সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

Monday March 20, 2017,

2 min Read

"উদ্যমিতা নিৰ্ভৰ কৰে সঠিক সিদ্ধান্তৰ ওপৰত । যদি আপুনি নিজে বিচৰা কামটো কৰাৰ দুৰ্বাৰ হেঁপাহতকৈ সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়ে তেনেহলে কেতিয়াও আপুনি এজন ভাল উদ্যমী হ'ব নোৱাৰিব ।" তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ব্যৱসায় পৰিচালনা বিভাগে আয়োজন কৰা সম্পৰ্ক-২০১৭ অনুস্থানত যোগদান কৰি এইদৰে মন্তব্য কৰে এভিনিউজ আণ্ডাৰ টুৱেন্টিজৰ প্ৰতিস্থাতা মাৰ্ক লাইটফ্লাং ষ্ট'নে । 

image


উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ বহু যুৱক-যুৱতীক পেছাদাৰী প্ৰশিক্ষণৰ লগতে দক্ষতা বিকাশৰ সুযোগ দিয়া এভিনিউজৰ প্ৰতিস্থাতা মাৰ্ক এজন উগদনিমূলক বক্তাও । তেওঁ কয় যে ব্যৱসায় জগতত সফল হবলৈ হ'লে অপৰিসীম সাহস, দুৰ্বাৰ ইচ্ছা আৰু ধৈৰ্যৰ দৰকাৰ । কষ্ট আৰু কামৰ মজেদি আহৰণ কৰা জ্ঞানৰ এক ওপৰঞ্চি লাভ হৈছে ধন । লক্ষ্যপ্ৰাপ্তি সোনকালে নহ'ব পাৰে। সেয়েহে এজন উদ্যমী ধৈৰ্যশীল হব লাগিব আৰু তেওঁ অহৰহ নিজৰ লক্ষ্যপ্ৰাপ্তিৰ দিশত কাম কৰি যাব লাগিব । আপুনি বাৰে বাৰে বিফল হ'ব পাৰে কিন্তু আপুনি পুনৰ ঠিয় দি বিফলতাক গ্ৰহণ কৰিবলৈ শিকিব লাগিব । উদ্যমিতাৰ যাত্ৰা আৰম্ভ কৰাৰ কোনো সঠিক সয়য় নাই । যদি আপুনি সঠিক সময়ৰ বাবে ৰৈ থাকে তেনেহলে কিছুমান সুবিধা আপুনি হেৰুৱাব । গতিকে এতিয়াই পদক্ষেপ লওক । অপুনি সফল হবৰ বাবে আপুনি নিজৰ গ্ৰাহক সকলক দিয়া প্ৰতিশ্ৰুতিৰ প্ৰতি সজাগ হৈ থাকক । মাৰ্ক ষ্ট'নে উত্তৰ পূবৰ ব্যাপক সম্ভাৱনীয়াতাৰ বিষয়ে ব্যখ্যা কৰি কয় যে এই অঞ্চলটোৰ সীমান্তত থকা কেইবাখনো দেশৰ সৈতে অঞ্চলটোৰ বিভিন্ন ভাষা, সংস্কৃতি আৰু খাদ্যাভ্যাষৰ মিল আছে আৰু সেই বাবেই এই অঞ্চলটোৰ বাবে ই বহুতো সুযোগ মুকলি কৰি দিব পাৰে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

এক্ট ইষ্ট নীতিয়ে সলনি কৰিব উত্তৰ-পূবৰ ছবি: অধ্যাপক ই বিজয় কুমাৰ 

'প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাতকৈ বিক্ৰী হোৱা সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব দিব লাগে': ড'নাৰ সচিব নৱীন ৱৰ্মা

তেজপুৰ বিশ্ববিদ্যালয় চৌহদত উদ্যমিতাৰ সাধনাৰে সম্পৰ্ক-২০১৭