মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

মেৰীনা বীচত চাহ বিক্ৰী কৰোঁতেই বিশাল ব্যাৱসায়িক সাম্ৰাজ্যৰ সপোন দেখিছিল এইগৰাকী মহিলাই

Wednesday December 28, 2016,

2 min Read

১৭ বছৰ বয়সত বিবাহপাশত আবদ্ধ হৈছিল পেট্ৰিচিয়া থমাছ । গোড়া খ্ৰীষ্টিয়ান পৰিয়ালটোৰ অমতত বিয়া হোৱা বাবে তেওঁক পৰিয়ালে এৰি দিছিল । ভূতৰ ওপৰত দনহ পৰাদি বিয়াৰ কিছুদিন পিছতে তেওঁ আবিষ্কাৰ কৰিছিল তেওঁৰ স্বামী এজন নিচাখোৰ ব্যক্তি যি তেওঁক নিয়মিত মাৰ-ধৰ কৰিছিল । 

Image : Youtube

Image : Youtube


উপায়ন্তৰ হৈ তেওঁ মাতৃৰপৰা অলপ পইছা ধাৰলৈ লৈ চেন্নাইৰ মেৰীনা বীচত এখন সৰু গাড়ীত চাহ দোকান দিয়ে । এই দোকানখনত তেওঁ কৰ্মচাৰী হিচাপে দুজন প্ৰতিবন্ধী লোকক নিয়োগ কৰে । "মেৰীনা হৈছে মোৰ বিজনেছ স্কুল , মোৰ এম বি এ।" পেট্ৰিচিয়াই কয় ।

কেইবছৰমানৰ ভিতৰত তেওঁ চেন্নাইৰ বিভিন্ন কাৰ্যালয়ত কেম্টিনৰ ব্যৱসায় আৰম্ভ কৰে । ১৯৯৮ চনত তেওঁ সঙ্গীতা গ্ৰুপৰ নেলচন মানিকেম ৰ'ড ৰেষ্টোৰাঁৰ সঞ্চালক হয় । 

ইতিমধ্যে তেওঁৰ দুটি সন্তান ডাঙৰ হৈছিল যদিও তেওঁৰ স্বামীৰ ব্যৱহাৰ আধিক বেয়লৈ ঢাল খাইছিল । তেওঁ পেট্ৰিচিয়াক প্ৰায়ে চিগাৰেটেৰ পুৰিছিল । পেট্ৰিচিয়াৰপৰা পইছা নাপালে তেওঁ প্ৰায়েই কেইবামাহ ধৰি নিৰুদ্দেশ হৈ থাকিছিল । এইদৰেই এদিন তেওঁৰ মৃত্য ঘটিছিল ২০০২ চনত । দুবছৰ পাছত তেওঁৰ সদ্যবিবাহিতা জী আৰু জোঁৱায়েকৰ এক পথ দুৰ্ঘটনাত মৃত্য ঘটে । 

মৃত জীৰ সোঁৱৰণত তেওঁ আৰু তেওঁৰ পুত্ৰই সন্দীপা নামৰ প্ৰথমখন ৰেষ্টোৰাঁ মুকলি কৰে । ২০১০ চনত তেওঁ FICCI Woman Entrepreneur of the Year বঁটা লাভ কৰে । 

মাত্ৰ দুজন মানুহেৰে আৰম্ভ কৰা এই ব্যৱসায়ত আজি তেওঁ ২০০ মানুহক নিয়োগ কৰিছে । প্ৰতিদিনে ৫০ পইছাৰপৰা আজি তেওঁৰ দৈনিক আয় ২ লাখ টকা । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বিৰাটৰ দল শ্ৰেষ্ঠ ভাৰতীয় দল নেকি?

বন্ধ কাৰখানা চলাই বিশাল কোম্পানী গঢ়া এজন শ্ৰমিক

এইগৰাকী কাশ্মিৰী মহিলাই ফুলৰ খেতিক দিছে এক নতুন ৰূপ

এগৰাকী সফল মুক বধিৰ এথলীট আৰু মডেল ছফিয়া জো