এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

এটি শিশুৰ জন্মই গঢ় দিছিল এটা ষ্টাৰ্টআপৰ

Monday January 23, 2017,

3 min Read

২০১৫ চনৰ আগষ্টত সৰ্বানী সাহা ৰয়ৰ প্ৰথমটি সন্তান ৰিয়াংশীৰ জন্ম হৈছিল বাঙ্গালুৰুত । ইয়াৰ দুমাহ পাছতেই জন্মস্থান গুৱাহাটীলৈ অহাৰ কথা আছিল তেওঁৰ । ৰিয়াংশীৰ জন্মৰ পাছ দিনা এই যাত্ৰা সম্পৰ্কে তেওঁ কথা পাতি আছিল বান্ধৱী নৱনীতা দেবী আৰু অৱসৰপ্ৰাপ্ত চাকৰীয়াল অতুল চন্দ্ৰ হাজৰিকাৰ সৈতে । হাজৰিকাই তেওঁক সুধিছিল 'গুৱাহাটীলৈ গৈ কোন চিকিৎসকক দেখুৱাবা' । সেই মূহুৰ্ততে তেওঁৰ মনলৈ আহিছিল যে গুৱাহাটীৰ কোনো চিকিৎসককে তেওঁ চিনি নাপায় । লগে লগে বিচাৰ খোচাৰ আৰম্ভ হৈছিল গুাহাটীত কোনজন চিকিৎসকক দেখুৱাব পাৰি অথবা প্ৰয়োজন হলে গুৱাহাটীৰ কোনখন চিকিৎসালয়লৈ যাব পৰা যায় আদি প্ৰশ্নৰ উত্তৰৰ । এইদৰে চিন্তা চৰ্চা কৰি থকাৰ সময়তে তেওঁৰ বান্ধৱী নৱনীতাই প্ৰস্তাব দিছিল এই কামটো কৰাৰ ক্ষেত্ৰত সকলোৰে সহায় হোৱাকৈ এটা এপ নিৰ্মাণ কৰাৰ । এইদৰেই জন্ম হৈছিল এটা নতুন ষ্টাৰ্টআপৰ ধাৰণা ।

image


এইদৰেই সৰ্বানী, নৱনীতা আৰু অতুল চন্দ্ৰ হাজৰিকাই মিলি অক্টোবৰ মাহৰ পাছত স্থাপন কৰিছিল এন ই পাল্ছ ছফটৱেৰ চলিউছনছ নামৰ কোম্পানীৰ আৰু ইয়াৰ প্ৰথমটো প্ৰডাক্ট আছিল আয়ুডাৰ এপ । "মোৰ ছোৱালীজনীৰ জন্মৰ পাছৰ পৰিস্থিতিৰ মাজৰ পৰাই সৃষ্টি হৈছিল আয়ুডাৰৰ । আমি কব পাৰোঁ যে আয়ুডাৰৰ আঁৰৰ কাৰণ হৈছে মোৰ ছোৱালীজনী।" সৰ্বানীয়ে কয় । কলেজ, বিশ্ববিদ্যালয়ৰ পৰা ওলোৱা ছাত্ৰ-ছাত্ৰী কেইবাগৰাকীও জড়িত হৈছিল এই কামৰ সৈতে । 

উৎসাহৰ অভাৱ নাছিল যদিও স্বাভাৱিকতে আৰম্ভণী সুখৰ নাছিল । এই এপৰ চাহিদা সম্পৰ্কে গৱেষণা চলাই থকাৰ সময়তে বহুতেই নিৰাশ কৰিছিল তেওঁলোকক । বহু ৰুক্ষ ব্যৱহাৰৰো সন্মূখিন হ'বলগীয়া হৈছিল । "আমি তথ্য বিচাৰোঁতে প্ৰচণ্ড বাঝাৰ সন্মূখিন হৈছিলো । আমাক তথ্য দিয়া দূৰৰে কথা বহুতকে আমি এইটো বুজাবলৈ কষ্ট কৰিবলগীয়া হৈছিল যে আমি যি কৰিছো ৰাইজৰ ভালৰ কাৰণে কৰি আছো ।" সৰ্বানীয়ে কয় । 

image


আয়ুডাৰ এপে কিদৰে কাম কৰে 

এই এপৰ সহায়ত চিকিৎসক, ক্লিনিক আৰু ফাৰ্মাচী বিচাৰি উলিউৱাৰ ক্ষেত্ৰত সহায় লাভ কৰে ব্যৱহাৰকাৰী সকলে । ইয়াত আনকি জি পি এছৰ সুবিধাও সংলগ্ন কৰাও হৈছে । ফাৰ্মাচী অন্তৰ্ভুক্ত কৰাৰ আঁৰত এটা বিশেষ কাৰণ আছে । "মোৰ ছোৱালীজনীৰ কাৰণে এটা বিশেষ চিটা বিচাৰি মই গোটেই গুৱাহাটী বিচাৰি চলাথ কৰিবলগীয়া হৈছিল । অৱশেষত এখন সৰু ফাৰ্মাচীত মি সেই চিটাতো পাইছিলো । এইদৰেই কেতিয়াবা আমি বিশেষ একোটা দৰব বিচাৰি হাহাকাৰ কৰিবলগীয়া হয় আৰু সেইবাবেই আমি আয়ুডাৰত ফাৰ্মাচীও অন্তৰ্ভুক্ত কৰিছো । পৰৱৰ্তী পৰ্যায়ত চিকিৎসক আৰু চিকিৎসালয়ৰ ৰেটিং দিয়াৰ সুবিধাও প্ৰদান কৰা হ'ব ব্যৱহাৰকৰীসকলক ।" এইদৰে কয় সৰ্বানীয়ে ।

image


বৰ্তমান আয়ুডাৰ লাহে লাহে ৰাইজৰ মাজত পৰিচিত হৈ আহিছে বুলি জনায় সৰ্বানীয়ে । কিন্তু অসমৰ ইন্টাৰনেট ব্যৱস্থাটোৱে কিছু পৰিমাণে সমস্যাৰ সৃষ্টি কৰা বুলি জনায় । সদ্যহতে গুৱাহাটীত সীমাব্দ্ধ থকা আয়ুডাৰক সম্গ্ৰ অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চললৈ সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনাৰ কথা জনায় সৰ্বানীয়ে । 

উল্লেখযোগ্য যে নৱনীতাও বৰ্তমান এগৰাকী মাতৃ । সৰ্বানীয়ে কয়, "মাতৃত্বই এগৰাকী মহিলাৰ সপোন বাধাগ্ৰস্ত নকৰে । আয়ুডাৰ আৰম্ভ কৰাৰ সময়ত মই এগৰাকী নতুন মাতৃ আছিলো আৰু নৱনীতা আছিল সন্তানসম্ভৱা । তথাপি আমি বাধাপ্ৰাপ্ত হোৱা নাছিলো । সেয়েহে কোনো মহিলাই যাতে নিজৰ কেৰিয়াৰক লৈ ভীতিগ্ৰস্ত নহয় ।"

আয়ুডাৰৰ বাবে অধিক বিনিয়োগৰ বাবে বাট চাইছে প্ৰতিষ্ঠানটোৱে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

দ্বিতীয় ব্ৰহ্মপুত্ৰ উপত্যকা ব্যাৱসায়িক আঁচনি প্ৰতিযোগিতাৰ সামৰণি

নাৰিকল লাড়ুৰে ব্যৱসায় আৰম্ভ কৰি 'মেঘাজ ফুড প্ৰডাক্ট'ৰ জন্ম দিলে মেঘালী বৰাই

সমস্যা সমাধান আৰু জীৱন ৰক্ষাত ব্ৰতী অভিজিতা কুলশ্ৰেষ্ঠৰ আকৰ্ষণীয় অতিন্দ্ৰীয়বাদৰ আহ্বান

গুৱাহাটীত এতিয়া উপলব্ধ উবেৰ এক্সৰ সেৱা