'ৰইছ' মাত্ৰ এটা চেলু

আশুতোষৰ বিশেষ প্ৰৱন্ধ

'ৰইছ' মাত্ৰ এটা চেলু

Monday January 30, 2017,

5 min Read

ইয়াক কি বুলি কোৱা যায় ? এজন সাম্প্ৰদায়িক নেতাৰ অসাৱধান মন্তব্য নে এজন অবাঞ্চিত মানুহৰ এটা কৌতুক নে এটা আওপুৰণি পন্থাৰ যুদ্ধ ঘোষণা । দুখন চলচিত্ৰৰ তুলনা কোনো নতুন কথা নহয় বৰঞ্চ সমালোচকৰ ক্ষেত্ৰত ই এক সৃজনিশীলতাৰহে পৰিচায়ক । এনে তুলনাই ছবি জগতখনক বুজাত সহায় কৰে আৰু আমাৰ সৃজনিশীলতাক অধিক সক্ৰিয় কৰি তোলে । দুৰ্ভাগ্যজনকভাৱে ডনাল্ড ট্ৰাম্পৰ এই যুগত সৃজনিশীলতা এক অপৰাধ । আমি এটা নতুন যুগত বাস কৰিছো । সেয়েহে কৈলাস বিজয়ৱাৰ্গিয়াৰ অশ্ৰাব্য কথনক লৈ মই অকণো আচৰিত হোৱা নাই । তেওঁ শ্বাহৰুখৰ 'ৰইছ' ছবিখন বৰ্জন কৰি ঋত্বিকৰ 'কাবিল' ছবিখনক গ্ৰহণ কৰিবলৈ সকলোকে আহ্বান জনাইছে । 

image


সাধাৰণ ভাৱে চালে ই এক নিৰ্দোষ মন্তব্য । ই তেওঁৰ ৰুচিবোধৰ ওপৰত আধাৰিত যেন ধাৰণা হ'ব পাৰে । কিন্তু কৈলাস বিজয়ৱৰ্গিয়াৰ মন্তব্য ইমান সৰল নহয় । তেওঁ কৈছে - "যি 'ৰইছ' দেশৰ নহয় সি কোনো কামৰ নহয় । আৰু 'কাবিল' দেশভক্তৰ সৈতে আছে আৰু সেয়েহে আমি সকলোৱে ইয়াক চোৱা উচিত ।" এই মন্তব্য কৰা মানুহজন কোনো সাধাৰণ ব্যক্তি নহয় । তেওঁ শাসকীয় ভাৰতীয় জনতা পাৰ্টিৰ এজন ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক । তেওঁ বিতৰ্ক সৃষ্টি কৰি সংবাদ শিৰোনামত থাকি ভাল পায় আৰু এই কামত তেওঁ দক্ষ । ইয়াৰ বাবে তেওঁ কেইবাবাৰো নিজৰ দলৰ নেতৃত্বৰ ককৰ্থনাৰ সন্মূখিন হৈছে যদিও তেওঁ প্ৰতিবাৰেই এনে কাম কৰে । আৰু প্ৰতিবাৰেই তেওঁৰ মন্তব্য উগ্ৰ, সাম্প্ৰদায়িক, ৰুচিহীন আৰু বিষাক্ত হয় । 

ৰইছ হৈছে এজন মাফিয়া ডনৰ ওপৰত নিৰ্মিত এখন ছবি যিখনৰ কেন্দ্ৰীয় চৰিত্ৰটোত অভিনয় কৰিছে শ্বাহৰুখ খানে । কাবিল হৈছে এখ অন্ধ দম্পতিৰ প্ৰেম আৰু প্ৰতিশোধৰ কাহিনী । দুয়োখন ছবি এখদিনাই মুক্তি পোৱাটোও এটা সংযোগ মাত্ৰ । শ্বাহৰুখ বা ঋত্বিক কোনেও ইজনে সিজনৰ বিষয়ে অথবা ছবিৰ বিষয়ে মন্তব্য কৰা নাছিল । দুয়োজন ব্যক্তিগত জীৱনত ভাল বন্ধু আৰু এই কথা বিশ্বাস কৰিবলৈ টান যে ঋত্বিকে এনে ধৰণ মন্তব্য কৰিবলৈ তেওঁক উচটাব । এয় কৈলাশ বিজৱৰ্বিয়াৰ নিজৰ মন্তব্য । 

তেওঁৰ ৰাজনৈতিক দৰ্শন স্বাভাৱিকতে সংখ্যালঘূ বিৰোধী । আৰ এছ এছ আৰু বি জে পিৰ সপোন হৈছে এখন হিন্দুৰাষ্ট্ৰ য'ত সংখ্যালঘূসকল দ্বিতীয় শ্ৰেণীৰ নাগৰিক হৈ থাকিব । আনকি তেওঁলোকৰ আগৰ প্ৰজন্মৰ তাত্বিক সকলে সংখ্যালঘূ সকলক নাগৰিক্তবৰ পৰা বঞ্চিত কৰাৰ মন্ত্ৰও আওৰাই থৈ গৈছে । মধ্যযুগৰ সকলো সমস্যাৰ বাবে তেওঁলোকে মুছলমানকে জগৰীয়া কৰে । ছেমুৱোল হান্টিংটনৰ ভাষাত তেওঁলোকৰ বাবে ৰাজনীতি হৈছে সভ্যতাৰ সংঘাত । 

ভাৰতৰ পটভূমিত আৰ এছ এছৰ মতে দক্ষিণ এছিয়াত মুছলমানৰ প্ৰৱেশৰ পৰাই ভাৰতীয় সভ্যতাৰ পতন আৰম্ভ হৈছে । তেওঁলোকৰ বাবে ভাৰতীয় সভ্যতা কেৱল হিন্দুৰ সভ্যতা আৰু মুছলমান আৰু খ্ৰীষ্টিয়ান হৈছে বিদেশী । তেওঁলোকৰ মতে এই দুই সম্প্ৰদায়ৰ পৱিত্ৰ ভূমি ভাৰতৰ বাহিৰত আৰু সেয়েহে এই সম্প্ৰদায়ৰ মানুহৰ বাবে ভাৰত কেতিয়াও আপোন নহয় । ইয়েই হৈছে সংখ্যালঘূৰ প্ৰতি তেওঁলোকৰ ঘৃণাৰ মূল কাৰণ ।

আধুনিকতা আৰু নগৰীকৰণেও তেওঁলোকৰ মনোভাৱ সলনি কৰিব পৰা নাই আৰু তেওঁলোক এতিয়াও এক প্ৰাচীন সময়ত আৱদ্ধ হৈ আছে । আৰ এছ এছ আৰু বি জে পিৰ নেতা সকলৰ উগ্ৰ মন্তব্যবোৰ এই মনোভাৱৰে পৰিচায়ক । কৈলাশ বিজয়ৱৰ্গীয়াৰ মন্তব্যত একো আচৰিত হ'ব লগীয়া নাই । তেওঁ ছবিখনক আক্ৰমণ কৰা নাই । তেওঁ আক্ৰমণ কৰিছে শ্বাহৰুখ খানক । শ্বাহৰুখৰ ধৰ্মৰ বাবে শ্বহৰুখ তেওঁৰ শত্ৰু । 

ঋত্বিকো তেওঁৰ দৃষ্টিত কোনো অভিনেতা নহয় বৰঞ্চ এদন হিন্দু । এই অশালীনতাই দেশৰ দুজন আগশাৰীৰ অভিনেতাক মাত্ৰ তেওঁলোকৰ সাম্প্ৰদায়িক পৰিচয়লৈ অৱনমিত কৰি পেলাইছে । কৈলাশ বিজয়বৰ্গীয়াৰ দৰে লোকৰ দৃষ্টিত ৰইছ আৰু কাবিল দুখন ছবি নহয় দুটা সভ্যতাৰ সংঘাত মাত্ৰ ।

ভাৰতীয় ছবি জগতখন হৈছে দক্ষিণ এছিয়াৰ আটাইতকৈ উদাৰ সময় মণ্ডল । ইয়াত কেতিয়াও সম্পদায় বা ধৰ্মৰ ভিত্তিত কোনো ধৰণৰ ভেদ-ভাৱ হোৱা নাই । ইয়াত কেৱল প্ৰতিভাৰ কদৰ আছে । ৫০ আৰু ৬০ ৰ দশকত যদি ৰাজ কাপুৰ আৰু দেৱানন্দ আছিল ছুপাৰষ্টাৰ তেনেহলে দিলীপ কুমাৰ ওৰফে য়ুছুফ খান আছিল সেই সময়ৰ মহানায়ক । ৭০-৮০ ৰ দশকত যদি অমিতাভ বচ্চন আছিল মেগাষ্টাৰ তেনেহলে নাছিৰুদ্দিন শ্বাহ আছিল নতুন চিনেমাৰ আগশাৰীৰ তাৰকা আৰু ৰাইজে দুয়োকে আদৰি লৈছিল । 

৯০ৰ দশকৰ সাম্প্ৰদায়িক ৰাজনীতিৰ উত্থানৰ সময়ছোৱাত ভাৰতীয় ছবি জগতত লিখা হৈছিল ধৰ্মনিৰপেক্ষতাৰ এক নতুন পৃষ্ঠা । ৰাম জন্মভূমি আন্দোলনৰ সময়তে চাৰি খান হৈ পৰিছিল বলীউডৰ ৰজা । আমিৰ, চলমান, শ্বাহৰুখ, ছাইফ আৰু বৰ্তমানৰ ইৰফান খান আৰু নৱাজুদ্দিন ছিদ্দিকি হৈ পৰিছিল মুকুচ বিহীন সম্ৰাট । ঋত্বিক, অক্ষয় কুমাৰ, অমিতাভ বচ্চন, অজয় দেৱগণ আদি তাৰকা তেওঁলোকৰ আগত হৈ পৰিছিল নিস্তেজ । ৫০ বছৰ বয়সতো আমিৰ, চলমান আৰু শ্বাহৰুখক তেওঁলোকৰ অনুৰাগীয়ে ভাল পায় । প্ৰতিজন প্ৰযোজক, পৰিচালক আৰু অভিনেত্ৰীৰ বাবে তেওঁলোকৰ লগত কাম কৰাটো এটা ডাঙৰ সপোন । 

এসময়ত একাংশ সংবাদ মাধ্যম আৰু সোঁপন্ঠী সংগঠনে ঋত্বিকক তেওঁলোকৰ প্ৰতিদ্বন্দী বুলি উপস্থাপন কৰিবলৈ বিচাৰিছিল। তেওঁলোকৰ প্ৰতিজনেই হিন্দু ছোৱালী বিয়া কৰোৱাৰ বাবে তেওঁলোকৰ বিৰুদ্ধে লাভ জিহাদৰ অভইযোগো উত্থাপন হৈছিল । শ্বাহৰুখৰ মাই নেম ইজ খান আৰু আমিৰৰ পত্নীৰ ভাৰত এৰি যাবলৈ কৰা ইচ্ছাৰ বিষয়ে অথথা হৈ -চৈ কৰি তেওঁলোকক দেশদ্ৰোহী সজোৱা হৈছিল । 

'ৰইছ' মাত্ৰ এটা চেলু । ই শ্বাহৰুখক দেশেদ্ৰোহী সজোৱাৰ এপাট অস্ত্ৰ । ই এইটো মনোভাৱো প্ৰকাশ কৰে যে সংখ্যাগুৰু সকল কেতিয়াও দেশদ্ৰোহী নহয় । ই এক বিপজ্জনক কথা কিন্তু যোৱা আঢ়ৈ বছৰ ধৰি দেশত এয়াই হৈ আহিছে । ই ৰাষ্ট্ৰ নিৰ্মাণত নহয় ধ্বংসতহে অৰিহণা যোগাব ।

(লেখক আই বি এন ছেভেনৰ প্ৰাক্তন পৰিচালন সম্পাদক আৰু বৰ্তমান আম আদমী পাৰ্টীৰ মূখপাত্ৰ )

( EDITORIAL DISCLAIMER- প্ৰকাশিত মতামত লেখকৰ নিজৰ আৰু ইয়াৰ লগত য়'ৰ ষ্ট'ৰীৰ সম্পাদকীয় নীতিৰ কোনো সম্পৰ্ক নাই )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

আপোনাৰ ছাল কিমান ডাঠ?

স্বামীৰ বিশ্বাসঘাতকতাৰ বাবেই সাধাৰণ গৃহিণীৰ পৰা সফল উদ্যোগী হোৱা এগৰাকী মহিলা