'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

Sunday March 12, 2017,

3 min Read

"প্ৰতি বছৰে চৰকাৰে উত্তৰ পূৰ্বাঞ্চলৰ নামতে প্ৰায় ৪৪,০০০ কোটি টকা ব্যয় কৰে । খাদ্য সংশ্লেষণৰ অধীনত বিভিন্ন উদ্যোগৰ বাবে বিশেষ অনুদানৰ ব্যৱস্থা থকাৰ লগতে উদ্যোগৰ বাবে বিভিন্ন পুঁজিৰ ব্যৱস্থা আছে । অথচ এই সুবিধাবোৰ লবলৈ আগবাঢ়ি অহা লোকৰ সংখ্যা তেনেই কম ।" তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগে আয়োজন কৰা সম্পৰ্ক-২০১৭ অনুস্থানত এইদৰে কয় ডনাৰ মন্ত্ৰালয়ৰ সচিব নবীন ৱৰ্মাই এইদৰে মন্তব্য কৰে । অঞ্চলটোত উদ্যমিতাৰ বাবে অনুকূল এটা পৰিবেশ গঢ়াৰ বাবে বহুতো কৰণীয় আছে বুলি তেওঁ মন্তব্য কৰে । অঞ্চলটোত উপলব্ধ বাঁহৰ উদাহৰণ দি তেওঁ কয় যে খৰিছাৰ দৰে সামগ্ৰী জাপানত ভীষণ ভাৱে জনপ্ৰিয়, সেইদৰে বাঁহৰ টাইলছ আদিৰো ব্যাপক জনপ্ৰিয়তা আছে । সেইদৰে অঞ্চলটোত উপলব্ধ সা-সামগ্ৰীৰে বাহিৰৰ বজাৰ দখল কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ।

image


শিক্ষা জগত, উদ্যোগ আৰু চৰকাৰৰ মাজৰ দূৰত্ব নাইকীয়া কৰাৰ ক্ষেত্ৰত সম্পৰ্কৰ দৰে অনুস্থানে পালন কৰা দায়িত্বৰ ওপৰত ৱাৰ্মাই গুৰুত্ব দিয়ে । এই ধৰণৰ অনুস্থানে উঠি অহা প্ৰজন্মক উদ্যমিতাৰ প্ৰতি আকৰ্ষিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি তেওঁ কয় । তেওঁ কয় যে সমাজত দুই ধৰণৰ মানুহ আছে । যি সাহসী সিদ্ধান্ত লয় আৰু যি সাহসী সিদ্ধান্ত ল'বলৈ ভয় কৰে । সাহসী সিদ্ধান্ত ল'ব পৰা সকলে যিকোনো সুযোগৰ সদব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব দিয়ে আৰু আগবাঢ়ি যায় । আনসকলে নিৰাপদ জীৱিকা বিচাৰি কাম কৰে । 

উদ্যোগীসকলে গুৰুত্ব দিব লগীয়া তিনিটা কথাৰ ওপৰত তেওঁ গুৰুত্ব দিয়ে । প্ৰথম- যিকোনো সামগ্ৰীৰ বাবে শ্ৰেষ্ঠ আৰ্হি প্ৰস্তুতকৰণ । "আমি যি সামগ্ৰী প্ৰস্তুত কৰোঁ তাক আমি বিক্ৰী কৰোঁ কিন্তু আমি যি সামগ্ৰী বিক্ৰী কৰিবলৈ সহজ সেই সামগ্ৰী প্ৰস্তুত নকৰোঁ ।" তেওঁ কয় । উত্তৰ-পূৰ্বাঞ্চলৰ উদ্যোগীসকলে এি কথাত গুৰুত্ব দিব লাগে বুলি তেওঁ মন্তব্য কৰে । দ্বিতীয়তে একোটা সামগ্ৰীৰ ব্ৰেণ্ডিং কৰি তাক বজাৰলৈ লৈ যোৱাটোৰ ওপৰত গুৰুত্ব দিবলৈও তেওঁ আহ্বান জনায় । তৃতীয়তে প্ৰতিযোগিতাৰ মাজত সফল হোৱাৰ লক্ষ্য সদায় এজন উদ্যমীৰ থাকিব লাগে বুলি তেওঁ মন্তব্য কৰে ।

আনহাতে উত্তৰ পূৰ্বাঞ্চল ভাৰতৰ মূল ভূ-খণঅডৰ পৰা দূৰত বুলি থকা মনোভাৱ মনৰ পৰা আঁতৰাই পেলাব লাগে বুলি তেওং কয় । বৰঞ্চ প্ৰকৃতিকভাৱে আৰু ভৌগোলিকভাৱে এক অত্যন্ত সুবিধাজনক স্থানত উত্তৰ পূৰ্বাঞ্চল অৱস্থিত হোৱাৰ কথা তেওঁ দোহাৰে আৰু ইয়াৰ সুবিধা লৈ অঞ্চলটোক দেশৰ অৰ্থনীতিৰ এক প্ৰাণকেন্দ্ৰৰূপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব দিয়ে ।

উল্লেখযোগ্য যে সম্পৰ্ক-২০১৭ অনুস্থানৰ সহ আয়োজক হিচাপে নেডফি আৰু ডনাৰ মন্ত্ৰালয়ে সহযোগ আগবঢ়াইছিল । এই অনুস্থানত ডিজিটেল মিডিয়া পাৰ্টনাৰ হিচাপে জড়িত আছিল য়'ৰ ষ্ট'ৰী অসমীয়া ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী  

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭

উদ্যমিতা সময়ৰ আহ্বান: বি পল মুক্তি, নেডফি অধ্যক্ষ তথা পৰিচালন সঞ্চালক

'উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱাতকৈ উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য নিজা নামেৰে জনাজাত হওক': ড০ জিতেন্দ্ৰ সিং

বিৰক্তি আৰু খঙৰ সৈতে মোকাবিলা কৰাৰ ৯টা কিটিপ