তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

Tuesday March 07, 2017,

3 min Read

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত ৩ আৰু ৪ মাৰ্চত অনুস্থিত হ'ল 'সম্পৰ্ক-২০১৭' । এই সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো শৈক্ষিক প্ৰতিস্থানৰ ছাত্ৰ-ছাত্ৰীয়ে দেশৰ বিভিন্ন প্ৰান্তৰৰ উদ্যমী, বিশেষজ্ঞ আৰু চৰকাৰী-বেচৰকাৰী বিত্তীয় প্ৰতিস্থান আদিৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰাৰ লগতে তেওঁলোকৰ পৰা বহু মূল্যবান পৰামৰ্শ লাভ কৰিবলৈ সক্ষম হয় । 

বিশ্ববিদ্যালয় খনৰ বিজনেছ এডমিনিষ্ট্ৰেচন বিভাগে একেৰাহে ষষ্ঠদশ বাৰৰ বাবে আয়োজন কৰিলে এই বাৰ্ষিক অনুস্থানৰ ।জীৱিকা প্ৰত্যাশী সৃষ্টিৰ সলনি জীৱিকা সৃষ্টিত অগ্ৰাধিকাৰ দিয়াটো আছিল এই অনুস্থানৰ লক্ষ্য । এইবাৰৰ অনুস্থান সহ-আয়োজক হিচাপে আছিল ড'নাৰ মন্ত্ৰালয় আৰু নেডফি । আনহাতে য়'ৰ ষ্ট'ৰী অসমীয়া এই অনুস্থানৰ ডিজিটেল মীডিয়া পাৰ্টনাৰ হিচাপে জড়িত আছিল । 

image


অনুস্থান মুকলি কৰা হয় বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত । ইয়াত উপস্থিত থাকে ড'নাৰ মন্ত্ৰালয়ৰ সচিব নৱীন ৱৰ্মা, নেডফিৰ অধ্যক্ষ পল বি মুক্তি , বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য মিহিৰ কান্তি চৌধুৰী, নেছকম ১০০০ ষ্টাৰ্টআপছৰ ৰৱি ৰঞ্জন, ট্ৰেভেল য়াৰীৰ প্ৰতিস্থাপক অৰৱিন্দ লামা, এছ আৰ ডি গ্ৰুপৰ সঞ্চালক সম্ৰাট ডেকা, এভিনিউজ আণ্ডাৰ ২০ৰ প্ৰতিস্থাপক মাৰ্ক লাইটফ্লাং ষ্ট'ন, ষ্টাৰ্টআপৰ বাবে আইনী সাহাৰ্যৰ প্ৰতিষ্ঠান 'দিৱাকৰ এণ্ড ৰঞ্জন'ৰ প্ৰতিস্থাতা শিৱ শ্ৰীনিৱাসন আৰু আদিত্য দিৱাকৰ, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ মূখ্য মহা প্ৰৱন্ধক পি ভি এছ এল এন মুৰ্তি, আইডিবিআইৰ আঞ্চলিক প্ৰমূখ উগেন টাশ্বি, নাবাৰ্ডৰ মহাপ্ৰৱন্ধক এছ এছ সাহা, মণিপুৰ বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ই বিয়জকুমাৰ সিং, তেজপুৰৰ আগশাৰীৰ উদ্যোগী অ পি বাগাৰিয়া, গ্ৰাম্য অৰ্থনীতিলৈ বৈপ্লৱিক পৰিৱৰ্তন অনা মনোজ বসুমতাৰী, ভৱিষ্য লাৰ্ণিং ইণ্ডিয়াৰ প্ৰতিস্থাতা সৌমেন দাস, প্ৰত্যক্ষ এগ্ৰটেকৰ প্ৰত্সথাপক সুপ্ৰতীম ৰয়চৌধুৰী, ফ্ৰেছএয়াৰৰ প্ৰতিস্থাপক পাৰ্থ পাঠক, তেজপুৰ বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেনেজমেন্ট ছায়েন্সেজৰ কলাগুৰু অধ্যাপক চন্দনা গোস্বামী, ব্যৱসায় পৰিচালনা বিভাগৰ মুৰব্বী অধ্যাপক পাপৰি বৰুৱা, সম্পৰ্ক-২০১৭ৰ ফেকাল্টী ক'-অৰ্ডিনেটৰ তথা ব্যৱসায় পৰিচালনা বিভাগৰ অধ্যাপক শুভ্ৰাংশু শেখৰ চৰকাৰকে ধৰি বহুকেইজন সন্মানীয় ব্যক্তি উপস্থিত থাকে । 

image


অনুস্থান উপলক্ষে এখন স্মৰণিকাও উন্মোচন কৰা হয় ।

image


দিনজোৰা অনুস্থানত কেইবাটাও সত্ৰ অনুস্থিত হয় যত উদ্যমিতা আৰু ষ্টাৰ্টআপ সম্পৰ্কীয় কেইবাটাও বিষয়ৰ এপৰত গুৰুত্বপূৰ্ণ আলোচনা আৰু মত বিনিময় কৰা হয় । ইয়াৰ উপৰিও কেইবাজনো উদ্যমীয়ে তেওঁলোকৰ সফলতা আৰু সংঘাটৰ কাহিনী ব্যক্ত কৰে । নিশা আয়োজিত ব্যাৱসায়িক নৈশ আহাৰত বিভিন্ন উদ্যমী আৰু ছাত্ৰ-ছাত্ৰীয়ে মত-বিনিময় কৰাৰ সুযোগ লাভ কৰে । 

image


এই অনুস্থানৰ লগত সঙ্গতি ৰাখি ২ মাৰ্চত আয়োজন কৰা হৈছিল পায়নিয়াৰিং বিজনেছ প্লেন শীৰ্ষক প্ৰতিযোগিতা । এই প্ৰতিযোগিতাত তেজপুৰ বিশ্ববিদ্যালয়ে প্ৰথম, যুটীয়াভাৱে ডন বস্ক' বিশ্ববিদ্যালয় আৰু মঙ্গলদৈ বিশ্ববিদ্যালয়ে ২য় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ে তৃতীয় স্থান লাভ কৰে । বিজয়ীসকলক ৩ মাৰ্চত আয়োজিত অনুস্থানত পুৰস্কৃত কৰা হয় । 

image


৪ মাৰ্চৰ দিনা এলানি কৰ্মশালাৰ আয়োজন কৰা হয় যত ৰাজ্য আৰু দেশৰ কেইবাজনো আগশাৰীৰ সমল ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন বিষয়ৰ ওপৰত প্ৰশিক্ষণ দিয়ে । 

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী

ৰামযশ কলেজ, সংবিধান আৰু আমাৰ গণতন্ত্ৰ

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ

চাকৰি এৰি উদ্যমী গুণজিত ব্ৰহ্মই IIMৰ শিক্ষা কামত লগাইছে কৃষকৰ জীৱন উন্নত কৰাত