উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

উঃ পূবৰ ষ্টাৰ্টআপৰ অসুবিধালৈ লক্ষ্য ৰাখিয়েই নেডফি ভেঞ্চাৰ ফাণ্ড: বি পল মুক্তি, চি এম ডি, নেডফি

Tuesday March 21, 2017,

8 min Read

উত্তৰ পূব উন্নয়ন বিত্তীয় নিগম অৰ্থাৎ নেডফিয়ে বিগত কেইবাটাও দশক ধৰি উত্তৰ-পূবৰ উন্নয়নৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । নেডফিয়ে উত্তৰ পূবৰ ষ্টাৰ্টআপ ক্ষেত্ৰখনৰ বাবে ডনাৰ মন্ত্ৰালয়ৰ সৈতে লগ লাগি ১০০ কোটি টকাৰ এক ভেঞ্চাৰ ফাণ্ডো ইতিমধ্যে আৰম্ভ কৰিছে । এই ফাণ্ডৰ ৪৫ কোটি টকা ডনাৰ মন্ত্ৰালয় আৰু ৩০ কোটি টকা নেডফিয়ে যোগান ধৰাৰ উপৰিও ২৫ কোটি টকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানে যোগন ধৰিব । উত্তৰ পূৰ্বাঞ্চলত ষ্টাৰ্টআপ ব্যৱসায় সমূহক উগগণি যোগোৱাৰ প্ৰতি নেডফিৰ দায়বদ্ধতাৰ বিষয়ে জনায় মুক্তিয়ে । উত্তৰ পূবৰ ঔদ্যোগিক আৰু অৰ্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত নেডফিৰ ভূমিকা তথা অঞ্চলটোৰ ভৱিষ্যৎ ইত্যাদি বিভিন্ন বিষয়ত নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বি পল মুক্তিৰ সৈতে য়'ৰ ষ্ট'ৰী অসমীয়াৰ এক আচুতীয়া সাক্ষাৎকাৰ ।

image


য়'ৰ ষ্ট'ৰী অসমীয়াঃ উত্তৰ পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে নেডফিৰ হাতত কি কাৰ্যপন্ঠা হাতত আছে ?

বি পল মুক্তিঃ নেডফিৰ লক্ষ্য হৈছে উত্তৰ-পূবত উদ্যমিতাক উদগণি যোগোৱা । এই ক্ষেত্ৰত আমি বিত্তীয় তথা অনা বিত্তীয় সহযোগিতা আগবঢ়াওঁ । বিত্তীয় সহাৰ্যৰ ক্ষেত্ৰত অন্যতম হৈছে অতি কম ( ৮ শতাংশ) সুতত ঋণ প্ৰদান কৰা । আনহাতে অনা বিত্তীয় সাহাৰ্যৰ অন্যতম হৈছে আমাৰ বিজনেছ ফেচিলিটেচন চেন্টাৰ সমূহ য'ত একোজন ন উদ্যমীক প্ৰয়োজনীয় পৰামৰ্শ আৰু দিক নিৰ্দেশনা আদি প্ৰদান কৰা হয় । ইয়াৰ লগতে আমি তেওঁলোকক প্ৰকল্প প্ৰতিবেদন প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সহায় কৰোঁ আৰু বিভিন্ন শিক্ষামূলক ভ্ৰমণ বা প্ৰশিক্ষণৰ সুবিধা দিও । বিশেষকৈ নতুন উদ্যোগ সমূহৰ ক্ষেত্ৰত নেডফিয়ে উদ্যমীসকলক গুৰুত্বপূৰ্ণ দিক নিৰ্দেশনা দিয়ে যিবোৰ ক্ষেত্ৰত উদ্যমীসকল প্ৰায়ে দিগদৰ্শনৰ অভাৱত ভূগিব লগীয়া হয় । ইয়াৰ উপৰিও আমি উত্তৰ পূবৰ উদ্যমিতা ক্ষেত্ৰখনৰ সন্দৰ্ভত বিভিন্ন প্ৰতিবেদন প্ৰস্তুত কৰোঁ । এই প্ৰতিবেদন সমূহ বিভিন্ন তথ্য আৰু ৰাজ্য চৰকাৰ, উত্তৰ পূব পৰিষদ, ডনাৰ মন্ত্ৰালয়ৰ অনুৰোধ তথা পৰামৰ্শৰ ভিত্তিত প্ৰস্তুত কৰা হয় । ইয়াৰ বাবে আমাৰ এক বিশেষ পুঁজিৰ ব্যৱস্থা আছে । এই প্ৰতিবেদনবোৰে অঞ্চলটোৰ উদ্যমিতাৰ ক্ষেত্ৰখনক বুজাত সহায় কৰাৰ লগতে বিভিন্ন সম্ভাৱনীয়তাৰ বিষয়েও জনাত সহায় কৰে । আনহাতে উত্তৰ পূৰ্বাঞ্চলৰ উদ্যমীসকলে মূখামূখি হোৱা এটা অন্যতম সমস্যা হৈছে পুঁজিৰ অভাৱ আৰু এই কথালৈ চকু ৰাখিয়েই আমি নেডফি ভেঞ্চাৰ ফাণ্ড প্ৰতিস্থা কৰিছো । ইয়াৰ দ্বাৰা ষ্টাৰ্টআপ ক্ষেত্ৰখন উপকৃত হ'ব বুলি আমি আশা কৰিছো । আপুনি লক্ষ্য কৰিলে দেখিব যে এই অঞ্চলটোৰ ষ্টাৰ্টআপৰ কাৰণে ভেঞ্চাৰ কেপিটেলিষ্ট সহায় কৰিবলৈ আগবাঢ়ি অহাৰ সম্ভাৱনা তেনেই ক্ষীণ । সেই কাৰণেই আমি বিবেচনা কৰিলো যে এই ক্ষেত্ৰত এটা সুকীয়া পুঁজিৰ খুব দৰকাৰ । উদ্যমী সকলৰ বাবে এই কামবোৰ কৰাৰ বিপৰীতে আমি উন্নয়নৰ দিশত কাম কৰাৰ বাবে এটা সংস্থা প্ৰতিষ্ঠা কৰিছো । সেইটো হৈছে নৰ্থ ইষ্ট ইনিচিয়েটিভ । ইয়াৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কাজ হাতত লও । উদাহৰণ স্বৰূপে শেহতীয়াকৈ আমি এটা সমাৰোহৰ জৰিয়তে বয়ন শিল্পী সকলৰ সৈতে অনলাইন বিক্ৰেতাসকলৰ এক মত বিনিময় অনুষ্ঠান আয়োজন কৰিছিলো যাতে থলুৱা এই শিল্পী সকলে আধুনিক অনলাইন বজাৰখনৰ প্ৰয়োজন সমূহ বুজি পায় আৰু সেই মতে নিজৰ সামগ্ৰী সমূহৰ এক মান নিৰ্ধাৰণ আৰু পেকেজিঙ কৰিবলৈ সুবিধা পায় । এই হস্ত শিল্পী আৰু বয়ন শিল্পী সকলৰ সা-সামগ্ৰীৰ বাবে দেশজুৰি এখন বজাৰ দিয়াৰ বাবেও আমি চেষ্টা কৰোঁ । তেওঁলোকক দেশৰ বিভিন্ন অঞ্চলৰ বাণিজ্য মেলা আদিৰ লগতে অন্যান্য ব্যাৱসায়িক অনুষ্ঠান আদিত যোগদানৰ জৰিয়তে অভিজ্ঞতা আৰু বজাৰ সম্পৰসাৰণৰ সুযোগ আমি দিও । 

য়'ৰ ষ্ট'ৰী অসমীয়াঃ অসম তথা উত্তৰ পূবৰ উদ্যমিতাৰ ক্ষেত্ৰখন বিশেষকৈ চালুকীয়া অৱস্থাত থকা ষ্টাৰ্টআপৰ ক্ষেত্ৰখন শেহতীয়া স্থিতি সম্পৰ্কে আপোনাৰ মতামত কি ? 

বি পল মুক্তিঃ প্ৰথমে আমি ষ্টাৰ্টআপৰ পৰিবেশ গঢ়ি তুলিব লাগিব । ইয়াৰ বাবে আৰ্থিক সহায় যেনে ঋণ, অনুদান ইত্যাদি বিভিন্ন ধৰণৰ পুঁজিৰ ব্যৱস্থা কৰাৰ লগতে অনা আৰ্থিক যেনে ইনকিউবেছনৰ সুবিধা, এক্সিলাৰেটৰ, মেন্টৰ অৰ্থাৎ দিক নিৰ্দেশক আদি বিভিন্ন সা-সুবিধা তেওঁলোকক দিব লাগিব । সেইদৰে চৰকাৰৰ তৰফৰ পৰাও ষ্টাৰ্টআপ ক্ষেত্ৰখনৰ প্ৰতি সংবেদনশীল নীতি গ্ৰহণ কৰাৰ প্ৰয়োজন আছে । ইজ অৱ ডুয়িং বিজনেছ অৰ্থাৎ ব্যৱসায় সুচলতা আমাৰ অঞ্চলটোতেই আটাইতকৈ কম । আমাৰ ইয়াত প্ৰকৃতাৰ্থত কোনো চিংগল উইণ্ড ব্যৱস্থা নাই । আৰু সকলো কামেই আমাৰ ইয়াত অতিমাত্ৰা দিঘলীয়া সময় লয় । বিদ্যুতৰ সংযোগ লোৱা, পঞ্জীয়ন কৰা আদি সকলো কামতে যিমান সময় লাগে ষ্টাৰ্টআপ সমূহৰ হাতত ইমান সময় নাথাকে । গতিকে এই ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিয়া দৰকাৰ । লগতে ভাল বিশ্ববিদ্যালয়ৰ দৰকাৰ যিয়ে ইনকিউবেচন আৰু কাৰিকৰী বিশেষজ্ঞৰ প্ৰয়োজন পুৰাব পাৰে । সৌভাগ্যক্ৰমে আমাৰ ইয়াত আই আই টিৰ দৰে প্ৰতিষ্ঠান আছে । অন্যান্য বিশ্ববিদ্যালয়বোৰেও এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে । পুঁজিয়েই মূল কথা নহয় । আনহাতে আমি গুজৰাট ভেঞ্চাৰৰ দৰে বিভিন্ন প্ৰতিষ্ঠানৰ সৈতে বুজাবুজিত উপনীত হৈছো । এইবোৰৰ জৰিয়তে আমাৰ উদ্যমীসকলক এই প্ৰতিষ্ঠানবোৰৰ বিশেষজ্ঞ আৰু নেটৱৰ্কৰ সুবিধা দিব পৰা যাব । আমাৰ একাংশ উদ্যমীয়ে ভাল কাম কৰি আছে আৰু আন আন ৰাজ্যতো ভাল ব্যৱসায় কৰি আছে । তেওঁলোক আমাৰ অন্যান্যসকলৰ বাবে ভাল উদাহৰণ হ'ব পাৰে । 

য়'ৰ ষ্ট'ৰী অসমীয়াঃ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰৰ ঠাইত সফলতাৰে হৈ থকা কিছুমান ব্যৱসায় আমাৰ ইয়াত অনুকৰণ কৰাটো কিমানদূৰ সমীচীন বুলি ভাবে । লগতে এই অঞ্চলটোৰ উদ্যমীয়ে মূলতঃ মনোযোগ দিব পৰা ক্ষেত্ৰবোৰ আপোনাৰ মতে কি কি হ'ব পাৰে ?

বি পল মুক্তিঃ ব্যৱসায়ৰ ক্ষেত্ৰত অনুকৰণ এটা গোলকীয় সত্য । এটা ব্যৱসায় সফল হোৱা দেখিলে সেই ব্যৱসায়টোত বহু লোক জপিয়াই পৰে । আমি এই ফৰ্মূলাটো নচলিব বুলি সাধাৰণীকৰণ কৰিব নোৱাৰোঁ । ই চলিবও পাৰে নচলিবও পাৰে । তথাপি মই ভাবোঁ যে আমাৰ অঞ্চলটোৰ বিশেষত্ব আৰু সম্ভাৱনীয়তাৰ প্ৰতি লক্ষ্য ৰখাটো ভাল । আমাৰ অঞ্চলটো প্ৰাকৃতিক সম্পদ, পৰ্যটন আদি ক্ষেত্ৰত চহকী । আমি ইয়াত পৰিবেশ পৰ্যটন, ধৰ্মীয় পৰ্যটন, দুঃসাহসিক পৰ্যটন আদি বিভিন্ন ধৰণৰ পৰ্যটনেৰেই বহু ব্যৱসায় কৰিব পাৰোঁ । পৰ্যটনৰ লগে লগে আমি হোটেল ৰেস্তোৰাঁ আদি হস্পিটেলিটি ক্ষেত্ৰখন আৰু স্বাস্থ্য সেৱা আদি বিভিন্ন সম্ভাৱনীয়তাৰ ওপৰতো গুৰুত্ব দিব পাৰোঁ । আমাৰ ইয়াত কিছু পৰিমানে উপেক্ষিত এটা খণ্ড হৈছে অনলাইন ব্যৱসায়ৰ ক্ষেত্ৰখন । ইয়াৰ জৰিয়তে আমি আমাৰ সামগ্ৰী-সমূহ কেনেকৈ দেশ বিদেশৰ বিভিন্ন অঞ্চললৈ পঠাব পাৰোঁ সেই কথাটোও আমি চাব লাগিব । কৃষিভিত্তিক উৎপাদৰ ক্ষেত্ৰখনো আমাৰ বাবে এক গুৰুত্বপূৰ্ণ ক্ষেত্ৰ । পিছে তাৰ অৰ্থ এইটো নহয় যে আমি আন কোনো ক্ষেত্ৰত চকু নিদিম । এগ্ৰেগেচনৰ দৰে ক্ষেত্ৰবোৰ ইয়াত অনুকৰণ কৰিলেও সি ভাল কাম কৰিব । আমাৰ চকু সদায় খোলা থকা দৰকাৰ । 

য়'ৰ ষ্ট'ৰী অসমীয়াঃ নৰ্থ ইষ্ট ভেঞ্চাৰ ফাণ্ডৰ কথালৈ আহোঁ । এই পুঁজিৰ অগ্ৰগতি কেনেধৰণ ? 

বি পল মুক্তিঃ আমি এই পুঁজি আৰম্ভ কৰিছোহে মাত্ৰ । আমি ইতিমধ্যে ছেবিৰ পঞ্জীয়ন লাভ কৰিছো । জুলাই মাহৰ পৰা আমি ইতিমধ্যে দেশৰ আটাইতকৈ পুৰণি ভেঞ্চাৰ কেপিটেল ফাণ্ড গুজৰাট ভেঞ্চাৰ কেপিটেলৰ সৈতে সহযোগিতাৰ কৰিছো । ইয়ে এই অঞ্চলটোৰ উদ্যমী সকলৰ এটা ডাঙৰ অভাৱ দূৰ কৰাত বহু পৰিমাণে সহায়ক হ'ব । ইতিমধ্যে আমি কেইবাটাও আঁচনি লাভ কৰিছো যদিও কোনো ধৰণৰ সিদ্ধান্ত এতিয়াও লোৱা হোৱা নাই । আমি এইবোৰৰ লাভালাভৰ সম্ভাৱনা আৰু প্ৰসাৰৰ সম্ভাৱনা চাই সিদ্ধান্ত ল'ম ।

য়'ৰ ষ্ট'ৰী অসমীয়াঃ বহু সময়ত দেখা যায় যে আমাৰ অঞ্চলটোত বহু উদ্যমীয়ে পুঁজিৰ বাবে বিনিয়োগকাৰীক যোগাযোগ কৰিবলৈ বিচাৰে যদিও নিজৰ ব্যৱসায় প্ৰস্তাৱটো বিনিয়োগকাৰীৰ মনঃপুত হোৱাকৈ প্ৰস্তুত কৰিব নাজানে অথবা বিনিয়োগকাৰীয়ে এটা প্ৰস্তাব কেনেকৈ চালি-জাৰি চায় সেই কথা নাজানে । উঠি অহা উদ্যমী সকলে শিকিবলগীয়া কথাবোৰৰ সম্পৰ্কে সজাগতাৰ অভাৱ আপোনাৰ মানত কিমান ডাঙৰ এটা সমস্যা ?

বি পল মুক্তিঃ এটা উদাহৰণ দিও । উত্তৰ পূৰ্বাঞ্চলত চাৰ্টাৰ্ড একাউন্টেন্টৰ সংখ্যা যথেষ্ট কম । কেইখনমান ৰাজ্যততো কোনো চাৰ্টাৰ্ড একাউন্টেন্ট নায়েই । অৰ্থাৎ ইয়াৰ পৰা বুজা যায় যে আমাৰ ইয়াত ব্যৱসায় বাণিজ্যৰ পৰিবেশ কেনে ধৰণৰ । আমাৰ এই অঞ্চলটোৰ মানুহৰ কাৰণে ব্যৱসায় এটা বিৰল বস্তু । দ্বিতীয়তে আমাৰ ইয়াত এজন উদ্যমীয়ে পৰিয়াল-পৰিজন বা বন্ধু বান্ধৱৰ পৰা যথোপযুক্ত উদগণি নাপায় । উদ্যমিতাৰ বাবে ইও এক গুৰুত্বপূৰ্ণ কথা । আমাৰ সমাজত এতিয়াও চৰকাৰী চাকৰিয়েই মানুহৰ প্ৰথম পচণ্ডৰ । এনে ক্ষেত্ৰত এজন উদ্যমীয়ে নিজৰ পৰিয়ালৰ লগতে প্ৰথম যুঁজখন দিবলগীয়া হয় । অৱশ্যে লাহে লাহে এই ছৱিখন কিছু সলনি হৈছে । আনহাতে এই অঞ্চলটোৰ যুৱক-যুৱতীসকলৰ বেছিভাগেই এটা কথাক লৈ সজাগ নহয় যে এজন উদ্যমীয়ে নিজেই নিজৰ প্ৰয়োজনীয় তথ্যখিনি অথবা সা-সুবিধাখিনি উলিয়াই লব লাগিব । তেওঁক সেই সকলোবোৰ হাততে যোগান দিবলৈ কোনো নাই । তেওঁ নিজে নিজৰ পৰামৰ্শদাতা, বিনিয়োগকাৰী, বিভিন্ন আঁচনিৰ তথ্য আদি বিচাৰি ল'ব লাগিব । নিজেই আগবাঢ়ি হৈ বেংকাৰসকলক লগ ধৰিব লাগিব । লগতে ধৈৰ্যও লাগিব । আজিৰ দিনত এই কামবোৰ কৰাটো যথেষ্ট সহজ । বিশেষকৈ ইন্টাৰনেটে এই কাম সহজ কৰি তুলিছে । উদাহৰণ স্বৰূপে নেডফিৰ আঁচনিবোৰেই ইন্টাৰনেটত পোৱা যায় । এইবোৰ কোনোবাই তেওঁলোকক কৈ দিব বুলি ভাবি বহি থাকিলে নহ'ব । মই ভাবোঁ যে প্ৰথম কথা, উদ্যমীসকলক সহায় কৰিবলৈ এটা ছাপৰ্ট ছিষ্টেমৰ প্ৰয়োজন, দ্বিতীয়তে প্ৰশ্ন কৰিবলৈ আৰু মানুহক লগ কৰিবলৈ এজন উদ্যমীয়ে লাজ কৰিব নালাগিব আৰু তৃতীয়তে ৰিস্ক অৰ্থাৎ সাহসী সিদ্ধান্ত লোৱাৰ ক্ষমতা থাকিব লাগিব । 

য়'ৰ ষ্ট'ৰী অসমীয়াঃ অহা পাঁচ বছৰত অসম তথা উত্তৰ পূবৰ উদ্যমিতাৰ ক্ষেত্ৰখনৰ সম্ভাৱনীয়তা সম্পৰ্কে আপুনি কি ভাবে ?

বি পল মুক্তিঃ ভৱিষ্যৎ মোৰ মতে উজ্বল । ইতিমধ্যে এই ক্ষেত্ৰত বহু পৰিৱৰ্তন আহিছে । আন্তঃগাঁঠনিলৈ চাওক । বাট-পথৰ উন্নতি হোৱাৰ লগতে বহু ঠাইলৈ ৰেলৱেৰ সম্পসাৰণ হৈছে । লাহে লাহে ইন্টাৰনেট সেৱাৰো সম্প্ৰসাৰণ তথা উন্নতি ঘটিছে । সামাজিক আন্তঃগাঁঠনিৰো উন্নতি হৈছে । উচ্চ শিক্ষা প্ৰতিস্থান আৰু চিকিৎসালয়ৰ সংখ্যা বহুগুণে বাঢ়িছে । এই সকলোবোৰে উদ্যমিতাৰ পৰিবেশ নিশ্বয় উন্নত কৰিব । আমাৰ তথ্য প্ৰযু্ক্তি নীতি, বাঢ়ি অহা বজাৰ এইবোৰে যথেষ্ট যোগাত্মক বাৰ্তা বহন কৰিছে । চৰকাৰেও উদ্যমিতাক সহায় কৰা ব্যৱস্থাৰ ওপৰত গুকুত্ব দিয়া দেখা গৈছে । এতিয়া এই অঞ্চলটোৰ আইন শৃংখলা ব্যৱস্থাও উন্নত । এতিয়া আমি ইটো পক্ষই সিটো পক্ষক দোষাৰোপ কৰি থকাৰ সলনি একেলগে কাম কৰিব লাগিব । তেনেহলে আমাৰ ভৱিষ্যৎ উজ্বল । 

( নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক বি পল মুক্তি আভিযান্ত্ৰিক স্নাতক আৰু আই আই এম আহমেদাবাদৰ পৰা বাণিজ্য প্ৰৱন্ধন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী । উন্নয়নমূলক বেংকিঙৰ ক্ষেত্ৰত ২৮ বছৰতকৈও অধিক কালৰ অভইজ্ঞতা থকা মুক্তিয়ে নেডফিৰ পূৰ্বে আই ডি বি আই বেংকৰ মূখ্য প্ৰৱন্ধক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । এই কালছোৱাত তেওঁ ২০০১ চনৰপৰা ২০০৮ চনলৈ উত্তৰ পূৰ্বঞ্চলত সেৱা আগবঢ়োৱাৰ লগতে ২০০৬-২০০৮ চনৰ সময়ছোৱা নেডফিৰ ব'ৰ্ডত অন্তৰ্ভূক্ত আছিল । ২০১০ চনৰ পৰা নেডফিৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক হিচাপে সেৱা আগবঢ়াই আহিছে মুক্তিয়ে । )

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

অন্যান্য কেতবোৰ কাহিনী 

সুৰক্ষিত জীৱনক বেছি গুৰুত্ব দিয়াজন ভাল উদ্যমী হ'ব নোৱাৰে: মাৰ্ক লাইটফ্লাং ষ্ট'ন

ব্যাৱসায়িক পৰিকল্পনা ভাল হলে পুঁজি আহিবই: ৰৱি ৰঞ্জন, নাছকম ১০,০০০ ষ্টাৰ্টআপছ

ভাৰতৰ 'ব্ৰা কুইন' অৰ্পিতা গণেশে চলাইছে মানসিকতা সলনিৰ অভিযান

বিদেশী ভাষা শিকাটো কেৰিয়াৰৰ বাবে কিয় লাভজনক