জনতাৰ কাষ চাপিবলৈ চাইকেলত টহল দিছে চেন্নাই আৰক্ষীয়ে

জনতাৰ কাষ চাপিবলৈ চাইকেলত টহল দিছে চেন্নাই আৰক্ষীয়ে

Thursday November 24, 2016,

1 min Read

জনাসাধাৰণৰ সৈতে সম্পৰ্ক উন্নত কৰিবলৈ চেন্নাই পুলিচে শেহতীয়াকৈ হাতত লৈছে এক অভিনব পদক্ষেপ । পুৰণি দিনৰ আৰক্ষীৰ দৰে চাইকেলত ঘুৰিবলৈ লৈছে চেন্নাই পুলিচ । 

Representational Image : Rediff

Representational Image : Rediff


নিশা ৮৮ টা চাইকেল আৰোহী দলে মহানগৰখনৰ বাটে পথে টহল দিয়ে । গাড়ী আৰু মটৰ চাইকেলে তেওঁলোকক অপৰাধ সংঘটিত হোৱা স্থান গৈ পাবলৈ সহায় কৰে যদিও ঠেক ৰাস্তাত এই বাহনবোৰ উপযুক্ত নহয় ।

ইয়াৰ বিপৰীতে চাইকেলত টহল দিয়াটো কেৱল অধিক সহজেই নহয় ই জনসাধাৰণ আৰু আৰক্ষীৰ মাজত সম্পৰ্ক উন্নত কৰাতো সহায় কৰিছে । মাইলাপুৰৰ উপায়ুক্ত ভি বালকৃষ্ণই কয়, "ই আমাক জনসাধাৰণৰ কাষ চপাক সহায় কৰিছে ।"

জুলাই মাহত তামিল নাডুৰ মূখ্যমন্ত্ৰী জয়া ললিতাই ২৫০ খন চাইকেল আৰু ১০০ খন নতুন মটৰ চাইকেল আৰক্ষী বিভাগলৈ আগবঢ়াইছিল । প্ৰতিখন আৰক্ষী থানাতে বৰ্তমান দুখনকৈ চাইকেল দিয়া হৈছে । অনাগত সময়ত চেন্নাই আৰক্ষীক ই অধিক সবল কৰিব বুলি আশা কৰা হৈছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

কি কাৰণে এচাম পুৰুষে নাৰীৰ প্ৰতি লোলুপ দৃষ্টি দিয়ে ?

পেলনীয়া সামগ্ৰীৰে বনোৱা এই বাইকখন কেৰাচিন তেলতো চলে

এজন ২০ টকীয়া ডাক্টৰৰ মৃত্যুত শোকস্তব্ধ কোইম্বটুৰ

পানীয়ে নষ্ট কৰা ফ'ন মেৰামতিৰ বাবে এই প্ৰযুক্তি