পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

পেইন্টিঙৰ বজাৰত এক নতুন কনচেপ্টেৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হোৱা এক পিতৃ-কন্যা যুটি

Wednesday February 03, 2016,

3 min Read

আজিৰ বজাৰ কেন্দ্ৰিক অৰ্থনীতিত দৈনিক নিত্য নতুন আহিলা আবিষ্কাৰ হৈ আছে।মানুহৰ জীৱনপ্ৰণালী সহজ সাধ্য কৰিবলৈ বা স্পৰ্শ,গোন্ধ আদি পঞ্চ ইন্দ্ৰিয়ৰ লগত জড়িত বিভিন্ন গৱেষণা আৰু আবিষ্কাৰ হৈ আছে।এনে এক গৱেষণাৰ ফচল হ'ল dustless painting.

মই যেতিয়া নিয়তি ইনগেলৰ সৈতে Dustless Painting ৰ বিষয়ে কথোপকথন কৰিছিলো, এই কথোপকথন অতি উপভোগ্য আছিল।তেওঁ পিতৃৰ সৈতে লগলাগি pain out of painting ম'ট'ৰে আৱৰ্জনা মুক্ত পেইন্টিঙ কৰিব পৰা এক সৃজনশীল ব্যৱস্থা উদ্ভাৱনৰ কথা কৈছিল।

image


চিন্তাৰ পৰা উদ্ভাৱনলৈ এক প্ৰক্ৰিয়া

নিয়তিৰ পিতৃ অতুল ইনগেল VJTI ৰ এজন ইঞ্জিনিয়াৰিঙ গ্ৰেজুৱেট। তেওঁ মানুহৰ উপকাৰত অহা কিবা এটা কৰাৰ কথা সদায় চিন্তা কৰিছিল।১৯৯৫ চনত পিতৃয়ে মুম্বাইৰ থানে চহৰত এটা ঘৰ ক্ৰয় কৰি ইয়াৰ ৰিপেয়াৰিঙ কৰাইছিল।কিন্তু সেই সময়ত পেইন্টিঙৰ পৰা হোৱা আৱৰ্জনাৰ ফলত তেওঁৰ দহ বছৰীয়া আৰু দুবছৰীয়া দুটা সন্তান বেমাৰত পৰিছিল।আনহাতে ধূলি-মাকতি আৰু সিচঁৰতি ৰঙৰ টেমা আদিৰ উপদ্ৰৱত দৈনন্দিন কাৰ্য সম্পাদন কৰাটো সম্ভৱপৰ হৈ উঠা নাছিল।

সেই পৰিস্থিতি লক্ষ্য কৰি অতুল ইনগেলে ধূলি-মাকতি নিয়ন্ত্ৰণ কৰিব পৰা এটা মেচিন উদ্ভাৱনৰ কথা চিন্তা কৰিলে।এই উদ্দেশ্যেৰে dustless sanding technology ৰ বিষয়ে তেওঁ কিছু গৱেষণা কৰিলে।আঠ মাহ জুৰি তেওঁ বিভিন্ন ধৰণৰ মেচিন নিজে ক্ৰয় কৰি ধূলি-মাকতি আৰু ইয়াক শোষণ কৰিব পৰা ব্যৱস্থাৰ বিষয়ে পৰীক্ষা চলালে।অৱশেষত ২০১৪ চনত তেওঁ বিচৰা ধৰণৰ এক সঁজুলি উদ্ভাৱন কৰাত সফল হয় আৰু এই বিষয়ে তেওঁৰ কন্যা নিয়তি ইনগেলক অৱগত কৰে।

সেই সময়ত নিয়তি CNBC ত কৰ্মৰত আছিল।পিতৃৰ সৈতে তেওঁ প্ৰডাক্টটোৰ মাৰ্কেট ডিমাণ্ড আদিৰ বিষয়ে আগতীয়া জৰীপ কৰাৰ কথা চিন্তা কৰিলে।চেন্নাইস্থিত এটা কম্পেনিৰ বাহিৰে আন কোনেও এনে dustless painting সেৱা তেতিয়ালৈকে আগবঢ়োৱা নাছিল।পিতৃ-কন্যা লগ লাগি ২০১৪ চনত তেওঁলোকৰ কনচেপ্টটো বিস্তাৰিত কৰাৰ উদ্দেশ্যৰে এটা কম্পেনি আৰম্ভ কৰে।তেওঁলোকে বিভিন্ন আৰ্কিটেক্ট, ডিজাইনাৰ, ইন্টেৰিঅ'ৰ ডেকৰেটৰ আৰু ডিজাইনিঙ ফাৰ্ম আদিৰ লগত যোগাযোগ কৰিলে।লগতে কিছুমান ক্লায়েন্টক ইয়াৰ আৰ্হি দেখুওৱাৰ লগতে প্ৰডাক্টৰ বিষয়ে বিস্তৃত বৰ্ণনা থকা ডেম' ভিডিঅ' প্ৰদৰ্শন কৰিলে।

Dustless Painting ৰ কনচেপ্টটোৰ দ্বাৰা অনুপ্ৰাণিত হৈ কিছুমান নামী আৰ্কিটেক্ট আৰু ডিজাইনাৰে ইয়াৰ প্ৰতি আগ্ৰহ প্ৰদৰ্শন কৰিলে।ফলস্বৰূপে আজি তেওঁলোকৰ কম্পেনিয়ে আগশাৰীৰ MNC আৰু FMCG ৰ সৈতে কাম কৰি আছে।

image


end to end service আগবঢ়োৱা ডাষ্টলেছ পেইন্টিঙৰ ছাৰ্ভিছ টিমে পূৰ্বৰ পৰিবেশ অলপো সাল সলনি নকৰাকৈ যি অৱস্থাত আছিল সেই অৱস্থাতে ৰাখি পেইন্টিঙ কাৰ্য সমাপ্ত কৰে।ঘৰ এটাৰ ইন্টেৰিঅ'ৰ পেইন্টিঙৰ ক্ষেত্ৰতো গৰাকীৰ অলপো অসুবিধা নোহোৱাকৈ পৰিস্কাৰ আৰু স্বাস্থ্যজনিত আৰ্হিৰে পেইন্টিঙ কৰা হয়।এই ক্ষেত্ৰত দক্ষ্য কৰ্মীয়ে পেইন্টিঙ কাৰ্য কৰি থাকোতে আন কিছুমানে ঠাইখিনি পৰিস্কাৰ কাৰ্যত জড়িত হয়।

প্ৰত্যাহ্বান আৰু সফলতাৰ পথ

ভাৰতীয় গ্ৰাহক সকলক পেইন্টিঙৰ এই নতুন কনচেপ্টটোৰ বিষয়ে আগ্ৰহান্বিত কৰাটো আছিল এক জটিল কাম।কিন্তু পিতৃ-কন্যাই লগলাগি তেওঁলোকৰ সেৱাৰ উপযোগিতাৰ বিষয়ে মানুহক অৱগত কৰিবলৈ চেষ্টাৰ কোনো ক্ৰুটি নকৰিলে। ডাষ্টলেছ পেইন্টিঙ প্ৰক্ৰিয়াটোত আৰম্ভণিৰ পৰা শেষলৈকে এনে কিছুমান সাৱধানতা অৱলম্বন কৰা হয় যাতে পেইন্টিঙ কৰি থকা সময়তো গৰাকীয়ে দৈনন্দিন কাৰ্য কৰাত কোনো ব্যাঘাত নজন্মে।আনহাতে ৰেষ্টুঁৰা আদিত পেইন্টিঙ কৰি থকা সময়ত গ্ৰাহকে খাদ্য গ্ৰহণতো কোনো ব্যাঘাত নজন্মাকৈ স্বাস্থ্যজনিত নীতি অনুসৰণ কৰা হয়।

image


এইখিনি সুবিধাৰ বিষয়ে অৱগত হোৱাৰ পিছত গ্ৰাহকে এই কনচেপ্টটোৰ প্ৰতি আগ্ৰহ দেখুৱাবলৈ বেছি দিন নালাগিল।কম সময়তে এই কম্পেনিয়ে আৰ্কিটেক্টচাৰ ফাৰ্ম,ফাৰ্মাচিটিকেল কম্পেনি আৰু কৰ্মাচিয়েল বিল্ডাৰ্চৰ সৈতে পাৰ্টনাৰশ্চিপ হিচাপে গ্ৰাহকক সেৱা আগবঢ়াবলৈ সক্ষম হৈছে।সম্প্ৰতি মুম্বাইতে আৰম্ভ কৰা ষ্টাৰ্ট আপৰ এই সেৱা আন মেট্ৰ চিটিলৈ বিস্তাৰিত কৰাৰ পৰিকল্পনা কৰিছে নিয়তি ইনগেল আৰু অতুল ইনগেলে।আৰু অহা এটা দশকত পেইন্টিঙৰ এই নতুন কনচেপ্ট বিশ্ব জুৰি,ঘৰে ঘৰে প্ৰসাৰ কৰাৰ সপোন আগত লৈ আগবাঢ়িছে সমাজৰ বাবে আদৰ্শনীয় এই পিতৃ-কন্যা যুটিয়ে।


মূল: চাৰণ্য চন্দ্ৰকান্থ ৰাও ইন্না

অনুবাদ: পূবালী ভাগৱতী


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কাহিনী

পিতৃ-কন্যা যুটিয়ে ভাৰতবৰ্ষৰ ফুটৱেৰ ক্ষেত্ৰখনত সৃষ্টি কৰিলে আলোড়ন

চেনিটেৰী নেপকিনৰ ব্যৱসায়েৰে অৰুণাচলম মুৰুগণানথমৰ সামাজিক বিপ্লৱ

ব্ৰুচ লীক অনুপ্ৰাণিত কৰা এজন ভাৰতীয় - গামা পেহেলৱান

গৃহিণীৰ পৰা জাহাজৰ নিৰ্মাতা আৰু ৰেষ্টুৰাঁ ব্যৱসায়ী : অঞ্জলী বৰাৰ কাহিনী