সুধাকন্ঠৰ স্বজাতি প্ৰেম আৰু বিশ্ব প্ৰেমৰ সমন্বয়ৰ দৰ্শনে পোহৰ দেখুৱাব

সুধাকন্ঠৰ মৃত্যু তিথিত তেওঁক স্মৰণ কৰিছো । 

সুধাকন্ঠৰ স্বজাতি প্ৰেম আৰু বিশ্ব প্ৰেমৰ সমন্বয়ৰ দৰ্শনে পোহৰ দেখুৱাব

Saturday November 05, 2016,

5 min Read

কোনো এজন ব্যক্তিক শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে স্বতঃস্ফুৰ্ত ভাৱে লাখে লাখে মানুহ ওলাই অহা আৰু জনসমূদ্ৰৰ বাবেই অন্তেষ্টিক্ৰিয়াৰ সময় পিছুৱাই দিবলগীয়া হোৱা- এজন মানুহৰ জনপ্ৰিয়তাৰ ইয়াতকৈ ডাঙৰ জোখ একো হ'ব নোৱাৰে । মুষ্টিমেয় যি দুই এজনে এয়া সংবাদ মাধ্যমে সৃষ্টি কৰা এক ঢৌ বুলি কটাক্ষ কৰে তেওঁলোকে জনা উচিত এটা ঢৌ সৃষ্টি কৰিবলৈ প্ৰথমে এখন সাগৰৰ প্ৰয়োজন । লোক সঙ্গীতৰ এই সাগৰখন আছিল সুধাকন্ঠ ড° ভূপেন হাজৰিকা যি অসমীয়া জাতি জীয়াই থকালৈকে অসমীয়াৰ মনত ঢৌ তুলি থাকিব । যাৰ গীতৰ কথাই অসমীয়াক সময়ে সময়ে অস্তিত্বৰ সংকটৰ মোকাবিলা কৰাৰ সাহস দি থাকিব । অকল লোকসঙ্গীতেই নে? সাংবাদিকতা, গদ্য ৰচনা, চিনেমা, শিক্ষকতা আদি বিভিন্ন ক্ষেত্ৰত একেলগে দক্ষতা প্ৰকাশ কৰা, অসমৰ লগতে দেশ বিদেশৰ মানুহে শ্ৰদ্ধা কৰা ভূপেন হাজৰিকাৰ বাদে দ্বিতীয় এজন ওলোৱাটো টান । এই সাগৰখনক সুঁতি হৈ থকা অৱস্থাতে চিনি পাইছিল অসমৰ কেইগৰাকীমান প্ৰবাদ পুৰুষে । কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰুপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু নটসূৰ্য ফণী শৰ্মাৰ পথ প্ৰদৰ্শনত এই প্ৰাণচঞ্চল সুঁতিটো গভীৰ সাগৰত পৰিণত হৈ পৰিছিল ।

Souce- bhupenhazarikafoundation.org

Souce- bhupenhazarikafoundation.org


১৯২৬ চনৰ ৮ ছেপ্টেম্বৰত শদিয়াত জন্ম হোৱা ভুপেন পৰিয়ালৰ দহোটা সন্তানৰ জ্যেষ্ঠ আছিল । পাঁচ বছৰ বয়সতে কটন কলেজিয়েট হাইস্কুলত গীত গাই ভূপেন হাজৰিকাই সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ আশীৰ্বাদ লাভ কৰিছিল। অসমীয়াৰ জাতীয় অস্তিত্বক সৈ সদা জাগ্ৰত সাহিত্যৰথীৰ এই আশীৰ্বাদ সঠিক ব্যক্তিৰ ওপৰতেই বৰ্ষিত হৈছিল । 

ড° হাজৰিকাৰ জীৱনত গুৰুত্বপূ্ৰ্ণ স্থান অধিকাৰ কৰা তেজপুৰতেই তেওঁ সান্নিধ্য লাভ কৰিছিল এই তিনি প্ৰবাদ পুৰুষৰ ।১৯৩৬ চনত তেওঁলোকেই দহবছৰীয়া ভূপেন হাজৰিকাক কলিকতালৈ নি 'শোণিত কুঁৱৰী' আৰু 'জয়মতী' নাটক দুখনৰ গীত বাণীবদ্ধ কৰায়। একে সময়তে বিষ্ণু ৰাভাই স্বৰচিত "উলাহতে নাচিবাগি হ'লি বিয়াকুল" আৰু "কাষতে কলচী লৈ" গীত দুটিও বাণীবদ্ধ কৰোৱায়। ১৯৩৯ চনত জ্যোতিপ্ৰসাদ আগৰৱালাৰ ইন্দ্ৰমালতী ছবিৰ নেপথ্য গায়ক হিচাবে প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰে শিশু শিল্পী ভূপেন হাজৰিকাই। এই তিনি প্ৰবাদ পুৰুষৰ সান্নিধ্যই জীৱন জুৰি তেওঁক আলোড়িত কৰি ৰাখিছিল । অসমৰ ইমূৰৰপৰা সিমূৰলৈ লোকসঙ্গীতৰ সমল বুটলি ফুৰাৰ লগতে বিশ্বৰ আন স্থানৰ সঙ্গীতৰ সৈতেও অসমীয়াৰ সম্পৰ্ক মজবুত কৰে ড° ভূপেন হাজৰিকাই ।  

বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু ১৯৪৬ চনত ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা ভূপেন হাজৰিকাই কলম্বিয়া বিশ্ববিদ্যালয়ত গণ সংযোগ বিষয়ত ডক্টৰেট কৰে । Role of Mass Communication in India’s Adult Education বিষয়ত কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ‘ডক্টৰেট’ উপাধি লাভ কৰে । এই থেছিছখনত তেখেতে কিছুমান বৈপ্লবিক চিন্তাৰ খোৰাক যোগাইছে । চিকাগো বিশ্ববিদ্যালয়ৰ পৰাও শৈক্ষিক প্ৰকল্পত সহায়ৰ কাৰণে চলচিত্ৰৰ ভূমিকা অধ্যয়নৰ বাবে লিছ্‌ল ফেল'শ্বিপ লাভ কৰিছিল তেখেতে।

নিজৰ বেছিভাগ গান নিজে ৰচনা কৰা ভূপেন দাই অন্যান্য ক্ষেত্ৰতো সাহিত্যৰ সেৱা কৰিছিল। কলম্বিয়া বিশ্ববিদ্যালয়ত থকা সময়ত তেখেত "নিউ ইণ্ডিয়া" পত্ৰিকাৰ ১৪৯-১৫০ সংখ্যাৰ সম্পাদক আছিল। ১৯৬৫ চনত কলা বিষয়ক "গতি" আলোচনীৰ চাৰিটা খণ্ড, ১৯৭০ চনত ক্ষুদ্ৰ আলোচনী "বিন্দু" ৰ আঠটা খণ্ড, ১৯৬৫ আৰু ১৯৮০ চনৰ ভিতৰত মাহেকীয়া আলোচনী "আমাৰ প্ৰতিনিধি", আৰু ১৯৮৩ ৰ পৰা ১৯৯০ চনৰ ভিতৰত পষেকীয়া আলোচনী "প্ৰতিধ্বনি"ৰ সম্পাদনা কৰিছিল।শিশুসকলৰৰ বাবেও ভূপেন হাজৰিকাই "ভূপেন মামাৰ গীতে মাতে অ, আ, ক, খ" নামৰ অসমীয়া আখৰ-চিনাকিৰ এখন জনপ্ৰিয় পুথি লিখিছিল। ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতি আছিল ড° হাজৰিকা ।

সত্ৰীয়া নৃত্যক ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰদানৰ আঁৰত আছিল ড° হাজৰিকাৰ একক প্ৰচেষ্টা । ১৯৯৯ চনৰপৰা ২০০৪ চনলৈ সঙ্গীত নাটক একাডেমীৰ অধ্যক্ষ হৈ থকা অৱস্থাত সত্ৰীয়া নৃত্যই এই স্বীকৃতি পাইছিল । উল্লেখযোগ্য যে ১৯৮৭ চনত সংগীত নাটক একাডেমী বঁটা লাভ কৰিছিল ড° হাজৰিকাই ।

১৯৬১ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘শকুন্তলা’ ছবিখনে, ১৯৬৪ চনত ‘প্ৰতিধ্বনি’ ছবিখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। প্ৰকতিধ্বনি ছবিখন ফ্ৰাঞ্চৰ আন্তৰ্জাতিক চলচিত্ৰ মহোৎসৱলৈ আমন্ত্ৰিত হৈছিল। ১৯৬৬ চনত ড° হাজৰিকাই নিৰ্মাণ কৰা ‘লটি-ঘটি’ নামৰ প্ৰথম অসমীয়া ব্যংগ চলচিত্ৰখনে ৰাষ্ট্ৰপতি পদক লাভ কৰে। ১৯৭৬ চনত আব্দুল মজিদৰ পৰিচালিত ‘চামেলী মেম চাব’ৰ সংগীত পৰিচালনাৰ বাবে বছৰটোৰ সৰ্বশ্ৰেষ্ঠ সংগীত পৰিচালকৰ সন্মান লাভ কৰে । ১৯৭৮ চনত ‘সীমনা পেৰিয়ে’ৰ সংগীত পৰিচালনাৰ কাৰণে ‘বাংলাদেশ ফিল্ম ইণ্ডাষ্টিজ’ৰ তৰফৰ পৰা বছৰৰ শ্ৰেষ্ঠ সংগীত পৰিচালকৰূপে সন্মানিত হৈছিল ড° হাজৰিকা । ইয়াৰ উপৰিও কেইবাখনো হিন্দী ছবিৰ সৈতেও জড়িত আছিল ড° হাজৰিকা । ১৯৯৩ চনত ড° হাজৰিকাক ১৯৯২ চনৰ বাবে ভাৰতৰ চলচিত্ৰ জগতৰ সৰ্বোচ্চ সন্মান ‘দাদা চাহেব ফাল্কে বঁটা’ সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ড° শংকৰ দয়াল শৰ্মাই প্ৰদান কৰে। মুঠতে ৩৬ খন অসমীয়া ছবি, ৮ খন বাংলা ছবি আৰু ৫খন হিন্দী ছৱিৰ সংগীত পৰিচালনা কৰিছিল । 

ড° হাজৰিকাই লাভ কৰা অলেখ সন্মানৰ ভিতৰত ১৯৭৭ চনত পদ্মশ্ৰী, ২০০১ চনত পদ্মভূষণ, ২০০৮ চনত অসম সাহিত্য সভাৰ পৰা সাহিত্যচাৰ্য সন্মান , ২০০৯ অসম চৰকাৰৰ অসম ৰত্ন বঁটা, ২০১২ চনত মৰোণোত্তৰভাৱে ভাৰত চৰকাৰৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ অন্যতম ।

কিন্তু এই সকলোবোৰ সন্মান আৰু উপাধিৰ লগতে যিটো কথাই সদায় সুধাকন্ঠক প্ৰাসঙ্গিক কৰি ৰাখিব সেয়া হৈছে যে তেওঁ আমাক একেলগে শিকাই থৈ গৈছিল বিশ্বপ্ৰেম আৰু স্বজাতি প্ৰেম । নিজৰ জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰয়োজনীয়তাৰ কথা কওঁতেই কিন্তু একে উশাহতে উগ্ৰ জাতীয়তাবাদৰ বিৰুদ্ধেও সকীয়াই গৈছে-

আনৰে লগতে অসমীয়া অসমতে,

যদিহে নাবাচে বাৰু কতনো বাচিব ?

মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাতো বুজাব !

আকৌ বিশ্বপ্ৰেমৰ নামত স্বদেশক পাহৰি যোৱাবোৰকো কটাক্ষ কৰিছে -

আপোন মাতৃৰ অশ্ৰু নমছিলে

বিশ্ব প্ৰেম হ'ব বৃথা

বৰ্তমান বিশ্বৰ এই সংকটৰ সময়ত সুধাকন্ঠৰ দৰ্শন শান্তিৰ বাবে এক গুৰুত্বপূৰ্ণ আহিলা হ'ব পাৰে । মুত্যু তিথিত তেওঁকশ্ৰদ্ধাৰে সুঁৱৰিছো।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

চৰাইৰ সুবিধাৰ বাবেই ১৭ বছৰে ফটকা ফুটোৱা নাই তামিল নাডুৰ আঠখন গাঁৱৰ ৰাইজে

উদ্যোগীক সহায় কৰিবলৈ চাকৰি এৰিছিল নাগালেণ্ডৰ এই প্ৰাক্তন প্ৰৱক্তাজনে







    Share on
    close