সুৰাৰ ৰাগীত পঠোৱা এটা এছএমএছ আৰু বুক মাই শ্ব'ৰ আৰম্ভণী

সুৰাৰ ৰাগীত পঠোৱা এটা এছএমএছ আৰু বুক মাই শ্ব'ৰ আৰম্ভণী

Monday October 03, 2016,

3 min Read

ধুমপান আৰু সুৰা দুটা কাৰক আছিল বুক মাই শ্ব' নামৰ প্ৰতিষ্ঠানটো আৰম্ভ হোৱাৰ আঁৰত । " মই ধুমপান নকৰোঁ । কিন্তু আনে ধুমপান কৰাক লৈ মোৰ সমস্যা নাই কাৰণ মই বিজ্ঞাপনৰ জগতখনত কাম কৰিছিলো আৰু তাত সকলোৱে চাহ আৰু চিগাৰেট খোৱাটো একপ্ৰকাৰ নিয়ম । মই ভাবি পোৱা নাছিলো যে জে ৱল্টাৰ থমছনৰ দৰে প্ৰতিষ্ঠান এটাই কাৰ্যালয়ত ধুমপান কৰাটোক কিয় উৎসাহ দিছিল । তাৰ পাছত মই বুজিলো যে আই টি চি তেওঁলোকৰ আটাইতকৈ ডাঙৰ গ্ৰাহক । মই এইবোৰৰপৰা এটা বিৰতি বিচাৰিছিলো । সেয়েহে মই এটা দিঘলীয়া ছুটী ল'লো ।" বুক মাই শ্ব'ৰ আশীষ হেমৰাজানিয়ে টেকস্পাৰ্কছ ২০১৬ৰ মঞ্চত এইদৰে কয় । 

image


ছুটী লোৱাৰ পাছত তেওঁ দক্ষিণ আফ্ৰিকা আৰু বতছোৱানালৈ অৱসৰ বিনোদনৰ বাবে যায় । এয়া আছিল ৯০ দশকৰ শেষৰ ফালৰ কথা । এই সময়ছোৱাত তেওঁ বিভিন্ন ঠাই ভ্ৰমণ কৰি থকাৰ সময়তে স্থানীয় ৰেডিঅ'ত শুনিলে যে ৰাগবী খেলৰ টিকত অনলাইন বিক্ৰী কৰা হৈছে । তেওঁ ভাবিলে এই ব্যৱস্থা ভাৰতত কেনেকৈ প্ৰৱৰ্তন কৰিব পাৰি ।

এইদৰেই বুক মাই শ্ব'ৰ ধৰণাটো গঢ় লৈ উঠিছিল যদিও এই ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত সুৰাই এটা গুৰুত্বপূ্ৰ্ণ ভূমিকা পালন কৰিছিল । 

এই যাত্ৰাৰ সময়ছোৱাত তেওঁ সুৰা প্ৰস্তুত কৰা এটা স্থানলৈ গৈছিল য'ত ভ্ৰমণকাৰীসকলক বিনামূল্যে সুৰা দিয়া হৈছিল । তাতে টেটুৰ গুৰিলৈকে মদ খাই পুৱতি নিশা নিজৰ ওপৰৱালালৈ এটা মেছেজ কৰিলে আশীষে । এই মেছেজটো কৰোঁতে তেওঁৰ ব্যয় হৈছিল ১৮৬ টকা । এই মেছেজটো যে তেওঁ কৰিলে সেই কথা পিছদিনাহে তেওঁ গম পাইছিল । মেছেজটোত তেওঁ লিখিছিল যে তেওঁ চাকৰি এৰি দিছে । 

এইদৰে সুৰাৰ ৰাগীত চাকৰি এৰি দি পিছদিনা মুম্বাইলৈ ঘুৰি আহি তেওঁ এটা ব্যাৱসায়িক আৰ্হি প্ৰস্তুত কৰিলে আৰু কেইজনমান বিনিয়োগকাৰীৰ সৈতে কথা পাতিলে । ইয়াৰ পাছত তেওঁ ২ কোটি টকাৰ বিনিয়োগ পাবলৈ সক্ষম হ'ল । এয়া আছিল ডট কম ব্যৱসায়ৰ জয়জয়কাৰৰ সময় । 

১৯৯৯ চনত বুক মাই শ্ব' হৈ পৰিল েক অন্যতম সফল কোম্পানী আৰু কেশ্ব অন ডেলিভাৰী আৰম্ভ কৰা এমুঠিমান কোম্পানীৰ অন্যতম । ২০০১ আৰু ২০০২ চনত ডটকম ব্যৱসায়ৰ পতনৰ পাছত ইয়াৰ ১৫০ জনীয়া দলটো হৈ পৰিল ছজনীয়া । ২৫,০০ বৰ্গমিটাৰৰ এটা বিশাল কাৰ্যালয়ৰপৰা প্ৰতিষ্ঠানটো বাণ্ড্ৰাৰ এটা ঘৰলৈ সলনি স্থানান্তৰিত হ'ল ।

"এই সময়ৰপৰাই আমি কল চেন্টাৰ, টিকেটিং ছফটৱেৰ ইত্যাদি কাম আৰম্ভ কৰিলে আৰু পুনৰবাৰ সফলতা আৰু বিকাশৰ দিশে গতি কৰিলো । জটিল সমস্যাৰ এটা সৰল সমাধান আমি বিচাৰি উলিয়াইছিলো ।"

অৱশ্যে এই কাম ইমান সহজ নাছিল । আশীষৰ ভাষাত, এজন নিৰাশাবদীয়ে গিলাছটো আধা খালী বুলি কয় । এজন উদ্যমীয়ে খালী অংশটো স্কচেৰে পুৰণ কৰে যাতে হয় তেওঁ তেওঁৰ যাত্ৰা উপভোগ কৰিব পাৰে অথবা মাতাল হৈ চিন্তামুক্ত হ'ব পাৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

টেকস্পাৰ্কছ ২০১৬ত প্ৰদৰ্শিত কেইটামান ষ্টাৰ্টআপ

বাইকত সমাজসেৱা এঞ্জেলছ ৰাইডাৰ্ছ গ্ৰুপৰ

মদ আৰু ড্ৰাগছৰ কৱলৰপৰা ওলাই অহা নিলপৰ্ণা আজি সফল বডি বিল্ডাৰ

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in