কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

কলাৰ স্নাতকসকলে কিয় ষ্টাৰ্ট-আপ আৰম্ভ কৰিব লাগে

Tuesday February 02, 2016,

3 min Read

নতুন প্ৰজন্মৰ উদ্যমীসকলৰ লগতে প্ৰযুক্তি আৰু নিজাকৈ কিবা এটা সৃষ্টি কৰাৰ দুৰ্বাৰ হেঁপাহ পুহি ৰখা শিক্ষাৰ্থীসকলৰ মনত শক্তি আৰু উৎসাহৰ অন্ত নাই।

অলপতে উন্মোচন হোৱা ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ বাতৰিবোৰ যেতিয়া আপুনি পঢ়ে বা দেখে, আপোনাৰ মনত এই প্ৰশ্ন নিশ্চয় উদয় হয় যে, ই আপোনাৰ সৈতে কি দৰে সম্পৰ্কিত হ’ব? এয়া কেনেদৰে সম্ভৱ হ’ৱ মোক ক’বলৈ দিয়ক, আপুনি যদি এতিয়াও মাত্ৰ এজন কলা শাখাৰ ছাত্ৰ, তেতিয়াও আপুনি বৰ্তমান আৰম্ভ হোৱা ষ্টাৰ্ট-আপ শৃংখলৰ ধনাত্মক বাতাৱৰণৰ পোনপটীয়া সুযোগ গ্ৰহণ কৰিব পাৰে।


image


১)ইঞ্জিনিয়াৰ নোহোৱাসকলৰ সৃষ্টিশীলতা কম থকা বুলি ভৱা হয়

আমি এই কথাষাৰ স্বীকাৰ কৰিবই লাগিব যে ওপৰোক্ত কথাষাৰ প্ৰযুক্তিৰ শিক্ষাগ্ৰহণকাৰীসকলৰ মাজত বিশেষকৈ আই,আই,টি, আৰু আই,আই,এম, আদিৰ পৰা উত্তীৰ্ণ হোৱাসকলৰ মনত দকৈ শিপাই আছে।প্ৰায়েই বি.এছচি/বি.কম/বি.এ. ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত প্ৰযুক্তি আৰু ষ্টাৰ্ট-আপ আৰম্ভ কৰাৰ সামৰ্থ কম থকা বুলি গণ্য কৰা হয়।গতিকে, আমাৰ আত্মবিশ্বাসৰ ওপৰত সততে উঠি থকা প্ৰশ্ন আঁতৰাই আমাৰ সামৰ্থ দেখুওৱাৰ এয়াই উপযুক্ত সময়।

২)আমি ইঞ্জিনিয়াৰসকলতকৈ সামাজিক ভাৱে বেছি সক্ৰিয়

আমি সামাজিক ভাৱে আগৰণুৱা আৰু সমাজৰ মূল বাস্তৱ ছবিখন,ইয়াৰ মূল সমস্যা আৰু দৈনন্দিন জীৱন প্ৰক্ৰিয়াৰ সুক্ষ্ম সুক্ষ্ম কথা আদিবোৰৰ বিষয়ে ভালদৰে জ্ঞাত, কাৰণ আমি কিতাপ পঢ়াত আৰু শ্ৰেণীকোঠাত সময় কম দি বাহিৰৰ পৃথিৱীখনত বেছি সময় ব্যয় কৰোঁ।আমি সমাজৰ বিৰুদ্ধে যোৱা যি কোনো কথাৰ বিৰুদ্ধে প্ৰৱল আত্মবিশ্বাসেৰে প্ৰতিবাদ কৰোঁ, তৎক্ষণাৎ বৃহৎ সংখ্যক মানুহ গোট খুৱাব পাৰোঁ, যিকোনো ঠাইত গৈ কথা-বতৰা পতা বা যোগাযোগ তৈয়াৰ কৰি ল’ব পাৰোঁ।তদুপৰি, কেৱল সৰু সৰু দলতে কাম কৰাই নহয় একোটা বৃহৎ দলতো কাম কৰাৰ আমাৰ সামৰ্থ আছে, যিটো সকলো উদ্যমীয়েই কেনেকৈ কৰিব লাগে জানে।আমি মাত্ৰ প্ৰযুক্তিৰ দিশটো আৰু সহযোগী শিকণ সম্পৰ্কে কিছু কাম কৰিব লাগে।

৩)আমাক সহজে সংস্থাপন দিয়া নহয়

অপ্ৰিয় সত্য কথা- ডিগ্ৰী কলেজবিলাকে গুণগত চাকৰি দিব পৰাকৈ তাৰকাসমৃদ্ধ নিয়োগকৰ্তা যে লাভ নকৰে, এই কথা স্বীকাৰ কৰি লোৱাৰ এয়াই উপযুক্ত সময়।এইটো নহয় যে, তেওঁলোকে চাকৰি নাপায়, কিন্তু বৃহৎ সংখ্যক ল’ৰা-ছোৱালীয়েই হয় কল চেণ্টাৰত সোমায় নাইবা কম দৰমহা পোৱা কম গুণসম্পন্ন চাকৰি কৰি থাকে।গতিকে, চান ফ্ৰাণ্সিসকোত আমি সকলো গোট খোৱাৰ আমাৰ সপোনটোৰ কি হ’ব? আমি সেই সপোনক বিদায় জনাম নেকি? মুঠেও নহয়।আমি আমাৰ দুয়োখন হাতেৰে যদি আমাৰ ভৱিষ্যৎ গঢ়িব বিচাৰোঁ, তেন্তে আমি কিছু অতিৰিক্ত শ্ৰম কৰিব লাগিব আৰু আমাৰ আৰামী পৃথিৱীখনৰ পৰা ওলাই আহি এগৰাকী উদ্যমী বুলি নিজকে ভাৱিব লাগিব আৰু সমাজৰ মূল সুঁতিৰ সমস্যাবিলাকৰ সমাধান বিচাৰিব লাগিব, যিটোত আমাৰ আনতকৈ বেছি অভিজ্ঞতা আছে।আমাৰ বাবে উদ্যোগশীলতা এটা সুযোগ নহয়, প্ৰয়োজনীয়তা হে।এনেকুৱা বহু সংখ্যক উদ্যমী ব্যক্তি আছে,যাৰ জীৱন আই,আই,টি,ৰ ডিগ্ৰীৰে ধন্য হয়তো নহ’ব পাৰে, কিন্ত আশ্বৰ্যকৰ কাম আৰু সৃষ্টিৰে তেওঁলোক সমাজত উজলি উঠিছে।

আমাৰ অভিজ্ঞতাসমূহ, সামৰ্থ আৰু প্ৰয়োজনক লৈ আমি উদ্যোগশীলতালৈ যাবই লাগিব আৰু মূল সমস্যাবোৰৰ সমাধান সূত্ৰ উলিয়াব লাগিব।আমি বিভিন্ন ধৰণেৰে সুযোগৰ সৃষ্টি কৰি একো একোটা উদাহৰণ হিচাপে থিয় হ’ব লাগিব আৰু যিসকলৰ মনত এতিয়াও কিছু সংশয় আছে, তেওঁলোকক এই ক্ষেত্ৰত আগুৱাই আনিবলৈ আমি জনাব লাগিব যে,উদ্যোগশীলতা কোনো আহিলা বা টকা-পইচা নহয়, ই কোনো এক ধাৰণাৰ দৃঢ় ভেঁটি যিয়ে একোগৰাকী সফল উদ্যোগী হোৱাৰ বাট দেখুৱায়।

মূলঃ ৰাহুল মৌৰ্য

অনুবাদঃ লীনা শইকীয়া


এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক


আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

ষ্টাৰ্টআপৰ বাবে গণতান্ত্ৰিক নীতি ফলদায়ক নহয়

ব্যৱসায় আৰম্ভ কৰাৰ বাবে বিনিয়োগৰ প্ৰয়োজন নাই

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

ষ্টাৰ্ট আপ বিফল হোৱাৰ দহটা মুখ্য কাৰণ