰ অস্তিত্বক অস্বীকাৰ কৰাতকৈ তাৰ মুখামুখি হোৱা উচিত। আমিৰাই কয় “কিন্তু সমস্যাৰ অস্তিত্ব স্বীকাৰ মানেই সমস্যাক সহজভাবে লোৱাটো নুবুজায়। মই বিচাৰোঁ, মোৰ কামেই নিজৰ কথা কওক মহিলাই তেওঁলোকৰ সমস্যা সমাধানৰ বাবে নিজৰ সক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত।” আমিৰাৰ পৰামৰ্শ।

ভৱিষ্যত

আমিৰা বৰ্তমান তেওঁৰ কোম্পানীৰ ভৱিষ্যত সম্পৰ্কত আগ্ৰহী। “বিগত দুই তিনি বছৰত Metropolisএ নিজৰ কৰ্মচাৰী, আন্তঃগাঠনি,বিতৰণ, নেটৱৰ্ক গঠন আৰু বিক্ৰীত গুৰুত্ব দি আহিছে। এতিয়া মই আমি কৰি অহা এই কাম সমূহৰ ফলকলৈ আশাবাদী।

“এক দীৰ্ঘ সময় ভিত্তিত গ্ৰাহকৰ মনোভাব সলনি হৈ থাকে। দৃষ্টিভংগী সলনি হয়। ভবিষ্যতৰ প্ৰণালীৰ ওপৰত ভিত্তি কৰি আমাৰ কৰ্ম পদ্ধতিত কিছু সালসলনি কৰি মই ব্যৱসায়টোক অধিক পেছাদাৰী কৰি তুলিব খুজিছো। মই আন নতুন নতুন দেশলৈ Metropolisক লৈ গৈ সমগ্ৰ বিশ্বৰ বাবে এক অপৰিহাৰ্য লেবৰেটৰী কৰি গঢ়ি তুলিব বিচাৰিছো। সেয়াই লক্ষ্য।”

সপ্তাহটোত তিনি বাৰ আমিৰাই টেনিছ খেলে আৰু দুদিন ব্যয়াম কৰে। এটা শীত তাপ নিয়ন্ত্ৰিত কোঠাত সোমাই থাকি তেওঁ বেয়া পায়। “মই নাও চলাই ভাল পাও,ট্ৰেকিং কৰিও ভাল পাওঁ। যিকণ সময় পাও মই মোৰ মানসিক আৰু শাৰীৰিক শক্তি বৃদ্ধিত নিয়োজিত কৰি ভাল পাওঁ।তদুপৰি নিজৰ ভাললগা মনুহৰ লগত সময় কটাও।” তেওঁ কয়। তেওঁক যেতিয়া শোধা হৈছিল তেওঁ লাভ কৰা আটাইতকৈ ভাল পৰামৰ্শটো কি বুলি ,তেওঁ মাত্ৰ দুটা শব্দতে কৈছিল : “Fail better.” অৰ্থাত ভালকৈ হে বিফল হোৱা।

পৰামৰ্শ

তেওঁৰ বিগত ১৪বছৰৰ উত্থান পতনৰ মাজত তেওঁ নিজৰ বাবেই কেইটামান শক্তিশালী পৰামৰ্শ লাভ কৰিছে। “ আপুনি সদায়েই নিজৰ সীমাৰ পৰিষৰ বৃদ্ধি কৰি যাব লাগিব। মানুহৰ সহজাত প্ৰবৃতি হৈছে নিজৰ সুবিধাজনক স্থিতিত অৱস্থান কৰি ভাল পোৱাটো। আমি সকলোতকৈ বেছি সমুখিন হোৱা বস্তুটো হৈছে অনিশ্চয়তা। ই আমাক ভীতিগ্ৰস্থ কৰি তোলে। কিন্তু আপুনি সদায়েই সেই স্থানতেই আপুনি নিজক আৱিস্কাৰ কৰিব। আপুনি সেইবাবেই যিমানেই আপোনাৰ সীমাৰ পৰিধি বৃদ্ধি কৰি যাব সিমানেই আপুনি নিজকে আৱিস্কাৰ কৰি যাব, সিমানেই নিজৰ দক্ষতাৰ উমান লাভ কৰি যাব।”

মূলঃ ৰাখী চক্ৰৱৰ্তী

অনুবাদঃ প্ৰাঞ্জল শৰ্মা


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

ৰ'লছ ৰয়ছ থকা এজন নাপিত

এজন শিক্ষক যি ছাত্ৰক শিকাবলৈ সাঁতুৰি পাৰ হয়, আৰু আজিলৈ ছুটী লোৱা নাই.....

ললিত বৰাঃ অসমৰ গাঁৱে- ভূঞে, চহৰে -নগৰে গ্ৰন্থৰ সুবাস বিলাই ফুৰা মানুহজন