ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেন্টছ অৱ ইণ্ডিয়া (ICAI) আৰু ওমানৰ কলেজ অৱ বেংকিং এণ্ড ফাইনেন্সিয়েল ষ্টাডিজ (CBFS)-ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেন্টছ অৱ ইণ্ডিয়া (ICAI) আৰু ওমানৰ কলেজ অৱ বেংকিং এণ্ড ফাইনেন্সিয়েল ষ্টাডিজ (CBFS)-ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিলৈ কেবিনেটৰ অনুমোদন

Monday December 19, 2016,

2 min Read

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত কেন্দ্রীয় মন্ত্রীসভাই ইনষ্টিটিউট অৱ চার্টার্ড একাউণ্টেণ্টছ অৱ ইণ্ডিয়া (ICAI) আৰু ওমানৰ কলেজ অৱ বেংকিং এণ্ড ফাইনেন্সিয়েল ষ্টাডিজৰ মাজত সম্পাদিত বুজাবুজি চুক্তিখনৰ পুনঃনবীকৰণৰ প্ৰস্তাৱলৈ কেবিনেটে যাৱতীয় অনুমোদন তথা সন্মতি জনাইছে, তাৰ লগতে ২০০৮ আৰু ২০১১ চনত স্বাক্ষৰিত এই বুজাবুজি চুক্তিসমূহৰ উপস্থাপিত প্ৰস্তাৱসমূহলৈও যাৱতীয় অনুমোদন জনাইছে৷ এই বুজাবুজি চুক্তিৰ পুনঃনবীকৰণে ওমানৰ সৈতে ভাৰতৰ একাউন্টিং, ফাইনেন্সিয়েল আৰু অডিট সংক্ৰান্তীয় বিভিন্ন বিষয়সমূহ শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰাৰ সুযোগ সৃষ্টি কৰিব৷

image


মধ্যপ্রাচ্যত ICAI ৰ ৬০০০তকৈও অধিক সদস্য আছে আৰু এই বুজাবুজি চুক্তিখনৰ লক্ষ্য হৈছে ওমানৰ নাগৰিকসকলক ICAI ৰ সদস্যপদৰ অনুমোদন প্ৰদান কৰি CBFS ক সহায় কৰা৷ এইসমূহৰ লক্ষ্য হৈছে সদস্য, ছাত্র- ছাত্রী তথা প্রতিষ্ঠানৰ স্বার্থত পাৰস্পৰিক সম্পর্কৰ উন্নয়ন৷ তাৰ উপৰিও এই চুক্তিখনে ICAI সদস্যসকলক তেওঁলোকৰ পেছাগত পৰিসৰ বৃদ্ধিৰ সুযোগ প্ৰদান কৰিব৷ এই পদক্ষেপৰ মাজেৰে ভাৰতৰ নাগৰিক তথা ভাৰতৰ চার্টার্ড একাউণ্টেণ্টছ সম্পর্কেও এক ভাল মনোভাৱ সৃষ্টি হোৱাৰ আশা প্রকাশ কৰা হৈছে৷ তাৰোপৰি ইয়াৰ ফলত ওমানত থকা ভাৰতীয় নাগৰিকসকলে ভাৰতলৈ অধিক ধন প্ৰেৰণ কৰিব বুলিও আশা কৰা হৈছে৷

ওমানত স্থানীয় প্রফেশ্যনেল একাউন্টেন্সি প্রতিষ্ঠান নথকা বাবে CBFS ৰ সৈতে সহযোগিতা কৰাৰ বাবে সন্মত হৈছে ICAI. এই চুক্তিয়ে ওমান আৰু অন্য স্থানত থকা ভাৰতীয় চার্টার্ড একাউন্টেন্টসকল সম্পর্কে ইতিবাচক প্রভাৱ বিস্তাৰিত কৰিব বুলি ধাৰণা কৰা হৈছে৷ তাৰ উপৰিও যিসকল ভাৰতীয় পেছাদাৰী লোকে ওমানৰ অন্যান্য বিভিন্ন স্থানত কাম কৰিব বুলি থিৰাং কৰিছে তেওঁলোকৰ বাবেও সুন্দৰ প্ৰভাৱ বিস্তাৰিত কৰিব৷ মুঠতে ইয়াৰ দ্বাৰা ওমানত ভাৰতীয় লোকৰ বাবে যথেষ্ট কৰ্মসংস্থাপন লাভ কৰাৰ সুযোগ বৃদ্ধি পাব বুলি ধাৰণা কৰা হৈছে৷

( সৌজন্য- পি আই বি )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

অষ্ট্ৰেলিয়াৰ চৰাইৰে শোণিতপুৰত উদ্যমিতাৰ নিদৰ্শন দাঙি ধৰিছে এক দম্পতীয়ে

মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

অৰ্ণব গোস্বামীৰ নতুন প্ৰকল্প- ৰিপাব্লিক

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী