নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

নগা যুৱতী লুলু ফাইগাই বেলজিয়াম তোলপাৰ লগাইছে নগা ব্যঞ্জনেৰে

Saturday November 26, 2016,

1 min Read

বেলজিয়ামত পাৰম্পৰিক নগা খাদ্যৰ ব্যৱসায়েৰে তোলপাৰ লগাইছে এগৰাকী নগা যুৱতীয়ে । মণিপুৰৰ নগা যুৱতী লুলু ফাইগাৰ লুলুজ ট্ৰাইবেল কিটচেন নামৰ ফুড ট্ৰাকখনে বেলজিয়ামৰ গেংক চহৰত সংবাদ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে । নগা পাৰম্পৰিক খাদ্যৰ জুতিৰে বেলজিয়ামবাসীৰ মাজত জনপ্ৰিয়তা লাভ কৰিছে লুলুৱে ।

Image: Facebook

Image: Facebook


লুলুৰ এই খাদ্য সম্ভাৰ অকল ভাৰতীয়সকলৰ মাজতে নহয় বেলজিয়ামৰ আন লোকসকলৰ মাজতো জনপ্ৰিয় । লুলুজ ট্ৰাইবেল কিটচেনৰ ফেচবুক পেজৰ ৰেটিং ৫ৰ ভিতৰত ৪.৮ । ইতিমধ্যে বিশ্বজুৰি বাটাৰ চিকেনৰ দৰে ভাৰতীয় খাদ্যই জনপ্ৰিয়তা লভাৰ সময়তে লুলুৰ প্ৰচেষ্টাত নগা সম্প্ৰদায়ৰ খাদ্য সম্ভাৰেও খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে । লুলু আৰু তেওঁৰ স্বামী বব ষ্টালে একেলগে চলোৱা ফুড ট্ৰাকখন সেই অঞ্চলটোৰ মূখ্য আকৰ্ষণত পৰিণত হৈছে । 

লুলুৱে নিয়মিতভাৱে ভাৰতলৈ আহি নতুন নতুন নগা ৰন্ধন প্ৰকৰণ শিকি যায়হি । বেলজিয়ামত তেওঁলোকে ঘৰে ঘৰে ৰন্ধনৰ সুবিধাও প্ৰদান কৰে । লগতে ডাঙৰ ডাঙৰ অনুস্থানৰ বাবে ৰন্ধাৰ কামো হাতত লয় তেওঁলোকে ।

এনেকুৱা আৰু কাহিনীৰ বাবে আমাৰ ফেচবুক পেজ লাইক কৰক

আপুনি ভাল পাব পৰা অন্যান্য কাহিনী

আমাজন কতৃপক্ষই কৰ্মচাৰীৰ বাবে পাতিছে এখন অৰণ্য

পৰিস্থিতিৰ বিৰুদ্ধে গৈ ব্যৱসায় স্থাপন কৰা এগৰাকী কাশ্মীৰী যুৱতী

এসময়ত শাক পাছলি বিক্ৰী কৰা নিতিন গডছেই ২৫ কোটি টকীয়া কোম্পানী স্থাপন কৰাৰ কাহিনী

পেলনীয়া প্লাষ্টিকেৰে ঘৰ বনায় এইজন সামাজিক উদ্যমীয়ে