পানীয়ে নষ্ট কৰা ফ'ন মেৰামতিৰ বাবে এই প্ৰযুক্তি

পানীয়ে নষ্ট কৰা ফ'ন মেৰামতিৰ বাবে এই প্ৰযুক্তি

Friday October 21, 2016,

2 min Read

অতি কম বয়সৰপৰা অলিভাৰ মাৰ্ফিয়ে অতিৰিক্ত আয়ৰ বাবে মবাইল ফ'ন মেৰামতিৰ কাম কৰিছিল । লগতে তেওঁ ভগা-চিগা ফ'ন কিনি আনি সেইবোৰ মেৰামতি কৰিও বিক্ৰী কৰিছিল । এই কাম কৰি কৰি তেওঁৰ মনলৈ এটা উপায় আহিল । তেওঁ নিৰ্মাণ কৰি উলিয়ালে পানীত নষ্ট নোহোৱা এটা ফ'ন । 

Image : (L) - The Huffington Post; (R) - Reviveaphone

Image : (L) - The Huffington Post; (R) - Reviveaphone


বৰ্তমান তেওঁৰ বয়স ২২ বছৰ ।  "১৩ বছৰ বয়সত বয়সত মই ফ'ন মেৰামতি কৰিছিলো । মই ebayত বহু সংখ্যক বেয়া ফ'ন কিনি সেইবোৰ মেৰামতি কৰি সেইবোৰ বিক্ৰী কৰিছিলো । মই চাৰি বছৰ ধৰি এই কাম কৰিছিলো ।" অলিভাৰে কয় । অলিভাৰে যেতিয়া বুজিলে যে ফোনবোৰ আচলতে পানীয়ে নষ্ট নকৰে বৰঞ্চ পানীত থকা খনিজ পদাৰ্থ সমূহেহে কৰে তেতিয়া তেওঁ পানীত তিতা ফোনত থাকি যোৱা সেই খনিজ পদাৰ্থ সমূহ চাফা কৰিবৰ বাবে ৰিভাইভএফ'ন নামৰ এবিধ সামগ্ৰী প্ৰস্তুত কৰে ।    

সাঁচতীয়া ৪০০ পাউণ্ডেৰে আৰম্ভ কৰা ব্যৱসায়টোৱে আজি বিশাল ৰূপ ধাৰণ কৰিছে । আৰম্ভ কৰাৰ এবছৰৰ ভিতৰতে তেওঁৰ কোম্পানীটো স্পেইন, উত্তৰ আমেৰিকা, ছুইজাৰলেণ্ড, স্কাণ্ডিনেভিয়া আৰু জাপানলৈ প্ৰসাৰিত হয় । আনহাতে ষ্মাৰ্টফ'ন পানী প্ৰতিৰোধী অদৃশ্য তৰপ প্ৰদান কৰা স্প্লেশ্ব নামৰ এবিধ সামগ্ৰীও তেওঁ উদ্ভাৱন কৰিছে । 

অলিভাৰৰ লক্ষ্য ৰিভাইভএফ'নক সমগ্ৰ বিশ্বৰে এক পৰিচিত ব্ৰেণ্ডত পৰিণত কৰা ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

উত্তৰ-পূবৰ মবাইল এপ নিৰ্মাতাৰ বাবে Mobile 10X গুৱাহাটী হেকাথন ২২,২৩ অক্টোবৰত

গণতন্ত্ৰ ৰক্ষাত সংবাদ মাধ্যমৰো দায়িত্ব আছে

প্ৰথম ভাৰতীয় UFC আৰু BJJ বিশ্ব চেম্পিয়ন হ'বলৈ বিচাৰোঁ: নীৰজ বৰা

ৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন উদ্ভাৱক স্বপ্ননীল তালুকদাৰৰ বাবে এলাহেই আছিল উদ্ভাৱনৰ মূল