স্বামীৰ বিশ্বাসঘাতকতাৰ বাবেই সাধাৰণ গৃহিণীৰ পৰা সফল উদ্যোগী হোৱা এগৰাকী মহিলা- সুদেশনা বেনাৰ্জী

স্বামীৰ বিশ্বাসঘাতকতাৰ বাবেই সাধাৰণ গৃহিণীৰ পৰা সফল উদ্যোগী হোৱা এগৰাকী মহিলা- সুদেশনা বেনাৰ্জী

Monday December 07, 2015,

3 min Read

জীৱনত সংঘাত বা প্ৰতিঘাতৰ সন্মুখীন হ'লে সাধাৰণতে মানুহ ভাঙি পৰে। জীৱনত আগুৱাই যোৱাৰ উদ্যম হেৰুৱাই পেলায়।কিন্তু আমি আপোনালোকক এনে এগৰাকী মহিলাৰ কথা ক'বলৈ গৈ আছো যি গৰাকী মহিলাই সংঘাতৰ সন্মুখীন হোৱাৰ বাবেহে জীৱনত প্ৰতিষ্ঠিত হ'ব পৰিলে।জীৱনলৈ অহা সংঘাতক তেওঁ সদৰ্থক ভাৱে লৈ অসম্ভৱকো সম্ভৱ কৰি দেখুৱালে।মহিলাগৰাকীৰ নাম সুদেশনা বেনাৰ্জী।কলকাতাৰ এটা শিক্ষিত পৰিয়ালত জন্মগ্ৰহণ কৰা সুদেশনা বৰ্তমান এটা বৃহৎ কাৰিকৰী প্ৰতিষ্ঠানৰ পৰিচালন সঞ্চালক তথা অধ্যক্ষ।এগৰাকী সাধাৰণ গৃহিনীৰ পৰা স্কুলৰ শিক্ষয়ত্ৰী হোৱালৈ,স্কুলৰ শিক্ষয়ত্ৰীৰ পৰা বৰ্তমান প্ৰতিষ্ঠিত মহিলালৈ সুদেশনা বেনাৰ্জীৰ জীৱন পৰিক্ৰমা সকলো মহিলাৰ বাবেই প্ৰেৰণাদায়ক।

শিক্ষা সমাপ্ত কৰাৰ পিছত সুদেশনাই প্ৰেম বিবাহ কৰিলে।কিন্তু যিজন পুৰুষক অন্তৰৰ সকলো ভালপোৱা দি যুগ্ম জীৱন আৰম্ভ কৰিছিল, সেইজন স্বামীয়েই তেওঁক প্ৰচণ্ড বিশ্বাসঘাতকতা কৰিলে।সুদেশনাৰ স্বামীয়ে বিবাহৰ পিছতো আন মহিলাৰ লগত সম্পৰ্ক ৰাখিছিল।কেৱল সেয়ে নহয় সুদেশনাৰ এগৰাকী বান্ধৱীৰ সৈতে স্বামীৰ সম্পৰ্ক থকাৰ উপৰি তেওঁলোকৰ এটা সন্তান আছিল। এই কথা জনাৰ পিছত সুদেশনাৰ জীৱনলৈ অন্ধকাৰ নামি অহাৰ দৰে হৈছিল।এই ঘটনাৰ পিছত সুদেশনাই তেওঁৰ স্বামীৰ লগত জীৱন কটোৱাতো সম্ভৱ নহয় বুলি বুজি পাইছিল আৰু তেওঁ বিবাহ বিচ্ছেদৰ সিদ্ধান্ত লৈছিল।

সেই সময়ত সুদেশনাই স্থানীয় এখন স্কুলত শিক্ষকতা কৰি আছিল।স্বামীৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত সুদেশনাই নিজৰ থকা-খোৱাৰ ব্যৱস্থা নিজে কৰিব লগীয়া হৈছিল।এই সংগ্ৰামৰ বিষয়ে সুদেশনাই মন্তব্য কৰে-'সেই সময়ত এগৰাকী অকলশৰীয়া মহিলাক কোনেও ভাড়ালৈ ঘৰ দিব খুজা নাছিল।বহু কষ্টৰ পিছত মই এটা ঘৰ পাইছিলো। কিন্তু স্কুলৰ দৰমহাৰ দহ হাজাৰ টকাৰ মোটা অংশ ঘৰ ভাড়াতে গুছি গৈছিল। মাহৰ শেষত মোৰ চলিবলৈ নাটনি হৈছিল।কিন্তু মই আত্মবিশ্বাস হেৰুওৱা নাছিলো আৰু কাৰো ওচৰত হাত পতা নাছিলো।'

image


কলেজত পঢ়ি থকা দিনত সুদেশনাই অট'কেড শিকিছিল।এই পাঠ্যক্ৰম কৰি থোৱাৰ বাবে তেওঁ বন্ধু এজনৰ প্ৰতিষ্ঠানৰ কম্পিউটাৰ শিকাবলৈ সুবিধা পাইছিল। এই কামটো তেওঁ পাৰ্টটাইম হিচাপে কৰিছিল।নিজৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰ বলত তেওঁ বন্ধুজনৰ প্ৰতিষ্ঠানটোৰ সৰ্বেসৰ্বা হৈ পৰিল।প্ৰতিষ্ঠানটোৰ পূৰ্বৰ নাম সলনি কৰি 'ডিজিটেক এছআৰ' ৰাখিলে।প্ৰতিষ্ঠানটো সম্প্ৰসাৰণৰ বাবে যি পুঁজিৰ প্ৰয়োজন হৈছিল সেই পুঁজি সুদেশনাই নিজৰ অলংকাৰ বিক্ৰী কৰা টকাৰে যোগাৰ কৰিছিল।

'বিপদত অলংকাৰে বহু কাম দিয়ে।আমি প্ৰতিষ্ঠানটো সম্প্ৰসাৰণ কৰি অট'কেড আৰু ষ্টাইপ্ৰ' প্ৰশিক্ষণ আৰম্ভ কৰিব খুজিছিলো।ইয়াৰ বাবে মই শিক্ষকতা চাকৰি এৰি দিলো।আমাৰ প্ৰতিষ্ঠানটোত প্ৰশিক্ষণ লোৱা কিছু লোকৰ পৰামৰ্শ মতে আমি প্ৰতিষ্ঠানটো ডিজিটাইজেশ্যন কৰিলো।'

কাৰিকৰী বিষয়ৰ জ্ঞান নথকা সত্বেও সুদেশনাই প্ৰৱল ইচ্ছাশক্তিৰে নজনা কথাবোৰ শিকাত গুৰুত্ব আৰোপ কৰিলে।একাগ্ৰতা আৰু পৰিশ্ৰমৰ ফলাফল সুদেশনাৰ বাবে বাট চাই আছিল।২০০৮ চনত সুদেশনাই এক প্ৰশিক্ষণ কাৰ্যসূচীৰ বাবে ৰায়পুৰলৈ যাওঁতে 'স্টুৱৰ্ট এণ্ড লাইড' নামৰ প্ৰতিষ্ঠানৰ বাবে কাৰিকৰী প্ৰকল্প বনোৱাৰ প্ৰস্তাৱ পাইছিল।

'এই প্ৰকল্পটো সফলভাৱে সম্পূৰ্ণ কৰিবলৈ মই যিমান পাৰোঁ কষ্ট কৰিলো আৰু লক্ষ্যত উপনীত হলো।মোৰ কামৰ দ্বাৰা প্ৰতিষ্ঠানটো অতি সন্তুষ্ট হৈছিল। পৰৱৰ্তী সময়ত ইস্পাত, জিন্দল ষ্টিল এণ্ড পাৱাৰ আদি বিভিন্ন প্ৰতিষ্ঠানৰ বাবে প্ৰকল্প বনোৱা আৰু প্ৰশিক্ষণ কাৰ্যসূচী আয়োজন কৰাৰ প্ৰস্তাৱ পাইছিলোঁ।'

২০১১ চনত সুদেশনাৰ ব্যৱসায়িক জীৱনলৈ এক ডাঙৰ পৰিৱৰ্তন আহিল।তেওঁলোকৰ প্ৰতিষ্ঠানটোৰ নাম 'পিএছ ডিজিটেক এছআৰ' লৈ সলনি কৰি ইয়াক প্ৰাইভেট লিমিটেড কম্পেনীলৈ ৰূপান্তৰিত কৰিলে।পিএছ ৰ অৰ্থ- প্ৰজেক্ট ছলুশ্যন।একে সময়তে তেওঁলোকৰ প্ৰতিষ্ঠানটোৱে এচিচি চিমেন্টৰ মনিটৰিঙ পাৰ্টনাৰ হিচাপে স্বীকৃতি পালে।

সুদেশনাই কিন্তু ইয়াতে থমকি নৰ'ল।প্ৰতিষ্ঠানটো প্ৰসাৰৰ বাবে বিদেশ ভ্ৰমণ কৰি অষ্ট্ৰেলিয়া আৰু ডুবাইতো প্ৰজেক্ট নিৰ্মাণৰ পৰিকল্পনা কৰিলে।ইয়াৰোপৰি শ্ৰীলংকাত ভয়ংকৰ চুনামীয়ে বিধ্বস্ত কৰা ৰেল'ৱে লাইনৰ প্ৰকল্প লৈ সফলতাৰে ইয়াক সম্পূৰ্ণ কৰিছিল।

কৰ্মৰ তাগিদাত মাহৰ প্ৰায় বিশটা দিন সুদেশনাই ভ্ৰমণ কৰিবলগীয়া হয়।'প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক আৰু অধ্যক্ষ পদৰ দায়িত্ব মই নিষ্ঠাৰে পালন কৰিবলৈ চেষ্টা কৰোঁ।২০১২ চনৰ মাজভাগত আমাৰ প্ৰতিষ্ঠানটোৰ বাৰ্ষিক আয় আছিল দেৰ কোটি টকা।ভৱিষ্যতে এই আয় ৬০ কোটিলৈ বৃদ্ধি কৰিব খোজোঁ।' সুদেশনাই মন্তব্য কৰে।

সুদেশনাই বিশ্বাস কৰে যে তেওঁৰ সফলতাৰ ৰহস্য তেওঁৰ পূৰ্বৰ স্বামী যাক তেওঁ প্ৰমাণ কৰিব বিচাৰে যে এগৰাকী অকলশৰীয়া মহিলাইও জীৱনত উন্নতি কৰিব পাৰে আৰু পৃথিৱীখনক জয় কৰিব পাৰে।আনহাতে জীৱনৰ সংঘাতে তেওঁক আগুৱাই যাবলৈ অণুপ্ৰাণিত কৰাৰ লগতে এগৰাকী সবল ব্যক্তি হোৱাত তেওঁক সহায় কৰিলে।

শেষত সুদেশনাই মন্তব্য কৰে যে ইচ্ছা কৰা হলে তেওঁ শিক্ষকতা কৰিয়েই জীৱনটো জীয়াই থাকিব পাৰিলেহেতেন, কিন্তু তেওঁৰ মতে-'মই কেৱল জীয়াই থাকিব নিবিচাৰোঁ।সন্মান আৰু শৌৰ্যৰে জীয়াই থাকিব বিচাৰোঁ।আজি মই য'ত আছো, মই ভাবোঁ যে মই মোৰ উদ্দেশ্যত সফল হ'ব পাৰিলো।'


মূল: নিশান্ত গোৱেল

অনুবাদ: পূবালী ভাগৱতী