নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

নতুন উদ্যোগীৰ বাবে কেতবোৰ বিক্ৰীৰ পৰামৰ্শ

Monday December 21, 2015,

4 min Read

মই কোনোধৰণৰ উৎপাদনভিত্তিক ষ্টাৰ্টআপ পৰিচালনা নকৰোঁ । কিন্তু মোৰ একাংশ বন্ধুৱে কৰে। মই পৰিচালনা কৰা ষ্টাৰ্টআপ কোম্পানীটোৱে ছফ্টৱেৰ পৰীক্ষণ সম্পৰ্কীয় সেৱা প্ৰদান কৰে । দুয়োটা ব্যৱসায়ৰ মাজত আছে কিছু সাদৃশ্য, কিছু বৈসাদৃশ্য ।

মই B2B আৰু B2C ক্ষেত্ৰৰ বিভিন্ন বন্ধুৰ সৈতে হোৱা কথা বতৰাত দেখোঁ যে B2B ক্ষেত্ৰত হোৱা কথা-বতৰাবোৰত মূলতঃ এটা সমস্যাই আলোচিত হয় । হয় ! মাত্ৰ এটা আৰু সেইটো হ’ল – আমি কি কৰিলে আমাৰ গ্ৰাহকজনে আমাক ঠিকমতে ধন আদায় দিব ?

image


• “এওঁলোকে ধন পৰিশোধ কৰোঁতে বহুত সময় লগাব ।”

• “আমি তেওঁলোকৰ কাৰণে সকলো সালসলনি কৰিছো তথাপি তেওঁলোকে আমাক ধন আদায় দিয়া নাই ।”

• “আমাৰো বহুত ব্যয় আছে ।”

• “অধিক ছাইন আপ্চৰ লগে লগে আমাৰ বাৰ্ণ ৰেট বাঢ়ি গৈ আছে আৰু এইদৰে থাকিলে আমি দেউলীয়া হ’ম ।”

• “হয়তো এওঁলোকৰ লগতেই আমাৰ শক্তি শেষ হ’ব ।”

তদুপৰি আন কিছুমান কথাও শুনিবলৈ পাওঁ-

• “আমাৰ গ্ৰাহকসকলে দানে আমি এটা ছেল্ফ-ছাৰ্ভ মডেল অনুসৰণ কৰোঁ । তথাপি তেওঁলোকে কিয় বিচাৰে কোনোবাই তেওঁলোকৰ লগত কথা পাতক ?”

• “আমাৰ প্ৰডাক্ট উৎকৃষ্ট আৰু তেওঁলোকে ইয়াক উপভোগো কৰি আছে অথচ ধন পৰিশোধ কৰিবলৈ প্ৰস্তুত নহয় ।”

• “ আমাৰ উপভোক্তাই শোধে যে জি মেইলে যদি বিনামূল্যে সেৱা দিব পাৰে আমি কিয় নোৱাৰোঁ? ”

• “আমাৰ প্ৰডাক্ট একেবাৰে বেলেগ হোৱা স্বত্তেও গ্ৰাহকে ইয়াক অন্য প্ৰডাক্টৰ সৈতে তুলনা কৰে।”

এনেধৰণৰ কথা কোৱাসকলৰ মাজত এটা মিল আছে । তেওঁলোক আটায়ে চেলছৰ অভিজ্ঞতা নথকা লোক । এটা বস্তু প্ৰস্তুত কৰা আৰু তাক বিক্ৰী কৰা দুয়োটা সম্পুৰ্ণ বেলেগ কথা । আপুনি এই কথা জানিও পহৰি যায় কাৰণ আপোনাৰ মনোযোগ কেৱল বস্তুটোৰ ওপৰতে থাকে । চেলছৰ কামটোৱেই সুকীয়া । “ইয়াৰ পাছত আৰু বিনামূলীয়া সেৱা প্ৰদান কৰা নহ’ব” বুলি কোৱাটো টান কিন্তু এজন চেলছৰ মানুহে তাকেই কৰিব লাগে ।

ধৈৰ্যহীনতা চেলছৰ বৃহত্তম শত্ৰু

আপুনি যদি এজন গ্ৰাহকক জয় কৰিবৰ বাবে অধৈৰ্য হৈ উঠে তেনেহলে আপুনি তেওঁক সুবিধা লোৱাৰ সুযোগ দিব । তেওঁ আপোনাৰ বাবে যিমান জৰূৰী আপুনিও তেওঁৰ বাবে সিমানে জৰূৰী । আপুনি যদি তেওঁক জয় কৰিবলৈ সমৰ্থ নহয় তেনেহলে চিন্তিত নহ’ব । আপুনি ব্যৱসায়টো তেওৰ বাবে আৰম্ভ কৰা নাই ।

মূল্য নিৰ্ধাৰণ, ৰেহাই আৰু বিনামূলীয়া সেৱা

বিনামূলীয়া সেৱা তেতিয়াহে দিয়ক যেতিয়া ই কোনো আঁচনিৰ অংশ হয় । কোৱল প্ৰশংসাৰে ব্যৱসায় নচলে । ৰেহাই কেৱল সেইসকলৰ বাবে যি আপোনাৰ সোৱা বিচাৰে কিন্তু তেওঁলোকৰ ধন নাই । যদি আপোনাৰ সামগ্ৰী কেৱল ৰেহাইৰ বাবেই বিক্ৰী হৈছে তেনেহলে ই বৰ ভাল কথা নহয়।

মনত ৰাখিব একমাত্ৰ পেলনীয়া দামৰ বাবে কিনা বস্তু মানুহে সাধাৰণতে পেলায়েই দিয়ে ।

সামগ্ৰী প্ৰস্তুত কৰাৰ সময়ৰ পৰাই চেলছৰ কাম আৰণ্ভ কৰক

সামগ্ৰী প্ৰস্তুত কৰাৰ সময়ৰ পৰাই বিক্ৰী আৰম্ভ কৰক ।মই নিজে দেখা বিফল ব্যৱসায়ীসকলে এই মাৰাত্মক ভুলটো কৰিছিল ।

নতুন কথা শিকিবলৈ বিশেষজ্ঞৰ সহায় লওক

নাজানিলে নিজে চেলছত হাত নিদিব । আপুনি বিক্ৰী কৰাটো দৰকাৰী কিন্তু বিশেষজ্ঞৰ সহায় লওক । সহজে হোৱা কামটোত অদৰকাৰী ৰিস্ক লোৱাৰ দৰকাৰ আছে জানো ?

আংশিক সফলতা বিপজ্জনকো হ’ব পাৰে

অকণমান সফলতাই কেতিয়াবা মূৰত ধৰে । এইটোৱেই সময় যেতিয়া আমি ,বজান্তা হৈ পৰোঁ ।

মই এসময়ত ভাবিছিলো যে মই চেলছৰ বহুত কথা জানো আৰু খুব ভাল কাম কৰি আছো । কিন্তু মোৰ বন্ধু ডিজিটেল মাৰ্কেটিং বিশেষজ্ঞ নন্দন পূজৰে মোক এনে বহু সৰু-সুৰা কথা আঙুলিয়াই দেখুৱালে যিবোৰ মই আওকাণ কৰি আহিছিলো । এই কথাবোৰত গুৰুত্ব দিয়াৰ পাছত মই আৰু সফল হ’লো ।

সামৰণী

ফ্লিপকাৰ্টৰ চীফ পিপলছ অফিচাৰ মেকিন মাহেশ্বৰীৰ এটা কথা মই খুব ভাল পাইছিলো । আমি ২০১২ত তেওঁলোকক সেৱা প্ৰদান কৰিবলৈ আৰম্ভ কৰিছিলো । মই তেওঁক লগ পাই কৈছিলো- “আপোনালোকৰ সৈতে কাম কৰাৰ সুযোগ দিয়াৰ বাবে ধন্যবাদ ।” তেওঁ খুব বিনম্ৰতাৰে উত্তৰ দিছিল- “আপোনালোকৰ সেৱাই আপোনালোকক দীৰ্ঘজীৱি কৰিব ।”

ইয়েই হৈছে B2B সেৱাৰ মূল কথা ।

আমি তেতিয়াৰে পৰা ফ্লিপকাৰ্টক সেৱা আগবঢ়াই আহিছো । অৱশ্যে নিজৰ সফলতাৰ কথা নিজে কৈছো যদিও মোৰ পত্নীৰ দৃষ্টিত মোৰ কাম-কাজবোৰ অদৰকাৰী কাৰণ গহণা ব্যৱসায়ী মোৰ পত্নী এগৰাকী ভাল গহণা ডিজাইনাৰ কিন্তু চেলছৰ মানুহ নহয় । মাত্ৰ কলিহে মই তেওঁক সৈমান কৰাব পাৰিছো এটা কথাত আৰু যি পুৰুষে নিদৰ পত্নীক সৈমান কৰাব পাৰে তেওঁ পৃথিৱীৰ যিকোনো মানুহক সৈমান কৰাব পাৰে ।


লেখক- প্ৰদীপ সৌন্দৰাৰাজন (Moolya Software Testing ৰ CEO.)

হিন্দী অনুবাদ— নিশান্ত গোয়েল

অসমীয়া অনুবাদ – Team YS Asamiya