উদ্যমিতা সময়ৰ আহ্বান: বি পল মুক্তি, নেডফি অধ্যক্ষ তথা পৰিচালন সঞ্চালক

উদ্যমিতা সময়ৰ আহ্বান: বি পল মুক্তি, নেডফি অধ্যক্ষ তথা পৰিচালন সঞ্চালক

Friday March 10, 2017,

2 min Read

"উদ্যমিতা হৈছে সময়ৰ আহ্বান । কিয়নো আমি বৰ্দ্ধিত নিবনুৱা সমস্যাই ভাৰাক্ৰান্ত কৰা সময়ত বাস কৰিছো ।" তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগে আয়োজন কৰা সম্পৰ্ক-২০১৭ অনুস্থানত উদ্বোধনী অনুস্থানত নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বি পল মুক্তিয়ে এই মন্তব্য কৰে । তেওঁ উদীয়মান উদ্যমীসকলকৰ বাবে নেডফিয়ে আগবঢ়োৱা সহায়ৰ বিষয়ে বহলাই কয় । উদীয়মান উদ্যমীক পৰামৰ্শ প্ৰদানৰ লগতে ১ কোটি টকা পৰ্যন্ত ঋণো কম সুতত প্ৰদান কৰে নেডফিয়ে । শেহতীয়াকৈ ড'নাৰ মন্ত্ৰালয়ৰ সহযোগত ১০০ কোটি টকাৰ এটা ভেন্সাৰ ফাণ্ডো আৰম্ভ কৰিছে নেডফিয়ে । এই ফাণ্ডৰ ৪৫ কোটি টকা ডনাৰ মন্ত্ৰালয় আৰু ৩০ কোটি টকা নেডফিয়ে যোগান ধৰাৰ উপৰিও ২৫ কোটি টকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে যোগন ধৰিব । উত্তৰ পূৰ্বাঞ্চলত ষ্টাৰ্টআপ ব্যৱসায় সমূহক উগগণি যোগোৱাৰ প্ৰতি নেডফিৰ দায়বদ্ধতাৰ বিষয়ে জনায় মুক্তিয়ে । উল্লেখযোগ্য যে সম্পৰ্ক-২০১৭ অনুস্থানৰ আয়োজনত তেজপুৰ বিশ্ববিদ্যালয়ৰ সৈতে নেডফি আৰু ডনাৰ মন্ত্ৰালয়ো জড়িত আছিল আৰু এই অনুস্থানৰ ডিজিটেল মিডিয়া পাৰ্টনাৰ আছিল য়'ৰ ষ্ট'ৰী অসমীয়া । 

image


মুক্তিয়ে কয় যে একোটা ব্যৱসায়ৰ পুঁজি যোগানৰ ক্ষেত্ৰত বেংক আৰু অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে প্ৰকল্প প্ৰতিবেদনৰ লগতে উদ্যমীজনৰ উদ্যমিতাৰ গুণ সমূহৰ ওপৰতো গুৰুত্ব দিয়ে । সাংগঠনিক দক্ষতা, ধৈৰ্য আৰু সাহসী সিদ্ধান্ত ল'ব পৰা ক্ষমতা এজন উদ্যমীৰ বাবে অতি দৰকাৰী । লগতে একোটা প্ৰকল্প অৰ্থনৈতিকভাৱে লাভজনক হোৱাতোৰ ওপৰতো তেওঁ গুৰুত্ব দিব লাগে বুলি তেওঁ মন্তব্য কৰে । 

ষ্টাৰ্টআপ ইণ্ডিয়া, মেক ইন ইণ্ডিয়াৰ দৰে আঁচনিৰ যোগেদি চৰকাৰে উদ্যমিতাক উদগণি যোগাবলৈ লোোৱা পদক্ষেপ সমূহৰ বিষয়ে ব্যাখ্যা কৰাৰ লগতে উত্তৰ পূবৰ বিভিন্ন সংগঠনে উদ্যমিতাৰ পৰিবেশ আৰু ব্যৱসায় কৰাৰ পৰিবেশ সুচল কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ কথা উল্লেখ কৰে । এক্ট ইষ্ট আঁচনিয়ে উত্তৰ পূবৰ ব্যৱসায়ীসকলৰ বাবে চুবুৰীয়া ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে ব্যৱসায় কৰাৰ ক্ষেত্ৰত মুকলি কৰিব পাৰ সম্ভাৱনা সম্পৰ্কেও তেওঁ কয় । 

উদ্যমিতাৰ ওপৰত গুৰুত্ব দি শিক্ষা ব্যৱস্থাৰ উন্নয়নৰ ওপৰতো তেওঁ গুৰুত্ব দিয়ে । ছাত্ৰ-ছাত্ৰীক উদ্যমিতাৰ ক্ষেত্ৰত উৎসাহী কৰি তুলিবলৈ প্ৰতিটো শৈক্ষিক প্ৰতিষ্ঠানতে একোটাকৈ উদ্যোগশীলতা বিকাশ কেন্দ্ৰ স্থাপনৰ ওপৰত গুৰুত্ব দিয়ে মুক্তিয়ে । উদ্যোগশীলতা সংঘ স্থাপনৰ বাবে তেজপুৰ বিশ্ববিদ্যালয়ে লোৱা প্ৰস্তাবৰ বাবেও তেওঁ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লয় ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

ৰামযশ কলেজ, সংবিধান আৰু আমাৰ গণতন্ত্ৰ

'উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱাতকৈ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য নিজা নামেৰে জনাজাত হওক': ড০ জিতেন্দ্ৰ সিং