পেলনীয়া সামগ্ৰীৰে বনোৱা এই বাইকখন কেৰাচিন তেলতো চলে

পেলনীয়া সামগ্ৰীৰে বনোৱা এই বাইকখন কেৰাচিন তেলতো চলে

Wednesday November 23, 2016,

2 min Read

উত্তৰ বিহাৰৰ কাটিহাৰৰ ইজহাৰ আলী বৰ্তমান যথেষ্ট চৰ্চিত । ইজহাৰে এখন তিনিচকীয়া বাহন নিৰ্মাণ কৰিছে যিখন পেট্ৰল আৰু ডিজেলৰ সলনি কেৰাচিন আৰু এল পি জিত চলে । উল্লেখযোগ্য যে তেওঁ এই বাহনখন আবৰ্জনাৰে নিৰ্মাণ কৰিছে । 

Image : Facebook

Image : Facebook


২০০৬ চনত মুক্তি পোৱা অজয় দেৱগণৰ ছবি গোলমাল চোৱাৰ পাছৰেপৰা তেওঁৰ ইচ্ছা আছিল নিজৰ এখন বাইক নিৰ্মাণ কৰাৰ । ছবিখনৰ এনে প্ৰভাৱ তেওঁৰ ওপৰত পৰিল যে তেওঁ তেনে এখন বাইক বনাবলৈ বহু চেষ্টা কৰিছিল । বাইকখন বনাবৰ বাবে তেওঁ বিভিন্ন অদৰকাৰী সামগ্ৰীৰ সন্ধান কৰা আৰম্ভ কৰে । এজন পেলনীয়া সামগ্ৰী বিক্ৰেতাৰপৰা তেওঁ ১৫,০০০ টকা দি এখন পুৰণা য়ামাহা এনটিচাৰ বাইক কিনি আনে আৰু এইখনৰ ওপৰত কাম আৰম্ভ কৰে ।

তেওঁ বাইকখনত এটা অতিৰিক্ত চকা সংযোগ কৰি বাইকখনৰ দৈৰ্ঘ্য বৃদ্ধি কৰে । বাইকখনত এটা নতুন ইন্ধন টেংক সংযোগ কৰি পেট্ৰল, ডিজেল আৰু আনকি কেৰাচিন তেলতো চলাৰ ব্যৱস্থা কৰে । এই ইন্ধন টেংকটোত বৰ্তমান দুটা পৃথক কোঠালি সংযুক্ত হৈ আছে । ইয়াৰে এটাত পেট্ৰল আৰু আনটোত কেৰাচিন বা ডিজেল ভৰাব পাৰি । ৩২০০ টকীয়া এল পি জি কিট এটাও ইয়াত সংলগ্ন কৰা হৈছে যাতে প্ৰদূষণ সৃষ্টি নকৰাকৈ এই বাইকখন চলিব পাৰে ।

ইজহাৰ, তেওঁৰ বন্ধু আৰু পৰিয়ালবৰ্গই ৫০ দিন ধৰি এই বাইখখন বনাইছিল । ইজহাৰৰ মতে এই বাইকখন অত্যন্ত পৰিবেশ অনুকূল আৰু তেওঁৰ এই উদ্ভাৱনক অন্নত কৰিবৰ কাৰণে তেওঁ চৰকাৰৰ সহায় পাব বুলিও আশা কৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

নাৰী শক্তিক পুনৰ প্ৰমাণ কৰি দিল্লীৰ পৰা লণ্ডনলৈ গাড়ী চলাই অভিযান সম্পূৰ্ণ কৰিলে নিধি তিৱাৰী আৰু তেওঁৰ দুই সহযাত্ৰীয়ে

নন্দিনী ফুকনে কলকাতাত আগবঢ়াইছে ডক্টৰ অন কল সেৱা

অনলাইন টিভিৰ ধাৰণাক বাস্তৱ ৰূপ দিয়া এজন ভাৰতীয় : উদয় ৰেড্ডি

অন্তহীন প্ৰেৰণাৰ উৎস -ভাৰতৰ প্ৰথম গৰাকী ব্লেড ৰাণাৰ কিৰণ কণৌজিয়া