আপোনাৰ ছাল কিমান ডাঠ?

শ্ৰদ্ধা শৰ্মাৰ বিশেষ প্ৰৱন্ধ

আপোনাৰ ছাল কিমান ডাঠ?

Thursday May 26, 2016,

3 min Read

জীৱনত আপুনি কি বিচাৰে ? বহুদিন ধৰি আশা কৰি থকা কিবা এটা ? বহুতে বিচাৰে কোনো ধুনীয়া ঠাইত ছুটী উপভোগ কৰিবলৈ, অথবা সুন্দৰ শৰীৰ এটাৰ গৰাকী হ'বলৈ, পুঁজি আহৰণ কৰিবলৈ ইত্যাদি ইত্যাদি । কিন্তু মোৰ এটা দিৰ্ঘদিনীয়া হেঁপাহ হ'ল মোৰ ছালখন ডাঠ কৰাটো ।

বছৰ বাগৰাৰ লগে লগে মই এই লক্ষ্যত প্ৰয়ভাগেই উপনীত হৈছোগৈ । কিন্তু এয়া হল 'এব ক্ৰান্স' কৰাৰ দৰে । স্বাভাবিকভাৱে যদি আপোনাৰ তলপেট সুগঠিত নহয় তেনেহলে ইয়াক সুঠাম কৰিবলৈ ভীষণ কষ্ট কৰিবলগীয়া হয় । একেদৰেই এখন ডাঠ ছালৰ কাৰণেও ভীষণ কষ্ট কৰিবলগীয়া হয় ।

আমাৰ জীৱনৰ অন্যান্য সকলোবোৰ কথাৰ দৰেই ডাঠ ছালৰ অভাৱৰ বাবে মই আমাৰ জীৱনধাৰা, আমাৰ ডাঙৰ হোৱাৰ ধৰণ, আৰু আমাৰ অভিভাৱক তথা শিক্ষকসকলক জগৰীয়া কৰিম । আপোনাৰ মনত আছেনে আপোনাক কৈ থকা কথাত মনোযোগ নিদিলে আপোনাক কিদৰে ককৰ্থনা কৰা হৈছিল ? 'মোৰ কথা শুনা' অথবা 'মোৰ কথা নুশুনাৰ ভাও নধৰিবা' আৰু 'মনোযোগ দিয়া !' আছিল শিক্ষক আৰু অভিভাৱকৰপৰা শুনা নিয়মিত বাক্য । গতিকে আমি শুনিবলৈ বাধ্য হৈছিলো । সকলো কথা মনোযোগ দি শুনিবলৈ, নুশুনাৰ বাবে গালি খাবলৈ বা বহীত এশবাৰ 'মই অমুকটো কামৰ বাবে ক্ষমা খুজিছো....' বুলি লিখিবলৈ অথবা ক্লাছৰুমৰ বাহিৰত থিয় দি থাকি মনোযোগ দি নুশুনাৰ বাবে দোষী অনুভৱ কৰাত অভ্যস্ত হৈ পৰিছিলো ।

image


যদিও মানুহৰ কথা মনোযোগ দি শুনাৰ অভ্যাস সৰুৰেপৰা গঢ়াৰ এপৰত মই গুৰুত্ব দিও কিন্তু এই অভ্যাসে আমাক ওচৰে পাজৰে থকা মানুহবোৰৰ প্ৰতি অত্যাধিক সংবেদনশীল কৰি তোলে বুলিও ভাবোঁ। আমি সকলোৰে কথা শুনোঁ আৰু কেতিয়াবা এনে কৰিবলৈ যাওঁতে আমি নিজৰ কথা নুশুনা হৈ পৰোঁ ।

মোৰ মনত আছে মোৰ ষ্টাৰ্টআপ যাত্ৰাৰ আৰম্ভণীৰ সময়ৰ কথা । এজন মানুহৰ অভদ্ৰ ব্যৱহাৰে মোক বৰকৈ কন্দুৱাইছিল । সেই মানুহজনৰ ব্যৱহাৰ ইমান অভদ্ৰ আছিল যে মি কোঠাটোৰ বাহিৰলৈ ওলাই আহিছিলো আৰু মোৰ চকুৰে পনী বৈ আহিছিল । মই কি কৰিম ভাবি পোৱা নাছিলো । তেনেনো মোৰ দেউতাই ফোন কৰিছিল আৰু মই এনেকুৱা ভাও ধৰিছেলো যেন মি ঠিকেই আছো । কিন্তু পিতৃ হিচাপে তেওঁ গম পাইছিল যে মোৰ কিবা এটা হৈছে । তেওঁ মোক শুধিছিল - কি হৈছে ? মই সাধাৰণতে মোৰ দুখৰ কাহিনী নকওঁ যদিও সেইদিনা মোৰ দেউতাক সকলো কথা কৈছিলো। তেওঁৰ প্ৰতিক্ৰিয়া আছিল-

'যেতিয়া তুমি ৰাস্তাৰে খোজ কাঢ়িবা তেতিয়া তুমি ৰাস্তাৰ মানুহ হৈ খোজ কাঢ়া । তুমি যান জঁটৰ মাজেদি ৰাস্তা পাৰ হৈ যাব লাগিব । '

বছৰ বগৰাৰ লগে লগে মই সঠিকভাৱে খোজ কাঢ়িবলৈ শিকিছো। মই হয়তো আগতকৈ ভলকৈ খোজ কাঢ়িবপৰা হৈছো কিন্তু তথাপি কেতিয়াবা মোক যান জঁটে অসুবিধাত পেলায় ।

ডাঠ ছাল গঢ়িব খোজা সকলোকে মই এটাই কথা ক'ম প্ৰথম কথা, এখন ডাঠ ছালৰ সৈতে আৰু বেপৰোৱা মনোভাৱ এটাৰে সৈতে জন্ম নোহোৱাৰ বাবে নিজকে ধন্যবাদ দিয়ক। সংবেদনশীল হোৱাটো এটা ভাল গুণ যদিও বৰ্তমান পৃথিৱীত ইয়াক গুৰুত্ব দিয়া নহয় বা দুৰ্বলতাৰ চিন বুলি ভবা হয় । ব্যৱসায় জগতত নেতা হোৱাৰ ক্ষেত্ৰত ই এক দোষ বুলি ধৰা হয় যদিও এই ধাৰণাৰ মই বিৰোধী । আমাৰ সংবেদনশীলতা আমাৰ ডাঙৰ শক্তি ।

যি কান্দিব পাৰে সি প্ৰাণ খুলি হাঁহিবও পাৰে ।

সেয়েহে প্ৰথমে নিজৰ সংবেদনশীলতাক ভল পাওক ।

তথাপিও কওঁ ডাঠ ছাল গঢ়াটো এটা দৈনন্দিন অভ্যাস । প্ৰতিদিনে, আহক আমাৰ চৌপাশৰ কিছুমান মানুহৰ হৃদয়হীনতাক আমি আওকাণ কৰোঁ আৰু তেওঁলোকক ভাল পাওঁ। তেওঁলোকে আমাক শক্তিশালী কৰে ।

প্ৰতিটো অপমান, প্ৰতিটো প্ৰত্যাখ্যানে আমাৰ ছাল ডাঠ কৰে ।

আহক আমাৰ ছাল ডাঠ কৰোঁ ।

মূল -শ্ৰদ্ধা শৰ্মা (য়'ৰ ষ্ট'ৰীৰ প্ৰতিষ্ঠাপক চিইঅ' তথা মূখ্য সম্পাদক )

অনুবাদ - ঋদ্ধীশ চক্ৰৱৰ্তী 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

প্ৰধানমন্ত্ৰী মোডীৰপৰা এজন উদ্যমীয়ে শিকিবলগীয়া কেইটামান কথা

অসমৰ থলুৱা মাছ হ'ব পাৰে বৈদেশিক বাণিজ্যৰ এক অন্যতম উৎস

গুৱাহাটীৰপৰা বাংগালুৰুলৈ ধাৰাবাহিক উদ্যমী ২২ বছৰীয়া ঋদ্ধিনীল ৰয়ৰ চমকপ্ৰদ যাত্ৰা

অসমত ষ্টাৰ্টআপ সংস্কৃতি গঢ়ি তোলাৰ প্ৰয়াস ষ্টাৰ্টআপ আছামৰ