মহিলা ক্ৰিকেট বিশ্বৰ এক মহান তাৰকা ভাৰতৰ মিতালী ৰাজ

এলেহুৱা হোৱাৰ বাবেই পিতৃয়ে হাতত তুলি হিছিল বেট আৰু বল। অৰু এই ছোৱালীজনীয়েই হৈ উঠিল মহিলা ক্ৰিকেটৰ এক বিশ্বমানৰ তাৰকা । যাক আখ্যা দিয়া হয় মহিলা ক্ৰিকেটৰ তেণ্ডুলকাৰ ৰুপে ।

0

যুৱতীগৰাকীৰ পিতৃয়ে বায়ু সেনাত কাম কৰিছিল। স্বাভাৱিকতেই ঘৰখনত আছিল অনুশাসন। যুৱতীগৰাকীৰ মাতৃ আৰু ভাতৃয়ো আছিল অনুশাসন-বদ্ধ। কিন্তু ঘৰখনত যুৱতীগৰাকী আছিল বিপৰীত। তেওঁ আছিল এলেহুৱা আৰু অপৰিপাটি। বিদ্যালয়ৰ প্ৰথম ঘণ্টাৰ সময় চাৰে আঠ বজাত, কিন্তু তেওঁ উঠে আঠ বজাতহে। অৰ্থাৎ ঘৰখনৰ ভিতৰত আটাইতকৈ পিছত। যেতিয়া দেউতাকে জীয়ৰীৰ এলেহুৱা স্বভাৱ আৰু অপৰিপাটি স্বভাৱক লৈ বিৰক্ত হৈ পৰিল, তেতিয়াই তেওঁ এটা সিদ্ধান্ত গ্ৰহণ কৰিলে। দেউতাকে নিজৰ কন্যাক ক্ৰিকেটাৰ হিচাপে প্ৰস্তুত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। তেওঁ কন্যাক নিতৌ ক্ৰিকেট একাডেমীলৈ লৈ যাবলৈ আৰম্ভ কৰিলে। যুৱতীগৰাকীৰ ভাতৃয়েও সেই ক্ৰিকেট একাডেমীত দৈনিক অনুশীলন কৰিছিল। আন্তঃবিদ্যালয় স্তৰৰ ক্ৰিকেট টুৰ্ণামেণ্টত তেওঁ অংশগ্ৰহণ কৰিছিল। প্ৰথমে ক্ৰিকেট একাডেমীলৈ গৈ যুৱতীগৰাকীয়ে নিজৰ বিদ্যালয়ৰ হোমৱৰ্কহে কৰিছিল, কিন্তু পিতৃৰ অনুৰোধ আৰু ভাতৃক দেখি দেখি ক্ৰিকেটৰ বেটো হাতত তুলি লৈ নেট প্ৰেকটিছ আৰম্ভ কৰি দিলে। প্ৰতিদিনেই পুত্ৰ-কন্যাক স্কুটাৰত তুলি পিতৃয়ে ক্ৰিকেট একাডেমীলৈ লৈ যায়। ভাতৃৰ দৰে যুৱতীগৰাকীয়েও নেটছত কষ্ট কৰিবলৈ আৰম্ভ কৰিলে। লাহে লাহে সেই কষ্টই ফল দিবলৈ আৰম্ভ কৰিলে।

ক্ৰিকেট যুৱতীগৰাকীৰ বাবে প্ৰথম প্ৰেমলৈ ৰূপান্তৰিত হ’ল। যুৱতীগৰাকীয়েও ক্ৰিকেটক ইমানেই ভাল পাবলৈ আৰম্ভ কৰিলে যে তেওঁৰ বাবে ক্ৰিকেটেই জীৱন আৰু জীৱনেই ক্ৰিকেট হৈ পৰিল। যিহেতু সাধনা আৰু আত্মীয়তা আছিল, সমান্তৰালভাৱে আছিল পাৰদৰ্শিতা, সেই বাবেই ক্ৰিকেটৰ পথাৰত তেওঁ নিজৰ প্ৰভাৱ দেখুৱাবলৈও আৰম্ভ কৰিলে। তেওঁ এনেদৰেই মোহাৱিষ্ট কৰিবলৈ সক্ষম হ’ল যে বহুতো মানুহ তেওঁৰ প্ৰতি আকৰ্ষিত হ’বলৈ আৰম্ভ কৰিলে। নিজৰ প্ৰতিভা আৰু কষ্টৰ ফলত তেওঁ ক্ৰিকেটৰ পথাৰত বহুতো অভিলেখ গঢ়িবলৈ সক্ষম হ’ল। নিজৰ দেশক বহুবাৰ উপহাৰ দিলে ঐতিহাসিক জয়। নিজৰ দেশত মহিলা ক্ৰিকেটক জনপ্ৰিয় কৰি তুলিলে। তেওঁৰ পাৰদৰ্শিতা আৰু সফলতাৰ বাবে বিশ্বজুৰি তেওঁ ‘মহিলা ক্ৰিকেটৰ তেণ্ডুলকাৰ’ অভিধাৰে চিনাকি হ’বলৈ আৰম্ভ কৰিছে। আমি যিগৰাকী যুৱতীৰ কথা আলোচনা কৰি আছো, তেওঁ হৈছে ভাৰতী মহিলা ক্ৰিকেটৰ ‘ছুপাৰষ্টাৰ খেলুৱৈ’ মিতালী ৰাজ।

মিতালী ৰাজ কেৱল ভাৰতৰেই সবাতোকৈ সফল মহিলা ক্ৰিকেটাৰ নহয়, বৰং তেওঁক বিশ্বৰ শ্ৰেষ্ঠতম বেটছমেনৰ ভিতৰত ধৰা হয়।

মিতালীৰ সৈতে জড়িত এটা আমোদজনক কাহিনী আছে। শৈশৱত ক্ৰিকেটৰ বেট হাতত তুলি লোৱাৰ পূৰ্বে মিতালীয়ে ভাৰতনাট্যম শিকি আছিল। তেওঁ নৃংত্যাগনা হ’বলৈ ইচ্ছা কৰিছিল। দেশ-বিদেশৰ ভিন্ন প্ৰান্তত নিজৰ নৃত্যকলা প্ৰদৰ্শন কৰি জনতাক নিজৰ অনুৰাগী কৰি তোলাৰ ইচ্ছা আছিল তেওঁৰ। কম বয়সৰপৰাই মিতালীয়ে মঞ্চত নৃত্যানুষ্ঠান পৰিৱেশন কৰিবলৈ আৰম্ভ কৰিছিল। মঞ্চত তেওঁৰ নৃত্যও আছিল অতি আকৰ্ষণীয়। তেওঁৰ শাস্ত্ৰীয় পদ্ধতিৰ নৃত্যই সকলোকে সন্মোহিত কৰি তুলিবলৈ সক্ষম হৈছিল। কিন্তু যেতিয়াৰেপৰা হাতত তুলি ল’লে ক্ৰিকেটৰ বেট, তেতিয়াৰেপৰা নৃত্যৰ সৈতে দূৰত্ব বাঢ়িবলৈ ধৰিলে। ঢৌতে খৰ মাৰি মাজে মাজে মিতালীয়ে নৃত্যৰ অনুশীলনো কৰি গৈছিল, কিন্তু যেতিয়াৰেপৰা ক্ৰিকেট টুৰ্ণামেণ্টবোৰ খেলিবলৈ আৰম্ভ কৰিছিল আৰু ইয়াৰ বাবে তেওঁ দূৰ ভ্ৰমণত যাবলগীয়া হৈছিল, তেতিয়াৰেপৰা নৃত্যৰ অনুশীলন প্ৰায় নোহোৱাই হ’ল। মিতালীৰ নৃত্যৰ অনুশীলন নোহোৱা হৈ অহা দেখি তেওঁৰ গুৰুৰে এদিন এটা বৰ ডাঙৰ প্ৰশ্ন কৰিলে। ক্ৰিকেট আৰু নৃত্যৰ মাজত এটা বিকল্প নিৰ্বাচন কৰিবলৈ ক’লে গুৰুৱে। বহুসময় চিন্তা কৰাৰ পিছত মিতালীয়ে নৃত্য আৰু মঞ্চ এৰি ক্ৰিকেটৰ পথাৰতে নিজৰ জীৱন নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। সিদ্ধান্ত লোৱা সেই সময়ৰ বিষয়ে মনত পেলায় মিতালীয়ে কয়, ‘সিদ্ধান্তটো নিতান্তই অতি কঠিন আছিল, কিন্তু ক্ৰিকেটৰ সৈতে এনেভাৱে একাত্ম হৈ পৰিছিলো যে ক্ৰিকেট এৰি আন একো কৰাটো মোৰ বাবে সম্ভৱপৰ হৈ থকা নাছিল।’

ক্ৰিকেটাৰ নহ’লে তেওঁ নৃত্যপটীয়সীয়েই হ’লহেঁতেন নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, ‘একেবাৰেই সত্য। মই যদিহে ক্ৰিকেট নেখেলিলোহেঁতেন তেন্তে মঞ্চত নৃত্য কৰি থাকিলোহেঁতেন। মই ডান্সাৰেই হ’লোহেঁতেন। যেতিয়া নৃত্যৰ পৰিৱৰ্তে ক্ৰিকেটক বিকল্পৰূপে নিৰ্বাচন কৰিছিলো, সেই সময়ত মই নিজৰ ‘অৰংগেত্ৰম’ৰপৰা (নৃত্যৰ আনুস্থানিক প্ৰশিক্ষণৰ সমাপ্তিৰ পিছত মঞ্চত কৰা নৃত্য প্ৰদৰ্শন) মাথোঁ দুঢাপ পিছত আছিলো।’ বাস্তৱত এগৰাকী নৃত্যপতিয়সী নহ’লেও নিজৰ আকৰ্ষণীয় বেটিঙেৰে তেওঁ ক্ৰিকেটৰ পথাৰত বহু ব’লাৰ আৰু ফিল্ডাৰক নচুৱাই আহিছে।

ক্ৰিকেটৰ পথাৰত মিতালীৰ প্ৰাপ্তি ইমানেই বিশাল যে আন কোনো ভাৰতীয় মহিলা ক্ৰিকেটাৰ তেওঁৰ কাষেই চাপিব পৰা পৰিলক্ষিত হোৱা নাই। গুৰুত্বপূৰ্ণ কথাটো হৈছে যে মিতালীয়ে আজিও তেওঁৰ সফলতাৰ বাবে দেউতাক দ’ৰই ৰাজৰ নাম লয়। মিতালীৰ মতে, তেওঁৰ দেউতাকে বিচাৰিছিল যে অতি কম বয়সতে তেওঁ ভাৰতীয় মহিলা ক্ৰিকেট দলত নিজৰ স্থান সুনিশ্চিত কৰক। মিতালীক ক্ৰিকেটাৰ হিচাপে গঢ়ি তুলিবলৈ দেউতাকেও যথেষ্ট কষ্ট কৰিছিল। পিতৃ-কন্যাৰ অশেষ চেষ্টাৰ বলতে এনে এটা দিন আহিছিল যে মাথোঁ ১৪ বছৰ বয়সতে তেওঁক ভাৰতীয় টীমৰ ‘ষ্টেণ্ডবাই’ খেলুৱৈ হিচাপে স্থান দিয়া হৈছিল। ১৬ বছৰ বয়সতে তেওঁ প্ৰথম আন্তৰ্জাতিক মেচ খেলে। ১৯৯৯ চনৰ ১৬ জুনত মিল্টন কিনেছৰ কেম্পবেল পাৰ্কত খেলা এই মেচত মিতালী ৰাজে ৰেছমা গান্ধীৰ সৈতে ইনিংছ মুকলি কৰিছিল। এই মেচত মিতালীয়ে ১১৪ ৰাণ কৰিছিল। ৰেছমায়ো ১০৪ ৰাণেৰে আকৰ্ষণীয় ইনিংছ খেলে। ভাৰতীয় টীমে এই মেচখন ১৬১ ৰাণত জয়লাভ কৰে। আৰু এই মেচৰ জৰিয়তে ভাৰতে এগৰাকী নতুন তাৰকা খেলুৱৈ লাভ কৰিলে। এনেদৰে আগুৱাই মহিলা ক্ৰিকেটৰ ৱান-ডে ফৰ্মেটত ৫০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথম ভাৰতীয় মহিলাৰূপে পৰিগণিত হ’ল তেওঁ। মিতালীৰ লগতে এতিয়ালৈ মাথোঁ দুগৰাকী খেলুৱৈয়েহে মহিলা ৱান-ডে ক্ৰিকেটত ৫০০০তকৈ অধিক ৰাণ সংগ্ৰহ কৰিছে।

মিতালীয়ে ২০০২ চনত প্ৰথম টেষ্ট মেচ খেলে। ১৪ৰপৰা ২৩ জানুৱাৰীলৈ লক্ষ্ণৌত অনুষ্ঠিত হোৱা এই মেচত মিতালী শূন্যত আউট হৈছিল। কিন্তু পৰৱৰ্তী সময়ত মহিলা টেষ্ট ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰৰূপে পৰিগণিত হ’ল।

এনে ধৰণৰ এটাই নহয়, বহুত অভিলেখ আছে মিতালীৰ নামত।

একেবাৰে এনেকুৱাও নহয় যে মিতালী ৰাজৰ সাফল্যৰ যাত্ৰা একেবাৰে সহজ, চিন্তা ৰহিত আৰু উদ্বেগ মুক্ত। মিতালীয়ে যেতিয়া ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল, সেই সময়ত অতি কম মানুহেহে জানিছিল যে মহিলায়ো ক্ৰিকেট খেলে। এনেকুৱা এখন দেশ, য’ত ক্ৰিকেটৰ জনপ্ৰিয়তা দিনে দিনে বাঢ়ি গৈছে, ক্ৰিকেটৰ যাদুৱে মানুহক গ্ৰাস কৰি পেলাইছে, বহুতে ক্ৰিকেটক ধৰ্মৰ দৰেই জ্ঞান কৰে, কিন্তু তাৰ মাজতে এনে মানুহো আছে যিসকলে বিশ্বাসেই কৰিব নোৱাৰে যে মহিলায়ো ক্ৰিকেট খেলে। মহিলা আৰু পুৰুষৰ খেল একেই। সকলো নিয়ম একে। খেলপথাৰো সেইবোৰেই। এয়াই প্ৰত্যাহ্বান আৰু প্ৰচণ্ড প্ৰতিযোগিতা।

মিতালীয়ে কয় যে, যেতিয়া তেওঁ ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল, তেতিয়াও তেওঁ জনা নাছিল ভাৰতৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ কোন। তেওঁ দেখাত কেনে? কেনেদৰে খেলে? তেওঁৰ নামত কি কি অভিলেখ আছে? ছিনিয়ৰ টীমত স্থান পোৱাৰ পিছতহে সেই সময়ৰ মহান ক্ৰিকেটাৰ- শান্তা ৰংগস্বামী, ডায়েনা এডুলজীৰ বিষয়ে জানিবলৈ সুবিধা পালে। সেই সময়ত ভাৰতৰ সকলো পৰিয়ালৰ প্ৰায় সকলো লোকে পুৰুষ ক্ৰিকেট দলৰ ন-পুৰণি সকলো খেলুৱৈৰ বিষয়ে জানিছিল।

মিতালীৰ মতে সেই সময়ত আজিৰ দৰে উৎসাহো লাভ কৰা নাছিল। সেই সময়ত ৰে’লত ভ্ৰমণ কৰাৰ সময়ত ডাঙৰ ডাঙৰ কিট দেখি বহুতে প্ৰশ্ন কৰিছিল তেওঁলোকে হকী খেলে নেকি? যেতিয়া উত্তৰত কৈছিল যে তেওঁলোক ক্ৰিকেটাৰ আৰু ক্ৰিকেট খেলিবলৈ গৈ আছে তেতিয়াই সকলো আচৰিত হৈ পৰে। ইমানেই নহয় সেই সময়ৰ মহিলা ক্ৰিকেটাৰসকলে আচৰিত প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল- ছোৱালীয়েও ক্ৰিকেট খেলে নেকি? মহিলাই টেনিছ বলেৰে ক্ৰিকেট খেলে নেকি? মহিলাৰ বাবে নিয়ম বেলেগ নেকি?

সেই দিনবোৰ মিতালীৰ এতিয়াও ভালদৰে মনত আছে, যেতিয়া ল’ৰাৰ সৈতে প্ৰেকটিছ কৰিবলৈ গৈছিল তেতিয়া ল’ৰাবোৰে বিভিন্ন মন্তব্য কৰিছিল। ল’ৰাবোৰে প্ৰায়েই কৈছিল, ঐ! ছোৱালী হয়, লাহেকৈ বল দিবি, নহ’লে দুখ পাব। এনে পৰিস্থিতিত মিতালীয়ে ক্ৰিকেটক নিৰ্বাচন কৰিছিল। এতিয়ালৈ যাত্ৰাপথত তেওঁ কেতিয়াও ধৈৰ্য হেৰুওৱা নাই। সাহস হেৰুওৱা নাই। সকলো প্ৰত্যাহ্বানৰ মুখামুখি হৈছে। প্ৰতিকূল পৰিৱেশক অনুকূল কৰি তুলিছে। নিজৰ পাৰদৰ্শিতা আৰু সফলতাৰে মহিলা ক্ৰিকেটক ভাৰতত সন্মানজনক কৰি তোলাতো গুৰুত্বপূৰ্ণ ভূমিকা লৈছে।

মিতালীয়ে যেতিয়া ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল তেতিয়া তেওঁৰ বিশেষ ডাঙৰ লক্ষ্য নাছিল। ভাৰতীয় দলত স্থান লাভ কৰাটোৱেই তেওঁৰ লক্ষ্য আছিল। স্থান লাভৰ পিছত তেওঁ বিচাৰিছিল যাতে সেই স্থান নিশ্চিত হৈ থাকে। স্থান নিশ্চিত হোৱাৰ পিছত দলৰ ‘মুখ্য খেলুৱৈ’ হোৱাৰ চেষ্টা। দলৰ শ্ৰেষ্ঠতম আৰু মুখ্য খেলুৱৈ হ’বলৈ মনে-প্ৰাণে কষ্ট কৰিলে। তেওঁ জানিছিল যে দলত স্থান নিশ্চিত কৰিবলৈ মূল খেলুৱৈৰ দৰেই নিয়মীয়াকৈ ভালদৰে খেলিব লাগিব। প্ৰতিবাৰেই দলত বিজয় প্ৰদান কৰিবলৈ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।

মিতালীৰ পাৰদৰ্শিতা ইমানেই বৃদ্ধি হৈছিল যে তেওঁক ভাৰতীয় মহিলা টীমৰ অধিনায়কৰ দায়িত্বও অৰ্পণ কৰা হৈছিল। মিতালীৰ মতে, অধিনায়কত্ব সকলোৱে লাভ নকৰে আৰু ভাগ্যৱানসকলেহে অধিনায়ক হোৱাৰ সুবিধা লাভ কৰে।

মিতালীয়ে কয়, ‘মই লাহে লাহে এখোজ এখোজকৈ আগুৱাই আছো। মই আগুৱাই যোৱাৰ সমান্তৰালভাৱে দায়িত্বও বাঢ়িছে আৰু মোৰ পৰা দল আৰু অনুৰাগীৰ আশাও বৃদ্ধি হৈছে। খেলুৱৈ জীৱনৰ বেলেগ বেলেগ সময়ত ভিন্ন লক্ষ্য আছিল। নিজৰ খেলৰ মান উন্নত কৰি তোলাটো প্ৰতিমুহূৰ্ততে মোৰ প্ৰত্যাহ্বান।

৩ মে’ ২০১৬ত এক বিশেষ সাক্ষাৎকাৰত মিতালী ৰাজে জীৱনৰ বহু গুৰুত্বপূৰ্ণ আৰু অপ্ৰকাশিত কথা প্ৰকাশ কৰিলে। বহুতো বিষয়ত নিজৰ মতামত ব্যক্ত কৰিলে। যি ক্ৰিকেট একাডেমীত মিতালী ৰাজে খেলিবলৈ আৰম্ভ কৰিছিল তাতেই অনুষ্ঠিত হৈছিল বিশেষ কথোপকথন। আলোচনাত অৱলোকন কৰা মূল কথাবোৰ ইয়াত আগবঢ়োৱা হৈছে।

প্ৰেৰণা: মিতালীয়ে আজিও দেউতাক দ’ৰই ৰাজৰপৰা প্ৰেৰণা লাভ কৰে। তেওঁ কয়, ‘পিতৃৰ বাবেই মই ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিলো। তেওঁ বিচাৰিছিল কম বয়সতে ভাৰতীয় দলৰ হৈ খেলাটো। যেতিয়াই মই ভাল স্ক’ৰ কৰোঁ, লগে লগে ফোন কৰি তেওক জনাও। তেও খুব আনন্দিত হয়। তেওঁৰ সেই আনন্দই মোৰ বাবে প্ৰেৰণা। তেওঁক সুখী কৰাৰ চেষ্টাই মোক প্ৰেৰণা দিয়ে।

সংকটমোচক মাতৃ: দেউতাকৰ দৰে মিতালীৰ মাতৃয়ে ইমান ভালদৰে ক্ৰিকেট বুজি নাপায়। মাকেও মিতালীৰ কেৰিয়াৰ নিৰ্মাণত বহু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। মিতালীৰ বাবে মাকে বহুতো ত্যাগ স্বীকাৰ কৰিছে। জীৱনৰ সকলো ডাঙৰ সিদ্ধান্ত মিতালীয়ে মাকৰ পৰামৰ্শ অনুসৰিয়েই কৰে। মিতালীয়ে কয় যে তেওঁ যেতিয়াই মানসিকভাৱে ভাৰাক্ৰান্ত হৈ পৰে তেতিয়াই মাকৰ পৰামৰ্শ অনুসৰিয়েই মানসিক অস্থিৰতা দূৰ কৰে। তেওঁ য’তেই নাথাকক, সমস্যা সমাধানৰ বাবে মাকক ফোন কৰিবলৈ পাহৰি নাযায়।

সমালোচনা: ২০১৩ চনত মিতালীৰ নেতৃত্বত যেতিয়া ভাৰতীয় মহিলা ক্ৰিকেট দলে ছুপাৰ ছিক্সত কোৱালিফাই কৰিব পৰা নাছিল তেতিয়া মিতালীৰ দেউতাক দ’ৰই ৰাজৰ খং আছিল সপ্তম স্বৰ্গত। তেতিয়া দেউতাকৰ ক্ষুৰধাৰ সমালোচনাৰ মুখামুখি হৈছিল মিতালী, দেউতাকে মিতালীৰ বিষয়ে বহুতো কঠোৰ শব্দ উচ্চাৰণ কৰিছিল। মিতালীক অধিনায়কত্বৰ পৰা আঁতৰাবলৈ অনুৰোধ কৰিছিল দেউতাকে। কিছুমানে মিতালীক ক্ৰিকেটৰপৰা সন্ন্যাস লোৱাৰো পৰামৰ্শ দিছিল।

এই বিষয়ে প্ৰশ্ন কৰাত মিতালীয়ে কয় যে তেওঁৰ দেউতাক তেওঁৰ সবাতোকৈ ডাঙৰ সমালোচকো। এয়া নিষ্প্ৰয়োজন যে সকলোৱে তেওঁক প্ৰশংসাৰেই উপচাই পেলাওক। দেউতাকৰ সমালোচনাৰ পৰা তেওঁ যোগাত্মক চিন্তাকেই গ্ৰহণ কৰে আৰু আগুৱাই যায়। মিতালীয়ে বিশ্বাস কৰে যে এগৰাকী ডাঙৰ খেলুৱৈ হোৱাৰ পিছত সমালোচকৰ ওচৰ চপাটো বহুত প্ৰয়োজনীয় কথা। সমালোচকৰ অবৰ্তমানত এগৰাকী খেলুৱৈ বেপৰোৱা আৰু দায়িত্বজ্ঞানহীন হৈ পৰাৰ আশংকা থাকে। সমান্তৰালভাৱে মিতালীয়ে আকৌ কয়, ‘অকাৰণতে সমালোচনা কৰা মানুহো আছে। আপুনি কাকো বাধ্য কৰাব নোৱাৰে যে তেওঁ আপোনাৰ খেল ভাল পাবই লাগিব। কেতিয়াও সকলোকে সন্তুষ্ট কৰিব নোৱাৰি।’

মহিলা ক্ৰিকেটত ৰাজনীতি: মিতালীয়ে ইতঃস্তত নকৰালৈ ক’লে যে মহিলা ক্ৰিকেটতো ৰাজনীতি চলে। অন্য ক্ষেত্ৰৰ দৰে মহিলা ক্ৰিকেটতো ৰাজনীতি দেখা যায়। মহিলা ক্ৰিকেটক লৈ মিডিয়াই বিশেষ গুৰুত্ব নিদিয়ে বাবেই মহিলা ক্ৰিকেটৰ ৰাজনীতিৰ কথা বাহিৰত নোলায়। মিতালীয়ে বিস্ফোৰক অভিযোগ তোলে যে লেতেৰা ৰাজনীতিৰ বাবে বহুতো ভাল মহিলা খেলুৱৈয়ে টীমত স্থান লাভ নকৰে। মিতালীৰ মতে, যিসকল খেলুৱৈ মানসিকভাৱে শক্তিশালী তেওঁলোকে নিজকে ৰাজনীতিৰ চিকাৰ হোৱাৰ পৰা ৰক্ষা কৰে, কিন্তু যিসকল শক্তিশালী নহয় তেওঁলোক চিকাৰ হৈ পৰে।

তেওঁ পৰামৰ্শ দিয়ে যে সকলো ব্যক্তি বিশেষকৈ খেলুৱৈসকল মানসিকভাৱে নিজকে ইমানেই শক্তিশালী কৰি তুলিব লাগে যাতে ৰাজনীতিয়ে তেওঁৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়।

সফলতাৰ অৰ্থ : মিতালীৰ মতে কঠিন পৰিস্থিতিত স্থিৰ আৰু শান্ত হৈ লক্ষ্য আয়ত্ব কৰাটোৱেই হৈছে সফলতা। বহু খেলুৱৈৰ বাবে কঠিন পৰিস্থিতিত দলক উজলাই তোলাটোৱৈই সাফল্য। তেওঁ কয়, ‘অধিনায়ক হিচাপে মোৰ প্ৰদৰ্শন বেয়া হ’লেও যদিহে অন্য খেলুৱৈক উৎসাহিত কৰি ভাল ফল লাভ কৰো, তেন্তে কেপ্তেইন হিচাপে মই সবাতোকৈ ডাঙৰ সফলতা বুলি ভাবিম।’

এতিয়ালৈ বৃহত্তম সফলতা : ‘কনছিষ্টেন্সি’ হৈছে মোৰ জীৱনৰ বৃহত্তম সফলতা। মই ৱান-ডে ফৰ্মেটত যদিহে গড়ে ৪১ কৈ পাঁচ হাজাৰতকৈ অধিক ৰাণ কৰিব পাৰো, তেন্তে সেয়া হৈছে ‘কনছিষ্টেন্সিৰেই ফল।

শচিন তেণ্ডুলকাৰৰ সৈতে তুলনা : এই সম্পৰ্কে মিতালীয়ে কয়, 'যেতিয়া মানুহে মোক মহিলা ক্ৰিকেটৰ তেণ্ডুলকাৰ বুলি কয় খুব বহুত আনন্দিত হওঁ। ক্ৰিকেটত তেণ্ডুলকাৰৰ অৱদান অপৰিসীম। তেওঁ চিন্তাৰ পৰিসৰ বিশাল আৰু তেওঁ মহান খেলুৱৈ। এনে ধৰণৰ মহান খেলুৱৈ তুলনা কৰিলে বহুত আনন্দিত হওঁ। কিন্তু, মই বিচাৰো মানুহে মোক মোৰ নামেৰে জানক। মানুহে মোৰ অৱদানৰ বাবে চিনি পাওক।'

সফলতাৰ মন্ত্ৰ : সাধনাৰ অবিহনে সফলতা অসম্ভৱ। যদিহে ভাৰতীয় মহিলা ক্ৰিকেট টীমত কোনো ছোৱালীয়ে স্থান লাভ কৰিব বিচাৰিলে তেওঁ বছৰ বছৰ ধৰি পৰিশ্ৰম কৰিব লাগিব। সফলতাৰ বাবে বিকল্প নিৰ্ণয় কৰাটোও অত্যন্ত জৰুৰী। মিতালীৰ মতে, বহুতে বিকল্প নিৰ্বাচন কৰিব নোৱাৰে। তেওঁ পৰামৰ্শ দিয়ে যে বিকল্প নিৰ্বাচন কৰাৰ পিছত মাথোঁ সেই লক্ষ্যতেই ফ’কাছ কৰিব লাগে।

আটাইতকৈ প্ৰিয় পুৰুষ ক্ৰিকেটাৰ : মিতালীয়ে কোৱা মতে কোনো পুৰুষ ক্ৰিকেটাৰৰদ্বাৰা তেওঁ বিশেষভাৱে প্ৰভাৱিত নহয়, কিন্তু ৰাহুল দ্ৰাবিড় আৰু শচীন তেণ্ডুলকাৰৰ মানসিক শক্তি আৰু মেচৰ বাবে প্ৰস্তুতিয়ে তেওঁক প্ৰেৰণা দিয়ে।

আটাইতকৈ প্ৰিয় মহিলা ক্ৰিকেটাৰ : নীতু ডেভিডৰ দ্বাৰা মিতালী বহু বেছি প্ৰভাৱিত। নীতু ডেভিড মিতালীৰ বাবে অল টাইম ফেভাৰিট খেলুৱৈ। নীতু ডেভিড লেফ্ট আৰ্ম স্পিনাৰ আৰু কেইবাবছৰ ধৰি ভাৰতৰ বাবে খেলি আহিছে। মিতালীয়ে কয় যে কেপ্টেইন ব্যতিৰেকে যেতিয়াই টীম সংকটত পৰে তেতিয়াই দৃষ্টি নিবদ্ধ হয় নীতু ডেভিডৰ ওপৰত। নীতুৱে আকৰ্ষণীয় বেটিঙেৰে টীমক সংকটৰপৰা ৰক্ষা কৰি আহিছে।

যিগৰাকী খেলুৱৈৰ মুখামুখি হ’বলৈ ভয় লাগে : মিতালীয়ে কয় যেতিয়া তেওঁ আন্তৰ্জাতিক ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰিছিল তেতিয়া ইংলেণ্ডৰ হৈ খেলিছিল লুছী পিয়েৰছন নামৰ এগৰাকী ব’লাৰে। প্ৰায় ৬ ফুট ওখ এই খেলুৱৈগৰাকীৰ বল অতি ভয়াৱহ আছিল। মিতালীয়ে লুছীক ভয় কৰিছিল। মুখত এমোকোৰা হাঁহি লৈ মিতালীয়ে কয়, ‘মই ভাগ্যৱান যে লুছীয়ে বেছি দিনলৈ ক্ৰিকেট নেখেলিলে আৰু সোনকালে ৰিটায়াৰমেণ্ট ল’লে।’

জীৱনৰ আটাইতকৈ ডাঙৰ সপোন : খেলুৱৈ বা অধিনায়ক হিচাপে বিশ্বকাপ জয়ী দলৰ অংশ হোৱা।

জীৱনৰ সৰ্বোত্তম আনন্দ : ইংলেণ্ডৰ ঘৰুৱা মাটিত অনুষ্ঠিত হোৱা টেষ্ট মেছত ইংলেণ্ডক পৰাজিত কৰা। মিতালীয়ে কয় যে, সেই মেচত তেওঁ অধিনায়ক আছিল আৰু তেওঁৰ দলত ১১ৰ ভিতৰত ৮গৰাকী এনে খেলুৱৈ আছিল যিয়ে প্ৰথমবাৰৰ বাবে টেষ্ট মেচ খেলিছিল। ইংলেণ্ড এক শক্তিশালী দল আছিল আৰু অষ্ট্ৰেলিয়াক হৰুৱাই এছেজ শৃংখলা দখল কৰিবলৈ তেওঁলোক উৎসাহী হৈ আছিল। কিন্তু আমি ইংলেণ্ডক হৰুৱাই দিলো। অধিনায়ক হিচাপে এয়া মোৰ বাবে ডাঙৰ সফলতা আছিল।

সবাটোকৈ নিৰাশাজনক মুহূৰ্ত : ৱান-ডে আৰু ২০-২০ ফৰ্মেটত ভাল দল হোৱাৰ পিছতো ৱৰ্ল্ড কাপৰ পৰা বাহিৰ হৈ যোৱা দিনটো আটাইতকৈ বেয়া দিন আছিল।

আটাইতকৈ বেয়া যাত্ৰা : মিতালীয়ে কয় যে ২০০৭ চনত যেতিয়া উপৰ্যুপৰি সাতটাকৈ শৃংখলাত অসফল হৈছিলো আৰু সংখ্যাই ৩০ স্পৰ্শ কৰা নাছিল তেতিয়া অত্যন্ত নিৰাশ হৈছিলো। এনে ধৰণৰ এক বেয়া সময় ২০১২ চনতো আহিছিল যেতিয়া তেওঁলোকে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ক্ৰমাগতভাৱে পাঁচটাকৈ শৃংখলাত একো কৰিব পৰা নাছিল।

নিৰাশা আহিলে কি কৰে? : মিতালীয়ে বিশ্বাস কৰে যে বিফলতা সকলোতে থাকে। সকলো পৰিস্থিতিত ধৈৰ্য ধৰা আৰু শান্ত হৈ থকাটো অত্যন্ত দৰকাৰী। মিতালীৰ মতে ধৈৰ্য ধৰা আৰু শান্ত হৈ থকাৰ বাবে সকলো প্ৰকাৰে চেষ্টা কৰে। এই চেষ্টাৰে নিৰাশা আঁতৰ হয়।

জীৱনৰ আটাইতকৈ ডাঙৰ ভয় : মিতালীৰ এটা ভয় আছে যে তেওঁ কেতিয়াও বেপৰোৱা আৰু অসতৰ্ক হৈ নপৰেতো? এনে হ’লে তেওঁৰ কনছিষ্টেন্সি শেষ হৈ পৰিব। আৰু এটা ভয় আছে... ক্ৰিকেটৰ প্ৰতি যি ভালপোৱা আছে, যি 'পেছন' আছে সেয়াও শেষ হৈ নাযায়তো? আকৰ্ষণীয় কথাটো হৈছে নিজৰ ভয় আঁতৰ কৰিবলৈ মিতালীয়ে এক ব্যতিক্ৰমী পদ্ধতি অৱলম্বন কৰে। যেতিয়া মেচ নাথাকে তেতিয়া তেওঁ ক্ৰিকেটৰ বেট স্পৰ্শই নকৰে। এনেদৰে তেওঁ প্ৰমাণ চায় কিমানদিনলৈ তেওঁ ক্ৰিকেট আৰু বেটৰপৰা আঁতৰত থাকিব পাৰে। কিন্তু ক্ৰিকেটৰ প্ৰতি মৰমেই এনেকুৱা যে মিতালীয়ে নিজকে ক্ৰিকেটৰ পথাৰৰপৰা বেছি সময় আঁতৰত ৰাখিব নোৱাৰে।

মিতালীৰ বিষয়ে আন কিছু গুৰুত্বপূৰ্ণ তথ্য

মিতালীৰ জন্ম হৈছিল ১৯৮২ চনৰ ৩ ডিচেম্বৰত, ৰাজস্থানৰ জোধপুৰত।

পৰিয়ালৰ সকলো হায়দৰাবাদলৈ উঠি যোৱাৰ সময়ত অৱধাৰিতভাৱে তেৱোঁ হায়দৰাবাদলৈ যায়।

দেউতাকে প্ৰথমে বায়ু-সেনাত কাম কৰিছিল, পিছলৈ বেংক বিষয়া।

মিতালীৰ কেৰিয়াৰৰ বাবে মাকে চাকৰি এৰিছিল আৰু পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈছিল।

শৈশৱত নিজৰ ভাতৃ আৰু অন্য ল’ৰাৰ সৈতে অনুশীলন কৰিছিল।

মিতালী যেতিয়া মাথো ১৪ বছৰীয়া আছিল, তেতিয়াই তেওঁ ভাৰতীয় দলত ‘ষ্টেণ্ডবাই’ খেলুৱৈ হিচাপে স্থান পাইছিল।

১৬ বছৰ বয়সত মিতালীয়ে প্ৰথমবাৰৰ বাবে আন্তৰ্জাতিক মেচত অংশগ্ৰহণ কৰে। ১৯৯৯ চনৰ ২৬ জুনত মিল্টন কিনেছৰ কেম্পবেল পাৰ্কত খেলা এই মেচত মিতালীয়ে ৰেছমা গান্ধীৰ সৈতে ইনিংছ মুকলি কৰিছিল। এই মেচত মিতালীয়ে ১১৪ ৰাণ সংগ্ৰহ কৰিছিল। ৰেছমায়ো ১০৪ ৰাণৰ দৰ্শনীয় ইনিংছ খেলিছিল। ভাৰতীয় দলে ১৬১ৰাণত জয়লাভ কৰিছিল।

মিতালী হৈছে মহিলা ক্ৰিকেটত ৱান-ডে ফৰ্মেটত ৫০০০ ৰাণ সংগ্ৰহ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা ক্ৰিকেটাৰ। এতিয়ালৈ মাথোঁ দুগৰাকী মহিলা ক্ৰিকেটাৰে মহিলা ৱান-ডেত ৫০০০ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। মিতালীৰ পূৰ্বে চিএম এডৱৰ্ডছে ৱান-ডেত ৫০০০ৰাণ সম্পূৰ্ণ কৰিছিল।

মিতালীয়ে জীৱনৰ প্ৰথমখন টেষ্ট ২০০২চনত খেলিছিল। ১৪ৰপৰা ২৩ জানুৱাৰীলৈ লক্ষ্ণৌত অনুষ্ঠিত হোৱা এই মেচত মিতালী শূন্যত আউট হৈছিল। কিন্তু পৰৱৰ্তী সময়ত মহিলা টেষ্ট ক্ৰিকেটত দ্বিশতক অৰ্জন কৰা প্ৰথমগৰাকী ক্ৰিকেটাৰৰূপে পৰিগণিত হ’ল।

২০১০, ২০১১ আৰু ২০১২ অৰ্থাত ক্ৰমিক তিনিটা বছৰত মিতালীয়ে আইচিচি ৱৰ্ল্ড ৰেংকিঙত প্ৰথম স্থান লাভ কৰিছিল। এনে সন্মান লাভ কৰা তেওঁ প্ৰথম ভাৰতীয় মহিলা।

কেপ্টেইনৰ ব্যতিৰেকেও তেওঁ বহু দৰ্শনীয় প্ৰদৰ্শন কৰিছে। বহুবাৰ ভাৰতক ঐতিহাসিক জয় উপহাৰ দিছে।

মিতালী ভাৰতৰ সবাতোকৈ সফল বেটছমেনৰ উপৰি সবাতোকৈ সফল অধিনায়কো।

মিতালীয়ে টেষ্ট, ৱান-ডে আৰু ২০-২০ অৰ্থাত তিনিওটা ফৰ্মেটত ভাৰতীয় মহিলা ক্ৰিকেট দলক অধিনায়ত্ব প্ৰদান কৰিছে।

মিতালীৰ সফলতা আৰু ক্ৰিকেটলৈ তেওঁৰ অৱদানৰ বাবে ভাৰত চৰকাৰে অৰ্জুন পুৰস্কাৰ আৰু পদ্মশ্ৰীৰে সন্মানিত কৰিছে।

মহিলাসকলৰ শক্তিৰ প্ৰতীক হৈ পৰিছে মিতালী আৰু তেওঁৰ সফলতাৰ কাহিনী বহুতৰে বাবে প্ৰেৰণা আৰু উত্সাহৰ কাৰণ।

এতিয়ালৈ সংখ্যাৰ ওপৰত এক অৱলোকন

(২০১৬চনৰ ৩ মে’ পৰ্যন্ত)

মিতালীয়ে ১৬৪খন এদিনীয়া মেচ খেলিছে। ইয়াৰে ইয়াৰে ১৪১খন মেচত গড়ে ৪১ হিচাপে ৫৩০১ ৰাণ সংগ্ৰহ কৰিছে।

তেওঁ ৪২ বাৰ নট আউট হিচাপে খেলিছে, যি আন এক বিশ্বৰেকৰ্ড। মিতালীয়ে ৱান-ডে ফৰ্মেটত ৫টা শতকো অৰ্জন কৰিছে।

মিতালীয়ে ৫১খন টুৱেণ্টি-টুৱেণ্টি মেচ খেলিখে আৰু গড়ে ৩৪.৬ হিচাপে ১৪৮৮ ৰাণ সংগ্ৰহ কৰিছে।

মিতালীয়ে ১০খন টেষ্ট মেচ খেলিছে আৰু গড়ে ৫১ হাৰত ৬৬৩ ৰাণ সংগ্ৰহ কৰিছে। তেওঁৰ সৰ্বাধিক স্ক’ৰ ২১৪।


অনুবাদ : ৰুবুল দাস

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

বাঁহৰ চুঙাৰে ধূপকাঠি পেকেজিঙ কৰি ব্যৱসায়ত সৃষ্টিশীলতাৰ নিদৰ্শন দাঙি ধৰিছে অৰ্পণা দাসে

মাজুলীৰ ভীমকলেৰে ইন্দুকল্পৰ শিশুখাদ্যৰ ব্ৰেণ্ড ‘ভীম ভিটা’

অসমীয়া খাদ্যক বিশ্ব সভালৈ নিয়া চেফ অতুল লহকৰ

অসমত প্ৰাকৃতিক চাহ উৎপাদনৰ পথপ্ৰদৰ্শক ধীৰেন ফুকন

Dr Arvind Yadav is Managing Editor (Indian Languages) in YourStory. He is a prolific writer and television editor. He is an avid traveler and also a crusader for freedom of press. In last 19 years he has travelled across India and covered important political and social activities. From 1999 to 2014 he has covered all assembly and Parliamentary elections in South India. Apart from double Masters Degree he did his doctorate in Modern Hindi criticism. He is also armed with PG Diploma in Media Laws and Psychological Counseling . Dr Yadav has work experience from AajTak/Headlines Today, IBN 7 to TV9 news network. He was instrumental in establishing India’s first end to end HD news channel – Sakshi TV.

Related Stories

Stories by ARVIND YADAV