তথ্য-প্রযুক্তি ক্ষেত্রত ভাৰত-ভিয়েটনামৰ মাজত সহযোগিতাৰ বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

তথ্য-প্রযুক্তি ক্ষেত্রত ভাৰত-ভিয়েটনামৰ মাজত সহযোগিতাৰ বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Thursday December 29, 2016,

1 min Read

তথ্য-প্রযুক্তি ক্ষেত্রত ভাৰত আৰু ভিয়েটনামৰ মাজত দ্বিপাক্ষিক সহযোগিতাৰ বাবে সম্পাদিত বুজাবুজি চুক্তিখনলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত অনুষ্ঠিত কেন্দ্ৰীয় কেবিনেটৰ এক গুৰুত্বপূৰ্ণ বৈঠকত যাৱতীয় অনুমোদন জনোৱা হয়৷

image


তথ্য-প্রযুক্তি ক্ষেত্রত পাৰস্পৰিক স্বার্থ ৰক্ষাৰে সংশ্লিষ্ট বিষয়সমূহত দীর্ঘম্যাদী ৰূপত নিৰন্তৰ সহযোগিতা চলাই নিয়াই হৈছে এই চুক্তি স্বাক্ষৰৰ মূল লক্ষ্য আৰু উদ্দেশ্য। দুয়োখন দেশেই পৰস্পৰৰ আইনী নিয়ন্ত্রণৰ মাজৰ পৰা আৰু নিয়মনীতি অনুসৰণ কৰি এই সহযোগিতা প্রসাৰৰ সিদ্ধান্ত গ্রহণ কৰিছে। চুক্তি ৰূপায়ণৰ ফলত তথ্য-প্রযুক্তি আৰু মানৱ সম্পদ বিকাশৰ ক্ষেত্রত প্রতিষ্ঠানিকভাৱে আৰু দক্ষতা তথা ক্ষমতা বৃদ্ধিৰ মাধ্যমেৰে বিশেষভাৱে লাভৱান হ’ব দুয়োখন দেশেই। প্রাথমিকভাৱে চুক্তিৰ ম্যাদ থাকিব পাঁচ বছৰলৈ। তাৰ পিছত, পাৰস্পৰিক সম্মতিৰ ভিত্তিত সেই চুক্তিৰ ম্যাদ আৰু বৃদ্ধি কৰা হ’ব পাৰে৷ 

(উৎস- পি আই বি)

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

মৰক্কোৰ জলবায়ু সন্মিলনত ভাৰতৰ অৱস্থান তথা দৃষ্টিভঙ্গীলৈ কেবিনেটৰ আনুষ্ঠানিক স্বীকৃতি

একক প্ৰচেষ্টাৰে এখন অৰণ্য গঢ়ি তোলা এজন ব্যক্তি

সাঁচতীয়া ধনেৰে কুৱাঁ খান্দি এখন গাৱঁৰ বাবে পানী যোগান ধৰা এগৰাকী ৬০ বছৰীয়া মহিলা

পেলনীয়া কাপোৰৰপৰা গঢ়ি উঠা এটা ব্ৰেণ্ড