প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন: বিনায়ক শাণ্ডিল্যৰ sondhan.in

Friday May 20, 2016,

2 min Read

অসমীয়া ভাষাক বিশ্ব সভালৈ নিয়াৰ সপোন দেখিছিল জ্যোতিপ্ৰসাদে । তেতিয়া ইন্টাৰনেট নাছিল । আজিৰ ইন্টাৰনেটে আৱৰি ৰখা ডিজিটেল বিশ্বত বিশ্বসভালৈ যোৱাটো বৰ এটা টান কথা নহয় । তথাপি কিন্তু এই ডিজিটেল বিশ্বখনত অসমীয়া ভাষাৰ উপস্থিতি আজিও তেনেই দুখলগা । এই কথাই আমনি নিদিয়াকৈ নাথাকে বহুতকে । আমনি দিছিল বিনায়ক শাণ্ডিল্যকো। অসমীয়াৰ জাতীয় গৌৰৱ আৰু উদ্যমিতা এই দুয়োটা কথাই অহৰহ আগবাঢ়িবলৈ উদ্বুদ্ধ কৰি ৰখা ১৮ বছৰীয়া বিনায়কে লৈ আহিছে প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন সন্ধান ডট ইন । 

image


উদ্যমিতাৰ পৃথিৱীখনত নতুন নহয় বিনায়ক । ১৪ বছৰ বয়সতে তেওঁ আৰম্ভ কৰিছিল প্ৰথমটো অসমীয়া ছ'চিয়েল মিডিয়া ৱেবছাইট । সেই কামত সফলতাৰ মূখ নেদেখিলেও ই তেওঁক দিলে বহু গুৰুত্বপূ্ৰ্ণ পাঠ । ইয়াৰ পাছত অহৰহ ইটোৰ পাছত সিটো নিজা প্ৰকল্পত কাম কৰি গৈছে বিনায়কে আৰু তেওঁৰ শেহতীয়া প্ৰকল্প sondhan.in

'উদ্যমিতা এক নিচাৰ নিচিনা । আপুনি এৰিব খুজিলেও ই আপোনাক নেৰে ।' অতি সহজ আৰু সপ্ৰতিভভাৱে কৈ গ'ল বিনায়কে । 

image


উদ্যমিতাৰ পৃথিৱীত প্ৰথম খোজ 

অতি কম বয়সৰেপৰা তথ্য প্ৰযুক্তিৰ সৈতে খেলা কৰা বিনায়কে নিজৰ ১৪তম জন্মদিনৰ আগতেই বুক কৰিছিল নিজৰ প্ৰথমটো ডমেইন- PlanetAwake.com আৰু ইয়াক গঢ় দিছিল আঠটা আঞ্চলিক ভাষাৰ এক ছচিয়েল মিডিয়া ৱেবছাইটৰূপে । নিজৰ ঘৰতে ছাৰ্ভাৰ স্থাপন কৰি পৰিচালনা কৰা এই ছচিয়েল মিডিয়া ছাইটত বিভিন্ন সমস্যা থকা সত্বেও প্ৰায় ৫০০ লোকে ৰেজিষ্টাৰ কৰিছিল । 'কিন্তু ই সফল নহ'ল । এই বিফলতাই কিন্তু মোক বহু কথা শিকালে ।' বিনায়কে কয় । এই সময়ছোৱাত বিভিন্ন কাৰিকৰী সমস্যাৰ উপৰিও প্ৰকল্পটো সম্পৰ্কে মানুহক পতিয়ন নিওৱাকলৈও সমস্যাৰ সম্মূখীন হৈছিল বিনায়ক ।

PlanetAwake ৰ পৰা sondhan.in লৈ

প্লেনেট এৱেকৰ অভিজ্ঞতাক সাৰথি কৰি এইবাৰ বিনায়কে লৈ আহিছে প্ৰথমটো অসমীয়া ছাৰ্চ ইঞ্জিন সন্ধান ডট ইন । অকল অসমীয়াই নহয় আৰু কেইবাটাও ভাৰতীয় ভাষাত ছাৰ্চ ৰিজাল্ট উপলব্ধ কৰাবপৰাকৈ প্ৰস্তুত কৰা হৈছে ছাৰ্চ ইঞ্জিনটো । ব্যৱহাৰকাৰীৰ সুবিধাৰ বাবে ইয়াত সন্নিবিষ্ট হৈছে ইণ্ডিক কী ব'ৰ্ড। 

image


নিজৰ প্ৰকল্পক লৈ যথেষ্ট উৎসাহী বিনায়ক । বিনায়কৰ পিতৃ-মাতৃ দুয়োৰে সমৰ্থন আৰু উৎসাহৰ কথাও উল্লেখ কৰিলে বিনায়কে । অতি শীঘ্ৰেই এডিনবাৰ্গ বিশ্ববিদ্যালয়লৈ উচ্চ শিক্ষাৰ বাবে যাবলৈ প্ৰস্তুত হোৱা বিনায়কে নিজৰ প্ৰকল্পসমূহত কাম চলাই যাব বিদেশৰপৰাই । বিনায়কৰ আন এক উল্লেখযোগ্য প্ৰকল্প হ'ল অচিৰেই মুকলি হ'ব লগীয়া অসমীয়া গ্ৰন্ঠ প্ৰকাশ আৰু বিক্ৰীৰ এক ডিজিটেল প্লেটফৰ্ম bhoral.com । উল্লেখযোগ্য যে এই প্ৰকল্পই ইতিমধ্য yokart ৰ Top 15 Startups ত স্থান পাইছে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী  

ডিব্ৰুগড়ৰপৰা দিছপুৰলৈ: সৰ্বানন্দ সোণোৱালৰ যাত্ৰা

'আৰোহন ফুডচ'ৰ সফল যাত্ৰাই অনুপ্ৰাণিত কৰিছে অসমৰ নৱ প্ৰজন্মৰ উদ্যোগীক

দিল্লীৰ পথৰ দাঁতিত চাহ বিক্ৰী কৰা লক্ষ্মণ ৰাও এজন প্ৰসিদ্ধ সাহিত্যিক